সম্পাদকীয় - ত্ৰিপুৰীসকলৰ কৰুণ কাহিনী

প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মন ত্ৰিপুৰাৰ মাণিক্য বংশৰ ৰাজপ্ৰসাদৰ বৰ্তমানৰ উত্তৰাধিকাৰী। ত্ৰিপুৰাত মাণিক্য বংশৰ ৰাজত্বৰ ইতিহাস প্ৰায় আঠশ বছৰৰ। ১৯৪৯ চনত ভাৰতবৰ্ষত চামিল হোৱালৈকে ত্ৰিপুৰাত মাণিক্য বংশৰে শাসন চলি আছিল। বৰ্তমান সেই ৰাজতন্ত্ৰ নাই যদিও খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ মাজত এই ৰাজবংশৰ পৰম্পৰা এতিয়াও অব্যাহত আছে। মাণিক্য বংশৰ বৰ্তমানৰ ৰজা প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মন সমগ্র দেশতে ২০১৯ চনৰ পৰা চৰ্চাত আছে।

ত্ৰিপুৰাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰিবলৈ তেওঁ দাবী উত্থাপন কৰে। সেই সময়ত তেওঁ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। নিজৰ দাবীৰ সমৰ্থনত তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনায়। ইয়াতে তেওঁৰ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ সতে সংঘাত হয়। লগে লগে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰে। ইয়াৰ পিছত 'কা' আন্দোলনৰ সময়ত তেওঁ 'কা'ৰ বিৰোধিতাৰে সমগ্র ত্ৰিপুৰাক নেতৃত্ব দিয়ে। খিলঞ্জীয়া ত্ৰিপুৰীসকলক অতি কম সময়ৰ ভিতৰতে একত্ৰিত কৰিবলৈ তেওঁ সক্ষম হয়। এই বছৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত তেওঁৰ নৱগঠিত দলে বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হয়।

সংসদত 'কা' গৃহীত হোৱাৰ লগে লগে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্যত তীব্র প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল তাৰ ভিতৰত ত্ৰিপুৰা আছিল অন্যতম। বাংলাদেশী অনুপ্ৰৱেশৰ বাবেই ত্ৰিপুৰাৰ খিলঞ্জীয়া ত্ৰিপুৰীসকল নিজৰ ৰাজ্যতে সংখ্যালঘুত পৰিণত হ'ল। মানৱীয়তাৰ খাতিৰত শৰণাৰ্থী হিচাপে থাকিবলৈ দিয়া বাংলাদেশীসকলে ত্ৰিপুৰীসকলৰ সৰলতাৰ সুযোগ লৈ তেওঁলোকক চৰম বিশ্বাসঘাটকতা কৰিলে। ত্ৰিপুৰীসকলে ইয়াক কেতিয়াও পাহৰিব নোৱাৰে। 'কা' বাতিল নকৰিলে ইয়াৰ বিৰুদ্ধে তেওঁলোকৰ বুকুত জ্বলা জুইকুৰা কোনেও প্ৰশমিত কৰিব নোৱাৰে।

১৯৮১ চনৰ ৭ নৱেম্বৰত প্ৰকাশিত অঘোৰ দেৱ বৰ্মনৰ ' ত্ৰিপুৰাৰ ডাঙ্গা' নামৰ কিতাপখনত ত্ৰিপুৰীসকলৰ প্ৰতি কৰা প্ৰতিটো অন্যায়, অবিচাৰ উদঙাই দিয়া হয়। ৰাষ্ট্ৰীয় ইংৰাজী দৈনিক 'দি হিন্দু' কাকতে এই কিতাপখনৰ কথা বিস্তৃত ৰূপত প্ৰকাশ কৰে।এগৰাকী জ্যেষ্ঠ অধিবক্তাৰ অনুসন্ধানৰ জৰিয়তে কিতাপখনৰ সত্যতা নিৰূপণ কৰা হয়। গাৰ নোম শিয়ঁৰি উঠা এই কিতাপখনৰ পৃষ্ঠাই পৃষ্ঠাই লিপিবদ্ধ আছে ত্ৰিপুৰীসকলৰ প্ৰতি কৰা অন্যায়, অবিচাৰৰ কৰুণ কাহিনী।

১৯৩১ চনত সেই সময়ৰ মহাৰজা বীৰ বিক্ৰম মাণিক্যই ২১৭০ বৰ্গ মাইল ভূমি ত্ৰিপুৰীসকলৰ বাবে সংৰক্ষিত ঘোষণা কৰে। তেওঁৰ মৃত্যুৰ কেইবছৰমান পিছত ১৯৪৮ চনৰ ১৪ আগষ্টত তৎকালীন মহাৰাণী কাঞ্চন প্ৰভা দেৱীয়ে পূব পাকিস্তানৰ শৰণাৰ্থীসকলৰ বাবে ইয়াৰে ৩০০ বৰ্গ মাইল ভূমি অসংৰক্ষিত ঘোষণা কৰে। তেতিয়া এ পি ছেটাৰ্জী নামৰ এগৰাকী বাঙালী লোক মুখ্য প্ৰশাসকৰ দায়িত্বত আছিল। তেওঁ চতুৰতাৰে ৩০০ বৰ্গমাইলতকৈ অনেক অধিক ভূমি অসংৰক্ষিত কৰি পেলাই। ইয়াৰ বিৰুদ্ধে শ্ৰীঅঘোৰ দেৱ বৰ্মনৰ নেতৃত্বত তীব্র প্ৰতিবাদ আৰম্ভ হয়। শ্ৰীছেটাৰ্জীৰ বদলিৰ দাবী জনোৱা হয়। ত্ৰিপুৰা ৰাজ্য গণ মুক্তি পৰিষদৰ উদ্যোগত প্ৰায় পঞ্চাশ হাজাৰ লোক এই প্ৰতিবাদত সমবেত হৈছিল।

১৯৪৯ চনৰ ১০ অক্ট'বৰত ত্ৰিপুৰা ৰাজ্য ভাৰতবৰ্ষত চামিল হয়। তেতিয়া ত্ৰিপুৰাত মুখ্য আয়ুক্তৰ শাসন আৰম্ভ হয়। ইয়াৰ লগে লগে অনা-ত্ৰিপুৰীলোকৰ আমোলাতান্ত্ৰিক ব্যৱস্থাৰ ৰাজ্যখনত সূচনা হয়। সমান্তৰালভাৱে বাহিৰৰ পৰা ৰাজ্যখনলৈ অহা বাঙালী লোকসকলে কংগ্ৰেছ দলৰ জৰিয়তে ত্ৰিপুৰীসকলক সংখ্যালঘুত পৰিণত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে। এই ক্ষেত্ৰত তৎকালীন জিলা মেজিষ্ট্ৰেট ৰঞ্জিত ঘোষৰ ভূমিকা আছিল অতি অভিসন্ধিমূলক। কমিউনিষ্ট মুক্ত কৰাৰ নামত তেওঁ ত্ৰিপুৰীসকলক হত্যাৰ ষড়যন্ত্ৰ কৰে। ত্ৰিপুৰীসকলৰ ওপৰত বিভিন্ন মিছা অভিযোগ জাপি দিয়া হয়। বাঙালীসকলক ত্ৰিপুৰীসকলে শাৰীৰিক উৎপীড়ন চলোৱাৰ মিছা অভিযোগ আছিল ইয়াৰ ভিতৰত অন্যতম। এনে কল্পিত শাৰীৰিক উৎপীড়ন বন্ধ কৰাৰ নামত ত্ৰিপুৰীসকলৰ ওপৰত অত্যাচাৰ আৰু লুটপাত চলাবলৈ পুলিচক পূৰ্ণ ক্ষমতা প্ৰদান কৰা হয়। ইয়াৰ পৰা ৰক্ষা পাবলৈ ত্ৰিপুৰীসকলে পুলিচক যথেষ্ট ধন দিবলগীয়া হৈছিল।

এজন সামান্য অভিযুক্ত খালাচ পাবলৈ বুজন পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হৈছিল। যাৰ পৰিণতিত ত্ৰিপুৰীসকলে নিজৰ মাটি-ভেটি, সা-সম্পত্তি, পশুধন সকলো বিক্ৰী কৰিবলগীয়া হৈছিল। এনে অৱস্থাত অতি কম মূল্যতে নিজৰ ভূমিসমূহ ত্ৰিপুৰীসকলে বিদেশী বাঙালীসকলক বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। ত্ৰিপুৰীসকলক আর্থিকভাৱে কোঙা কৰাৰ ই আছিল এক পৰিকল্পিত প্ৰশাসনিক চক্ৰান্ত।

ত্ৰিপুৰীসকলৰ প্ৰত্যেকৰে যথেষ্ট পৰিমাণৰ নিজস্ব ভূমি আছিল। যি ভূমি তেওঁলোকৰ বাবে সংৰক্ষিত আছিল। শৰণাৰ্থী সংস্থাপনৰ নামত এই ভূমিসমূহ সংৰক্ষিত তালিকাৰ পৰা আঁতৰাই দিয়া হ'ল। পূব-পাকিস্তানৰ শৰণাৰ্থীসকলক তাতেই সংস্থাপিত কৰা হয়।

ত্ৰিপুৰাৰ প্ৰশাসন যন্ত্ৰ শৰণাৰ্থীসকলৰ পক্ষত আছিল। সমগ্র প্ৰশাসন যন্ত্ৰটোত শৰণাৰ্থীসকলৰ আত্মীয় লোকৰে ভৰি আছিল। বাঙালী সকলে ত্ৰিপুৰীসকলৰ মাটি-বাৰী জোৰকৈ কাঢ়ি ল'লেও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিছিল। ত্ৰিপুৰীসকলে ইয়াৰ প্ৰতিবাদ কৰিলেই পুলিচৰ সহযোগত কংগ্ৰেছ দলৰ হৈ বাঙালীসকলে তেওঁলোকক আক্ৰমণ কৰিছিল। কুৱাই ডিভিজনৰ কৃষ্ণনূপুৰ, ঘিলাতলী, শান্তিনগৰ, আক্ৰবাৰী, লক্ষ্মীনাৰায়ণপুৰ আদি এসময়ৰ ত্ৰিপুৰী অধ্যুষিত অঞ্চলসমূহ ইয়াৰ জ্বলন্ত উদাহৰণ।

ত্ৰিপুৰীসকলক সকলোফালৰ পৰা নিঃশেষ কৰা ষড়যন্ত্ৰত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শশীন্দ্ৰ লাল সিংহইও এক প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ দিনতে ত্ৰিপুৰীসকলক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি মাহৰ পিছত মাহ জেলত ভৰাই থৈ তীব্র অত্যাচাৰ কৰা হৈছিল। এনে অত্যাচাৰৰ পৰা মহিলাসকলেও ৰেহাই পোৱা নাছিল। বহুদিনৰ অন্তত ত্ৰিপুৰীসকলে জেলৰ পৰা ওলাই নিজৰ ঘৰলৈ গৈ দেখে তাত তেওঁলোকৰ ঘৰ নাই। আন বাঙালী লোকে ঘৰ সাজি বহি আছে। এনে পৰিস্থিতিত নিজৰ পৰিয়ালক বিচাৰি উলিয়াই দুৰ্গম পাহাৰীয়া অঞ্চলত তেওঁলোক নতুনকৈ থাকিবলৈ লয়। পেট প্ৰবৰ্তাবলৈ পৰম্পৰাগত জুম খেতিৰ জৰিয়তে জীৱন সংগ্ৰাম আৰম্ভ কৰে। যেতিয়া এটা জাতিক নিঃশেষ কৰাটোৱেই মূল উদ্দেশ্য হয় তেতিয়া সকলো সিদ্ধান্ত সেই লক্ষ্য সমুখত ৰাখিয়ে লোৱা হয়। কোনো ধৰণৰ বিকল্প ব্যৱস্থা নকৰাকৈ হঠাৎ কঠোৰভাবে জুম খেতি নিষিদ্ধ ঘোষণা কৰা হয়। ফলত খাদ্যৰ অভাৱত দুৰ্ভিক্ষত পৰি বহু ত্ৰিপুৰীৰ মৃত্যু হয়।

এই একেজন মুখ্য মন্ত্ৰীৰ দিনতে ত্ৰিপুৰীসকলৰ ককবৰক ভাষাক ঠাট্টা-মস্কৰা কৰাটো মুখ্য মন্ত্ৰীকে ধৰি বাঙালীসকলৰ অভ্যাসত পৰিণত হ'ল। শিক্ষকৰ পৰা ৰিক্সাচালকলৈ সকলো বাঙালীয়ে ত্ৰিপুৰীসকলক ঠাট্টা, তিৰস্কাৰ কৰা হ'ল।

ভাৰতৰ আন প্ৰদেশৰ পৰা অহা অনা-বাঙালী বিষয়াই ত্ৰিপুৰীসকলৰ প্ৰতি কৰা অন্যায় বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলেই বাঙালী সকলে তেনে বিষয়াৰ বদলিৰ দাবীত আন্দোলন আৰম্ভ কৰে।

'ত্ৰিপুৰা ডাঙ্গা' কিতাপখনৰ পাতে পাতে ১৯৪৯ চনৰ পৰা ১৯৮১ চনলৈ ত্ৰিপুৰী সকলক তিলতিলকৈ মৰাৰ কৰুণ কাহিনী ভৰি আছে।

প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মনৰ নেতৃত্বত নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজত পুনৰবাৰ ত্ৰিপুৰীসকলে কঁকালত টঙালি বান্ধিছে। ত্ৰিপুৰী সকলৰ ন্যায্য প্ৰাপ্তিৰ এই যুঁজলৈ আমাৰ সমৰ্থন আছে।

Image Description