সম্পাদকীয়
অসমীয়া মাধ্যমৰ বিদ্যালয়

নতুন শিক্ষানীতিত বিজেপি চৰকাৰে মাতৃভাষাৰ বিকাশৰ ওপৰত গুৰুত্ব দিছে৷ আনকি কাৰিকৰী বিষয়ো মাতৃভাষাৰ মাধ্যমত পঢ়ুৱাবলৈ চিন্তা-চৰ্চা কৰিছে৷

কিন্তু আনহাতে আকৌ ‘এক ৰাষ্ট্ৰ, এক ভাষা’ৰ কূটনীতি আৰম্ভ হৈছে৷ শেহতীয়াকৈ হিন্দী জাপি দিবলৈ চলোৱা ষড়যন্ত্ৰই চৰকাৰে নিজৰ নতুন শিক্ষানীতিকে পদাঘাত কৰিছে৷

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মাধ্যমৰ বিদ্যালয় অহা ১০ বছৰৰ ভিতৰত নোহোৱা হ’ব বুলি এটা অতি টুলুঙা মন্তব্য দিছে৷ ইয়াৰ আঁৰত শাসনাধিস্থ দলটোৰ গভীৰ ষড়যন্ত্ৰ থাকিব পাৰে৷ সংঘ পৰিয়াল আৰু বিজেপিয়ে দেশখনৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰু সৰু জাতিসত্তাক আগৰে পৰা অৱজ্ঞাৰ চকুৰে চাই আহিছে৷

বিজেপিৰ নেতাসকলৰ ল’ৰা-ছোৱালী মাতৃভাষাৰ মাধ্যমত নপঢ়ে৷ ইংৰাজী মাধ্যম তেওঁলোকৰ পছন্দৰ মাধ্যম৷ সেইবাবেই অসমতো ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ যো-জা কৰিছে৷

অসমীয়া মাধ্যমৰ বিদ্যালয়ক হেয় জ্ঞান কৰাৰ ই এক স্পষ্ট পৰিকল্পনা৷ অসমৰ মুখ্য মন্ত্ৰীগৰাকীক এটা সৰু পৰামৰ্শ দিবলৈ বিচাৰোঁ৷ মাতৃভাষাৰ মাধ্যমত নিযুক্তি পোৱা সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ ওপৰত এটা চৰ্ত আৰোপ কৰক৷ সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ সন্তানক নিজৰ স্কুলখনত বা একে মাতৃভাষাৰ আন বিদ্যালয়ত পঢ়ুৱাব লাগিব বুলি চৰ্ত আৰোপ কৰক৷

মুখ্য মন্ত্ৰীগৰাকীক এই ব্যৱস্থাটো কৰিবলৈ আহবানৰ লগতে প্ৰত্যাহবান জনাই থ’লোঁ৷ এই সৰু চৰ্তটোৱেই প্ৰতিখন বিদ্যালয়ৰ পৰিৱেশ উন্নত হোৱাত প্ৰচুৰ সহায় কৰিব৷ আমি এই কথা অভিজ্ঞতাৰ পৰাই দাঙি ধৰিছোঁ

অসম জাতীয় বিদ্যালয়ে শিক্ষাদানৰ এটা সুকীয়া ধাৰা প্ৰচলন কৰিছিল৷ জাতীয় বিদ্যালয়ৰ সকলো শিক্ষকে নিজৰ সন্তানক নিজৰ মাতৃভাষাৰ মাধ্যমত পঢ়ুৱাব লাগিব৷ এই চৰ্তটোৰ বাবেই সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়খন উন্নত কৰিবলৈ চেষ্টা কৰে আৰু সেয়েহে গোটেই অসমতে ব্যাপি থকা জাতীয় বিদ্যালয়বোৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক’তো হ্ৰাস পোৱা নাই৷

সদৌ অসম ছাত্ৰ সন্থায়ো অসম জাতীয় বিদ্যালয়ৰ আৰ্হি অনুসৰণ কৰিবলৈ প্ৰতিবছৰে একোবাৰ কয়। কিন্তু হাতে-কামে চৰকাৰক বাধ্য কৰিবলৈ একো ব্যৱস্থা হাতত নলয়৷ অসমৰ মন্ত্ৰী বিধায়কৰো ল’ৰা-ছোৱালী মাতৃভাষাৰ মাধ্যমত নপঢ়ে৷

ক’ৰবাত ব্যাতিক্ৰম থাকিলে সেইয়া উদাহৰণ নহয়৷ সকলোৱে মাতৃভাষাৰ বিদ্যালয়লৈ নিজৰ সন্তানক পঢ়িবলৈ পঠিয়াব বুলি মন্ত্ৰী বিধায়কসকলে আদৰ্শ দাঙি ধৰক৷ দহ বছৰৰ আগেয়ে ফল দেখা পাব।

বসন্ত ডেকা

Image Description