সম্পাদকীয়
ধৰ্মৰ আশ্ৰয়ত ৰাজনীতি

লোকসভাৰ নিৰ্বাচনলৈ এতিয়াও বেছ কিছুদিন বাকী । ২০২৪ ওচৰ চাপিবলৈ ধৰাৰ লগে লগে পুনৰ এক উগ্ৰ হিন্দুত্ববাদী জনজাগৰণেৰে দেশৰ শাসন ক্ষমতা হস্তগত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ পিতৃ-মাতৃ সংগঠনবোৰে দেশজুৰি অদ্ভুত কিছুমান কাম কৰিবলৈ আৰম্ভ কৰি দিছে।

ইয়াৰ ভিতৰত প্ৰধান কামটো হ’ল ঐতিহাসিক মোগল যুগৰ স্মৃতিসৌধবোৰ আৰু প্ৰখ্যাত মছজিদবোৰ খান্দি মাটিৰ তলত হিন্দু দেৱ-দেৱীৰ মূৰ্তি বিচৰা অভিযান। কিছুমান খান্দিছেই ইতিমধ্যে, আনকি তাজমহলো খান্দিব বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ পুৰাতত্ব আৰু সংশ্লিষ্ট বিভাগবোৰৰ এইক্ষেত্ৰত সহযোগিতা আটাইৰে বাবে সন্দেহজনক।

ইয়াৰ পৰা এই কথা ওলাই পৰিছে যে মছজিদ খনন অভিযান আচলতে বিজেপি চৰকাৰৰে এক আঁচনি। ন্যায়পালিকাৰ হস্তক্ষপতহে এই অভিযান এতিয়া মন্থৰ হ’বলৈ বাধ্য হৈছে।

ইয়াৰ মাজতে আহি পৰিলে বিজেপিৰ মুখপাত্ৰ শ্ৰীমতী নুপুৰ শৰ্মাৰ পয়গম্বৰ হজৰত মহম্মদ সম্পৰ্কে কৰা অতিশয় অসন্মানজনক মন্তব্য। বিজেপিৰ যুৱ সংগঠন ভাৰতীয় যুৱ মৰ্চাৰ এগৰাকী প্ৰধান কৰ্মকৰ্তা নুপুৰ শৰ্মাই জে পি নড্ডা বিজেপিৰ সভাপতি হোৱাৰ পৰাই দলটোৰ এগৰাকী প্ৰধান মুখপাত্ৰ হিচাপে ২০২০ চনৰ ছেপ্তেম্বৰ মাহৰ পৰাই কাম কৰি আহিছে আৰু দলটোৰ 'এখন প্ৰধান মুখ' হিচাপে ৰাষ্ট্ৰীয় মাধ্যমত স্থান পাই আহিছে।

বিজেপিৰ সভাপতি, প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আদিৰ লগত নুপুৰ শৰ্মা যথেষ্ট ঘনিষ্ঠ বুলি আটাইয়ে জানে। এইগৰাকী মুখপাত্ৰই পয়গম্বৰ হজৰত মহম্মদৰ সম্পৰ্কত অতিশয় অপমানজনক মন্তব্য কেৱল নিজৰ পৰাই কৰিছিল নে বিজেপি সৰ্বোচ্চ নেতৃত্বৰ ইংগিততহে কৰিছিল সেয়া এক ভাবিবলগীয়া কথা।

এই অপমানজনক মন্তব্যৰ বিৰুদ্ধে কেৱল আৰৱ দেশসমূহতে নহয় ইউৰোপ, আমেৰিকাতো প্ৰতিবাদ হৈছে। ভাৰতৰ বিৰুদ্ধে অৰ্থনৈতিক আৰু অন্যান্য ব্যৱস্থা গ্ৰহণৰ কথাও উঠিছে। ভাৰতৰ সন্মান হানি হৈছে বিশ্বত।

কিন্তু প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী তথা বিজেপিৰ সভাপতি মনে মনে আছে। বেয়া কথা এটা যে হৈ গ’ল সেয়া স্বীকাৰ কৰিব তেওঁলোকে টান পাইছে। নুপুৰ শৰ্মাৰ ওপৰত দলীয়ভাৱে শাস্তিমূলক ব্যৱস্থা লৈছে যদিও কোনো পতিয়ন যোৱা নাই যে কোনো নিৰ্দেশ অবিহনে নুপুৰ শৰ্মাই ইমান ডাঙৰ মন্তব্য এটা কৰিব।

প্ৰধানসকল মনে মনে আছে কাৰণ ভাৰতীয় জনসাধাৰণ মেৰুবিভক্ত হ’লে তেওঁলোকৰে লাভ । কিজানি নুপুৰ শৰ্মাৰ মন্তব্য ২০২৪ৰ নিৰ্বাচনী ৰণকৌশলৰে এটা অংগ। দেশৰ সন্মান বিশ্বজুৰি ভুলুন্ঠিত হৈছে, তেওঁলোকৰ তালৈ ভ্ৰুক্ষেপ নাই।

ইমানৰ মাজতে আন এটা হাঁহি উঠা কাণ্ড হৈছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বীজনে বিবৃতি দিছে যে উগ্ৰতাবাদীসকলে প্ৰতি মছজিদৰ তলত শিৱলিংগ বিচাৰি ফুৰিব নালাগে। হয়তো মোডীৰ কালিমা হ্ৰাস কৰাৰো ই কৌশল হ’ব পাৰে।

এইখিনি সময়ত জনসাধাৰণ অতিকৈ সতৰ্ক হৈ থকাটো প্ৰয়োজনীয় হৈছে দেশৰ নাগৰিকসকলক ধৰ্মীয় মেৰুকৰণৰ যোগেদি উলম্ব বিভাজন কৰিব পাৰিলে কাৰ লাভ হয় সেইকথা অতিশয় স্পষ্ট। এই কূটকৌশল যাতে আকৌ এবাৰ সফল নহয় তাৰ বাবে আমি আটায়ে সতৰ্ক হ’ব লাগিব।

উদাৰ ধৰ্মীয় চেতনা আটাইকে লাগিব । তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল আমাৰ ভাষিক আৰু সাংস্কৃতিক চিনাকি, আমাৰ জাতীয় পৰিচয় । সকলোৰে সেইবাবে সতৰ্ক হ’বৰ হ’ল । উত্তৰ ভাৰতীয় আগ্ৰাসন দক্ষিণ ভাৰতত বহুখিনি ৰোধ কৰিব পৰা হৈছে জাতিসত্বাবোৰৰ একতা আৰু দৃঢ়তাৰ বাবে । আমি সৰু সৰু জাতিসত্বাবোৰক গ্ৰাস কৰিবলৈ ধৰ্মৰ আশ্ৰয় লৈ এক উগ্ৰ অন্ধ হাৱা বোৱাবলৈ বিচৰা হৈছে। ইয়াক আমি বাধা দিবই লাগিব।।

কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description