সম্পাদকীয়
পথাৰত অন্ধকাৰ

পথাৰ অসম আৰু অসমীয়াৰ স্বাভিমানৰ উপাদান। প্ৰায় সকলো পৰিয়ালৰ একোখন পথাৰৰ লগত আজন্ম সম্পৰ্ক।

পথাৰত লখিমী থাকে। বিহুত লখিমী ঘৰলৈ আহে। ঘৰবোৰ ধানগুটিৰ গোন্ধেৰে ভৰি থাকে। মিলিজুলি ন খায়।

বহু পথাৰলৈ এতিয়া অন্ধকাৰ নামিছে। অন্ধকাৰ নিজে নামি অহা নাই। আমি নমাইছোঁ।

চৰকাৰে চাউল দিছে। গতিকেই আমি পথাৰলৈ হাল নিনিও। অতিৰিক্ত চাউলখিনি বিক্ৰী কৰিছোঁ। গতিকেই পথাৰত আকাশ বন্তি নজ্বলে।

অন্ধকাৰ পথাৰবোৰে আমাৰ পৰিয়াল, আমাৰ জনজীৱনক গোমা কৰি তুলিবই। কোনো আন পৰিণতি নাই।

অৰ্থনীতি দুৰ্বল হ'ব, শেষত ভাঙি পৰিব। অসমত কেইবাশবিধ ধান হয়। বহুবিধে ইতিমধ্যেই আৰ্কাইভত ঠাই লৈছে। পথাৰবোৰ লাহে লাহে বণিকে কিনিব।

মাটি গ'লে পৰিচয় গ'ল। ভাষা যাব। বিহু মাৰিবলৈ পথাৰ বিচাৰিব লাগিব।

কোনোও সদায়েই চাউল দি থাকিব নোৱাৰে। সংকট অনিৰ্বায্য। তেতিয়া পলম হৈ যাব। পথাৰেও অৱহেলা নামানিব পাৰে।

আমাৰ পথাৰ আমি সাৱটি থকাটোৱেই যেন সময়ৰ আহ্বান, তেনে ভাব হয়। অসমৰ মাটি অতি সাৰুৱা। ১০ বছৰমানৰ ভিতৰতে আমাৰ আন্ধাৰত পোত যোৱা মাটিবোৰ আদানি-আম্বানিয়ে লৈ লোৱাৰ দীঘলীয়া পাং চলিছে নেকি বাৰু??

বসন্ত ডেকা

Image Description