সম্পাদকীয় - আহিনৰ ৰং

কবি নৱকান্ত বৰুৱা ৰচিত এটি অমৰ সৃষ্টি গীত 'আহিনক কোনে আনে।' গীতটিত কবি গৰাকীয়ে লিখিছে–"আহিনক কোনে আনে/ নিয়ৰে জনালে শেৱালিয়ে/ আৰু শেৱালিয়ে ক'লে নিয়ৰে আনে/ দুবৰীয়ে ক'লে কোমল হাঁহিৰে/ দুয়োজনে, দুয়োজনে।" সঁচাকৈ নিয়ৰ, শেৱালি কোনোটোকেই বাদ দি আহিন সম্পূৰ্ণ নহয়।

বৰ্ষাৰ শেষত ভাদ মাহত শৰৎ ঋতু আৰম্ভ হয় যদিও আহিনতহে ইয়াৰ পূৰ্ণতা প্ৰকাশ পায় । আহিনত দেখা পাওঁ এখন নীলা আকাশ তাত চালে চকুৰোৱা ডাঠ শুভ্ৰ চপৰা চপৰ মেঘ। জাক জাক শৰালিৰ ভুৱনভুলুৱা ধেমালি। কেওফালে ফুলে কঁহুৱা। স্নিগ্ধ জোনাকৰ ৰিব ৰিব বতাহ জাকত কঁহুৱাডৰা মূৰ্ত হয় সৰগীয় পৰীৰ ৰূপত। অলেখ চিনাকি সুৰ শেৱালিৰ সুবাসত মনৰ মাজত নীৰৱে বাজি উঠে । মুহূৰ্ততে মন ব্যাকুল হয় অতীতৰ এৰি অহা সোণোৱালী দিনবোৰলৈ পুনৰবাৰ উভতি যাবলৈ।

মনৰ মণিকোঠাত সযতনে সাঁচিৰখা চেনেহবোৰ দুবৰিত লাগি থকা নিয়ৰৰ মুকুতাবোৰে অতি গোপনে আলফুলে জীপাল কৰে। মনবোৰ হেৰাই যায় নিজৰ–নিজৰ আছুতীয়া জগতত। হৃদয় ভৰি পৰে মধুৰ স্মৃতিৰ অনাবিল আনন্দত। বুকু দহি যায় হেৰুৱাৰ বিষাদত।

এইবাৰো আহিনৰ সতে শৰৎ আহিছে । প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ শোভা এই শৰতেও আনিছে। সোঁৱৰণিৰ কুঁৱলী ফালি দুৰন্ত গতিৰে মনবোৰ ঢাপলি মেলিছে অতীতলৈ। উভতি গৈ মন–প্ৰাণ গভীৰ দোমোজাত পৰিছে। সময় সঁচাকৈয়ে উভতি যাব পৰা হ'লে নতুনবোৰ দেখোঁ নোহোৱা হৈ যাব। আশাবোৰচোন নতুনতহে সমাহিত। মনে উভতিব বিচাৰে নে নতুনৰ সতে প্ৰাণখুলি হাঁহিব বিচাৰে ……!

সোঁৱৰণিৰ তীব্ৰ বুকুভেদা এনে পৰিৱেশৰ দোমোজাত পৰিয়ে হয়তো এদিন সুধাকণ্ঠ ভূপেন হাজৰিকাই লিখিছিল –

'সোঁৱৰণী কুৱঁলীয়ে
চিঞৰি চিঞৰি কয়
অতীতৰ সীমা-ৰেখা নাই
সমুখতো দেখোঁ আজি
পুৰণি বাগৰি পৰে
নতুনে মাথোঁ ৰিঙিয়ায়।

জীৱনৰ বাটটিত
এৰি অহা খোজবোৰ
নিতে মচে কোন ধুমুহাই
মিছায়ে উভতি চাই
পাহৰা গীতটি গাই
দেহা মোৰ ভাগৰিহে যায়।

কিবা যেন বিচাৰি
হেৰুৱালোঁ পৰিচয়
পৰিচিতো আঁতৰিহে যায়
আজিৰ সোঁতত বহি
কালিৰ সপোন দেখি
আশা মোৰ নিতে বাঢ়ি যায়।'

আহিন বছৰি আহিব। সদায় মন-প্ৰাণ চুই যাব। আহিনৰ, শৰতৰ বিশেষত্ব তাতেই। আনন্দ-বিষাদ ভৰা এটি মন আহিনৰ সতে প্ৰতিবছৰে যুক্ত থাকিব। এইয়াই আহিনৰ ৰং। এই ৰং আমাক লাগে। জীৱনক বুজিবলৈ, জীৱনক সজাবলৈ আহিনৰ ৰং আমাক লাগে।।

Image Description