সম্পাদকীয় - ৩০ অক্ট'বৰৰ শ্ৰদ্ধাঞ্জলি

২০০৮ বৰ্ষৰ ৩০ অক্ট'বৰৰ গুৱাহাটী, বৰপেটা, বঙাইগাঁও আৰু কোকৰাঝাৰৰ বিভীষিকাময় একাদিক্ৰমে সংঘটিত বোমা বিস্ফোৰণৰ শনিবাৰে ১৩ বছৰ সম্পূৰ্ণ হ'ল। ২০০৯ বৰ্ষৰ পৰা প্ৰতি বছৰে গুৱাহাটীৰ গণেশগুৰিৰ বিস্ফোৰণস্থলীত ৰাজ্য চৰকাৰে এই দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। এই বছৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। প্ৰতিবাৰৰ দৰে এইবাৰো বিস্ফোৰণত নিহতসকলৰ পৰিয়ালবৰ্গই তেওঁলোকৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা আওকণীয়া মনোভাৱৰ কথা কৈ আক্ষেপ কৰে। এইবাৰো কৰিছে।

এই বিস্ফোৰণত নিহতসকলৰ অধিকাংশই শ্ৰমিক শ্ৰেণীৰ লোক আছিল। সাধাৰণ জীৱিকাৰে নিজৰ নিজৰ পৰিয়াল পোহপাল দিছিল। তেওঁলোকৰ পৰিয়ালবৰ্গই আপোনজনক হেৰুৱাৰ বেদনাৰ উপৰিও পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই গভীৰ সংকটত পৰিছিল। সেই সময়ত চৰকাৰে প্ৰতিটো পৰিয়ালৰ একোজনকৈ লোকক সংস্থাপন দিয়া হ'ব বুলি ঘোষণা কৰিছিল। আজি তেৰ বছৰ পিছতো এই লোকসকলৰ পৰিয়ালবৰ্গই এতিয়াও তেওঁলোকৰ কোনো সংস্থাপনৰ ব্যৱস্থা কৰা নহ'ল বুলি আক্ষেপ কৰিবলগীয়া হোৱাটো অতি লজ্জাজনক।

প্ৰতি বছৰে তেওঁলোক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহে। নিজৰ আপোনজনৰ স্মৃতিত চকুপানী টোকে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সংস্থাপনৰ বিষয়ত আক্ষেপ কৰে। ইফালে চৰকাৰীপক্ষই সদায় দায়সৰা মন্তব্যৰে বিষয়টো এৰাই চলে। চৰকাৰে অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি পলমকৈ হ’লেও এই পৰিয়ালকেইটাক সকাহ দিব লাগে। অন্যথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰ কোনো অৰ্থ নাথাকে।

এগৰাকী স্বামী হেৰুৱা মহিলাই এইবাৰ গভীৰ দুখেৰে চকুপানী টুকি সাংবাদিকক ক'লে, 'আজিকালিটো চৰকাৰে আমাক এই অনুষ্ঠানলৈ নামাতে, আমি নিজেহে আহোঁ।' এইয়া চৰকাৰী সিদ্ধান্ত নে কোনো দায়িত্বপ্ৰাপ্ত বিষয়াৰ গাফিলতি ইয়াক বিচাৰ কৰা উচিত।

৩০ অক্ট'বৰ ২০০৮ অসমৰ ইতিহাসত এক জঘন্যতম ক'লা দিন হিচাপে সদায় চিহ্নিত হৈ থাকিব। সেইদিনটোৰ কথা মনত পৰিলে আজিও সকলোৰে গা-শিয়ঁৰি উঠে। মুহূৰ্ততে কিমানৰ জীৱন হেৰাই গ'ল। কতজন চিৰকাললৈ ঘুণীয়া হ'ল। কত পিতৃহাৰা হ'ল, কত মাতৃহাৰা হ'ল। কিমানগৰাকী মাতৃৰ বুকু শুদা হ'ল। কিমানৰ কপালৰ সেন্দূৰ মচা গ'ল। তেনে এটি দিনৰ মৃতকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অশ্রদ্ধাজনক কাম হোৱা দেখিলে চৰকাৰৰ আন্তৰিকতাৰ প্ৰতি নিশ্চয় প্ৰশ্ন উত্থাপন হোৱাটো অতি স্বাভাৱিক।

এটা কথা সত্য যে সেই সময়ত শাসনত কংগ্ৰেছ দলৰ চৰকাৰ আছিল। ২০১৬ চনতহে বিজেপি চৰকাৰ অসমত শাসনলৈ আহিছিল। গতিকে ইয়াৰ বাবে সমস্ত দোষ কংগ্ৰেছ চৰকাৰলৈ ঠেলি দি বিজেপি চৰকাৰে নিজকে বচাব পাৰে। নিষ্পত্তি নোহোৱা যি কোনো বিষয়ৰ ক্ষেত্ৰত বিজেপি চৰকাৰে সেই কৌশল তৎপৰতাৰে গ্ৰহণ কৰাটো সকলোৱে দেখি আছে। কিন্তু এই যুক্তি দিওঁতে দিওঁতে বিজেপি দলৰ চৰকাৰে এটা কথা সদায় পাহৰি যায় যে এইটো বিজেপি শাসনৰ প্ৰথম কাৰ্য্যকাল নহয়, দ্বিতীয় কাৰ্য্যকাল। গতিকে দ্বিতীয়টো কাৰ্য্যকালত পূৰ্বৰ চৰকাৰলৈ দায় ঠেলি দিয়াটো কোনোপধ্যেই গ্রহণযোগ্য হ'ব নোৱাৰে।

তাৰোপৰি সেই সময়ত বৰ্তমানৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰো হৰ্তাকৰ্তাবিধাতা আছিল। বোমা বিস্ফোৰণৰ সেই দিনটোত বিজেপি দলৰ নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে এইয়া ইছলামিক জেহাদিৰ ঘৃণনীয় কাৰ্য্য বুলি তালফাল লগোৱা সময়ত বৰ্তমানৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ হৈ ইয়াক দৃঢ়তাৰে খণ্ডন কৰিছিল।

গতিকে সেই একেগৰাকী ব্যক্তিৰে মুখ্যমন্ত্ৰিত্ব কালত সুদীৰ্ঘ তেৰ বছৰীয়া অসমাপ্ত বিষয় এটি নিষ্পত্তি নোহোৱাটো কেৱল লজ্জাজনকেই নহয়, ই ব্যৰ্থতাৰো পৰিচায়ক। চৰকাৰে এই সংস্থাপনৰ বিষয়টি শীঘ্ৰে সমাধান কৰিলেহে ৩০ অক্ট'বৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰ যুক্তি থাকিব।।

Image Description