সম্পাদকীয়
কোনো অপৰাজেয় নহয়

গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল বৰ লক্ষ্যণীয় হৈছে । এটা কথা প্ৰতীয়মান হ'ল যে ভাৰতীয় জনতা পাৰ্টীকো পৰাভূত কৰিব পাৰি।

আমাৰ সংবাদ মাধ্যমসমূহৰ সৰহভাগেই নিৰ্বাচনৰ ফলাফল এনেকৈ বিশ্লেষণ কৰিছে যেন‌ কেউফালে বিজেপিৰ জয়জয়কাৰ, হিমাচল প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰো সুকীয়া কাৰণ বিচাৰি পাইছে । দিল্লীৰ পৰা ৰিং মাৰিলেই পোৱা হিমাচল প্ৰদেশত যে বিজেপি ক্ষমতাচ্যুত হল‌, এই কথাটো যেন ডাঙৰ কথা নহয়েই ।

সহজভাৱে কোৱা হৈছে, ৰাজ্যখনৰ জনসাধাৰণে একেলেথাৰিয়ে দুবাৰ একেটা দলকে চৰকাৰ গঠন কৰিবলৈ নিদিয়ে । নহ'লে যে মোডী-অমিত শ্বাহ আৰু বিজেপিয়ে মনত দুখ পাব ।

প্ৰকৃত সত্য হ'ল, দুখন ৰাজ্যত বিজেপি দল‌ ক্ষমতাত আছিল আৰু তাৰে এখন ৰাজ্য তেওঁলোকে হেৰুৱালে । ফলাফল ৫০:৫০ । এখন ৰাজ্যৰ পৰা বিজেপি বিতাড়িত হ'ল । এইটো কম ডাঙৰ কথা নহয় । আৰু ইয়াৰ লগত যদি বিধান সভা আৰু লোক সভাৰ উপনিৰ্বাচনকেইটাৰ কথা ধৰা হয়, তেনেহ’লে বিজেপিৰ জৰুৰী চিন্তন বৈঠক এখনৰ প্ৰয়োজন হৈ পৰিছে।

গুজৰাটত মোডীয়ে এইবাৰ দিন-ৰাতি একাকাৰ কৰি সৰ্বশক্তি প্ৰ‌য়োগ কৰিছিল, গুজৰাটৰ হাতত গোটেই ভাৰতবৰ্ষ, তেনেস্থলত সেইখন ৰাজ্য হাতৰ পৰা গ'লে দেখোন ভৰিৰ তলৰ মাটি নোহোৱা হ'ব । বিজেপিয়ে যেনেকৈ গুজৰাটত ধন-জন-বল প্ৰয়োগ কৰিছিল, তালৈ চাই বিধান সভাৰ গোটেইখিনি আসন‌ তেওঁলোকে পালেও আচৰিত হ'ব লগা একো নাছিল ।

কিন্তু বিৰোধী ৰাজনীতি বিজেপিৰ সৰ্বগ্ৰাসী আগ্ৰাসনৰ সমুখতো নোহোৱা হৈ নগ'ল, এই কথাটোৰো গুৰুত্ব আছে। আৰু আশ্চৰ্য্যজনকভাৱে তাত এগৰাকী মুছলমান প্ৰাৰ্থীও বিজ‌য়ী হ'ল ।

এই সকলো কথাৰ সূক্ষ্ম বিশ্লেষণৰ এতিয়া প্ৰয়োজন হৈছে। সংকীৰ্ণ হিন্দুত্ববাদী ৰাজনীতি আৰু হিতাধিকাৰীৰ জালখনৰ ক্ৰমবৰ্ধমান প্ৰসাৰণৰ যোগেদি ক্ষমতা সদায় নিজৰ হাতত ৰাখিব পৰা নাযায়, এই সত্য লাহে লাহে প্ৰতিষ্ঠা হ'বলৈ গৈ আছে ।

এটা কথা মনত ৰাখিব লাগিব, গুজৰাটৰ দৰে হিমাচল প্ৰদেশতো বিজেপিয়ে একে সমান জোৰেই দিছিল। আৰু সেইখন ৰাজ্য আছিল দলৰ ৰাষ্ট্ৰীয় সভাপতিৰো ৰাজ্য। অথচ তাত দলটোৱে মুখ থেকেচা খালে । কোনোৱেই অপৰাজেয় নহয় ।

পোন প্ৰথমবাৰৰ বাবে আম আদমি পাৰ্টীৰ ভূমিকা সম্পৰ্কেও নিৰ্বাচনৰ‌ মজিয়াত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে গুজৰাটৰ পৰা। বহুতৰ মনত এই প্ৰশ্ন উঠিছে, আপ আৰু বিজেপিৰ পৰস্পৰ বিৰোধিতা এক কৌশলপৃৰ্ণ অভিনয় নেকি! যিদৰে অসমত আজমলৰ এআইইউডিএফ আৰু বিজেপিৰ মাজৰ অলিখিত সম্পৰ্ক এতিয়া গোপন হৈ থকা নাই, তেনেকুৱাই নেকি আপ আৰু বিজেপিৰ মাজৰ বুজাপৰা!

এখন‌ ৰাজ্যত বিজেপি ধৰাশায়ী হৈছে, এই কথাৰ তাৎপৰ্য্য ২০২৪ আৰু ২০২৬ৰ নিৰ্বাচনত যে নিশ্চিতভাৱে পৰিব, সেই বিষয়ে এতিয়া সন্দেহৰ অৱকাশ নাই।

এইবোৰ কথা আমি ঘৰে ঘৰে গৈ জনসাধাৰণক সহজ ভাষাত ক'ব লাগিব।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description