সম্পাদকীয় - অৱসৰী শক্তি

শেহতীয়া সমীক্ষা অনুসৰি একোজন ব্যক্তিৰ কামৰ উৎপাদিকা শক্তি ৬০ বছৰৰ পৰা ৭০ বছৰৰ ভিতৰত আটাইতকৈ বেছি হয়৷ তাৰ পিছতে স্থান পাইছে ৭১ পৰা ৮০ বছৰ বয়সৰ ব্যক্তিসকলে৷

আমাৰ দেশত বেছিভাগ চৰকাৰী চাকৰিয়াল ৬০ বছৰত অৱসৰী হয়৷ এইটোও সত্য যে অৱসৰ লোৱাৰ পিছত বেছিভাগেই সঁচা অৰ্থতে ‘অৱসৰী’ হয়৷ বিশেষ কোনো কামত আত্মনিয়োগ নকৰি সময় কটায়৷

অথচ অৱসৰী ব্যক্তিৰ সংখ্যা আমাৰ অসম ৰাজ্যতে যথেষ্ট৷ এইটো সহজে ক’ব পাৰি যে এক বৃহৎ উৎপাদিকা শক্তিৰ সঠিক ব্যৱহাৰ আমাৰ ৰাজ্যত হোৱাগৈ নাই৷ চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে পেঞ্চন পায়৷ সেই পইচাৰেই পৰিয়ালটোক চলাই নিবলৈ ইচ্ছা কৰে৷ লগতে এইটো বয়সত ঘৰৰ দুই-এজন সন্তানে উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ আৰু সামগ্ৰিকভাৱে পৰিয়ালবোৰ চলি থাকে৷

অৱসৰী ব্যক্তিসকলে বিশেষ একো কামত মনোনিৱেশ নকৰাকৈ থকাটো মানৱ শক্তিৰ অপচয় হৈছে৷ ইয়াক নেতিবাচক দিশত বিবেচনা নকৰিলে ৰাজ্যখনৰ উপকাৰ হ’ব৷ ৬০ বছৰ বয়সলৈকে ব্যক্তিসকলৰ যথেষ্ট অভিজ্ঞতা সঞ্চিত হয়৷ সেই অভিজ্ঞতাৰে সমাজৰ বহু লাগতিয়াল কামত নিজকে জড়িত কৰিব পাৰে৷

অৱসৰী ব্যক্তিসকলে স্বাস্থানুপাতে নিজৰ নিজৰ অঞ্চলত সামাজিক কাম-কাজত জড়িত হ’লে অঞ্চলটোৰ প্ৰভূত উপকাৰ হ’ব৷ এইটোও সঁচা যে ইতিমধ্যে বহুতে এনে ধৰণৰ ভূমিকা পালন কৰে৷ কিন্তু আমি ভাবো এই সংখ্যা যথোপযুক্ত নহয়৷

আমাৰ ৰাজ্যত মানৱ সম্পদৰ অভাৱ৷ অৱসৰী ব্যক্তিৰ উৎপাদিকা শক্তি মানৱ সম্পদ হিচাবে নিশ্চয় গণ্য কৰিব পাৰি৷ ৬০ বছৰৰ পিছতো খেতিয়কে পথাৰত কাম কৰে৷ গৃহিণীয়ে ঘৰৰ সকলো কাম নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰে৷ আনকথাত চৰকাৰৰ চাকৰি নকৰা, ব্যৱসায় চলোৱা, দিন হাজিৰা কৰা আদিৰ দৰে পেঞ্চন নোপোৱা ব্যক্তিসকলৰ মনত অৱসৰ লোৱাৰ চিন্তাটো কেতিয়াও নাহে আৰু সেইবাবেই উৎপাদিকা শক্তি অক্ষুণ্ণ থাকে৷

বৰঞ্চ শেহতীয়া সমীক্ষাই কোৱামতে এইটো বয়সত উৎপাদিকা শক্তি বাঢ়েহে৷

পেঞ্চন পোৱা অৱসৰী ব্যক্তিসকলে নিজৰ ৰুচি আৰু সাধ্যানুসৰি ৰাজনৈতিক ক্ষেত্ৰখনকে ধৰি সামাজিক কামত আত্মনিয়োগ কৰিলে নতুন চামটোৰ বাবেও এটা উদাহৰণ হৈ ৰ’ব৷

লগতে ৰাজ্যখনৰ অৰ্থনৈতিক ব্যৱস্থাপনাত অৱসৰী শক্তিৰ ভূমিকা আৰু অৰিহণা লাহে লাহে অনুভূত হ’ব৷৷

বসন্ত ডেকা

Image Description