সম্পাদকীয়
ৰঙালী বিহু অসমীয়াৰ পৰিচয়

বহু আগৰে পৰাই, বৃটিছৰ দিনতো, অসমৰ খিলঞ্জীয়া ভাষা- সংস্কৃতিৰ বিৰুদ্ধে বহু ষড়যন্ত্ৰ ৰচিত হৈছিল আৰু এইবোৰৰ বিৰুদ্ধে অসমবাসীয়ে বহুবাৰ যুঁজ দিবলগীয়া হৈছিল। সম্প্ৰতি বেছিকৈ হৈছে আমাৰ ভাষা-সংস্কৃতিৰ ওপৰত আক্ৰমণ।

দুৰ্ভাগ্যবশতঃ আমাৰ নিজৰ মানুহ কিছুমানো এইবোৰ ষড়যন্ত্ৰৰ লগত জড়িত হৈ আছে নিজৰ ক্ষুদ্ৰ স্বাৰ্থপূৰণৰ লক্ষ্যৰে । প্ৰথমতে অসমীয়া স্কুলবোৰ ক্ৰমাগতভাৱে দুৰ্বল কৰি কৰি অস্তিত্ব নোহোৱা কৰিব খোজা হৈছে । অসমতে চাকৰি-বাকৰিৰ বাবে অসমীয়া ভাষা জনাৰ প্ৰয়োজনীয়তা নোহোৱা কৰা হৈছে। এতিয়া আকৌ অংক আৰু বিজ্ঞান শিকোৱাৰ বাবে অসমীয়া ভাষা উপযুক্ত নহয় বুলি ইংৰাজী ভাষাক প্ৰাথমিক পৰ্যায়তে শিক্ষাৰ মাধ্যম কৰিব খোজা হৈছে ।

উত্তৰ ভাৰতীয় সম্প্ৰসাৰণবাদৰ স্বাৰ্থতে এই সকলোবোৰ কাম হৈছে ।

বিহু আহিছে প্ৰতি বছৰে অহাৰ দৰে। বিহু অসমীয়াৰ পৰিচয়। এই বিহুৰ নিভাঁজ ৰূপটো যাতে অটুট থাকে তাৰ বাবে আমি প্ৰতি মূহুৰ্ততে যুঁজিব লাগিব । মঞ্চৰ বিহুটোৱেই বিহুৰ পূৰ্ণাংগ ৰূপ নহয়। ই এটা সামান্য অংশহে।

অসমীয়াৰ ঘৰে ঘৰে বিহুৰ কিদিন যিবোৰ সংস্কাৰ মানি চলা হয়, সেইবোৰ সকলো মিলিয়েই হৈছে আমাৰ সাতামপুৰুষীয়া বিহুৰ চিনাকি আৰু সিয়েই জাতি হিচাবে আমাৰ পৰিচয় দাঙি ধৰে।

প্ৰতিটো বিহুৰে কিছুমান নিজস্ব ৰীতি-নীতি আছে আৰু কাতি বিহুৱেই হওক বা মাঘ বিহুৱেই হওক বা বহাগ বিহুৱেই হওক, প্ৰতিটো বিহুৰে কিছুমান স্বকীয় বৈশিষ্ট্য আছে । এইসমূহৰ মাজেদিয়েই আমাৰ অসমীয়াত্ব সাব্যস্ত হৈ আহিছে।

কোনো কাৰণতে আমি এইবোৰ এৰি দিব নোৱাৰোঁ আৰু ধৰি ৰাখিব লাগিব একেবাৰে নিভাঁজ ৰূপত, সদায় । এইবোৰ ভেজাল কৰিবলৈ আমি কাকো কেতিয়াও এৰি দিব নোৱাৰোঁ ।

অতি সম্প্ৰতি আমাৰ গামোচাখনক লৈ এটি অদৰকাৰী বিতৰ্কৰ সৃষ্টি কৰা হৈছিল। দুটুকুৰা কাপোৰ জোৰা লগাই (তাৰে এটুকুৰা আমাৰ গামোচাখনৰ আধা) দুটা সংস্কৃতি জোৰা লগাব খোজাটো এটা হাস্যকৰ প্ৰয়াসেই নহয়, নিশ্চিতভাৱে আমাৰ গামোচাখনক হেয় কৰাৰ বাবে এক গভীৰ ষড়যন্ত্ৰ ৰচিত হৈছিল ইয়াৰ মাজেদি।

বাহিৰৰ পৰা অহা এগৰাকী অতিথিক আমি এখন গামোচাৰে আদৰা কথাটোৰ গুৰুত্ব আছে, কিন্তু মানুহজনে যদি নিজেই গামোচা এখন ডিঙিত মেৰিয়াই লৈ অসমীয়াৰ আপোন হেন জহাবলৈ যায়, তেতিয়া একেবাৰে ভাল নালাগে। আমাক যেন পুতৌহে কৰিব বিচাৰিছে। কাৰো পৰা পুতৌ আমি একেবাৰেই নিবিচাৰোঁ। কোনো অসমীয়াই নিবিচাৰে। ই আমাৰ সাতামপুৰুষীয়া জাতীয় স্বভিমানৰ বিৰোধী।

বহাগৰ বিহুৰ উৰুকাৰ পৰা সাতবিহু শেষ নোহোৱালৈকে প্ৰতি দিনাই আমি কিছুমান নীতি-নিয়ম মানি চলোঁ। এটা মাত্ৰ উদাহৰণ। সাতবিহুৰ দ্বিতীয় দিনটোত মানুহ বিহু আৰু সেইদিনা নতুন কাপোৰ লোৱা নিয়ম । মানুহ বিহুৰ দিনা মাহ-হালধিৰে গা ধুই উঠাৰ পিছত আন নহ’লেও একোখনকৈ নতুন গামোচা প্ৰত্যেকেই ডিঙিৰ দুয়োকাষে মেৰিয়াই লোৱাটো আমাৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ।

গাঁৱৰ হুঁচৰি দলৰ সৈতে বিহু মাৰিবলৈ ওলোৱা ডেকাহঁতে একোখনকৈ কমেও আঠহাতী ধুতি, এটা নতুন বনিয়ন আৰু একোখন ফুলাম গামোচা যোগাৰ কৰিব লগা হৈছিল।

বিহুৰ বহুত দিনৰ আগৰে পৰা এইবোৰৰ পৰিকল্পনা হৈছিল । ঢোলতাল পেপা-গগনা আটাইবোৰ এমাহমান আগৰে পৰা সাজু কৰি ৰখা হৈছিল । এই সকলো যোগাৰৰ মাজেদি অসমীয়া ডেকাৰ বিহুৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছিল।

আমাৰ জাতীয় বিহুটো এইবোৰৰ মাজেদি পৰিস্ফুত হৈ উঠিছিল। বহুতো যা-যোগাৰ, ৰীতি-নীতি আৰু আদৰ-আপ্যায়নৰ মাজেদি আমাৰ বিহুটো পালিত হৈছিল । আৰু এইবোৰৰ মাজতে সোমাই আছিল আমাৰ অসমীয়া জনজীৱনৰ পৰিচয় ।

সময়ৰ সৈতে বহু পৰিবৰ্তনক আমি আদৰি লৈছোঁ । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি আমাৰ ৰীতি-নীতিবোৰ এৰি পেলাম, মূল কথাবোৰ আমি সযতনে সংৰক্ষণ কৰিবই লাগিব। সেইবোৰ কথা যিবোৰে সন্দেহাতীতভাৱে অসমীয়াত্বৰ পৰিচয় দাঙি ধৰে, সেইবোৰ আমি অতি সাৱধানে ৰক্ষা কৰিব লাগিব।

আমি সৰু থাকোঁতে ছোৱালীবোৰে বিহু নাচিছিল নিজৰ মাজতে, ল'ৰাৰ লগত মঞ্চতেই হওক বা বড়গছৰ তলতেই হওক বা নামঘৰৰ বাকৰিতে হওক ছোৱালীবোৰে মুকলিকৈ বিহু নচা নাছিল। নৈৰ পাৰত অথবা খেতিৰ পথাৰত নাচিছিল। বহু আগতেই এই নিয়মৰ সলনি হ'ল আৰু আটায়ে তাক আদৰি লৈছে। এনেকুৱা কিছুমান পৰিৱৰ্তন অৱশ্যম্ভাবী, কিন্তু মূল কথাবোৰ একেই আছে। আৰু তেনেকৈয়ে থাকিব লাগিব।

পৰিৱৰ্তনবোৰে যাতে অসমীয়াত্বৰ বৰঘৰত আঘাত হানিব নোৱাৰে, তাৰ বাবে আমি সদায়েই সতৰ্ক থাকিব লাগিব, অতি সযতনে কিন্তু দৃঢ়তাৰে এই কাম কৰিব লাগিব, আপোচহীনভাৱে । এই দায়িত্ব বিহু সন্মিলনীসমূহে সচেতনভাৱে পালন কৰি আহিছে আৰু ভৱিষ্যতেও এই বিষয়ে সতৰ্ক দৃষ্টি ৰাখিব লাগিব।

শংকৰ-মাধৱ গুৰুদুজনাই দিয়া সংস্কৃতি, আৰু পৰৱৰ্তী কালত লক্ষ্মীনাথ, জ্যোতি-বিষ্ণু-ভূপেন আৰু বহুজনৰ মেটমৰা অৱদানে অসমীয়া জনজীৱনৰ সামগ্ৰিক চৰিত্ৰ দাঙি ধৰিছে আৰু আমি সেয়া কেতিয়াও, কোনোদিন হেৰাই যাব দিব নোৱাৰো। বিহুৰ বতৰত এয়ে আমাৰ প্ৰতিশ্ৰুতি হ'ব লাগে।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description