সম্পাদকীয়
চাহ বাগিচাৰ কান্দোন কোনে শুনিব?

টেলিভিছনত দালু চাহ বাগিচাৰ শ্ৰমিকসকলৰ হিয়াভৰা কান্দোন যিসকলে শুনিছে আৰু দেখিছে তেওঁলোকৰ অন্তৰে যদি কন্দা নাই, তেনেহ'লে তেওঁলোকতকৈ পাষণ হৃদয়ৰ মানুহ নাই বুলিয়েই ক'ব লাগিব।

অন্ততঃ অসমৰ ভাজপা চৰকাৰৰ মানুহখিনি যে এনেকুৱাই সেইকথা পুনৰ এবাৰ প্ৰতীয়মান হ'ল।

ফেব্ৰুৱাৰী মাহত মুখ্য মন্ত্ৰীগৰাকীয়ে মালিকপক্ষৰ লগত কিবা ভিতৰুৱা বুজাবুজিৰে ঘোষণা কৰিছিল যে দালু চাহবাগানখনৰ এক বৃহৎ অংশ অধিগ্ৰহণ কৰি কাছাৰৰ তথাকথিত 'গ্ৰীণ ফিল্ড এয়াৰপ'ৰ্ট' এখন পাতিব। চাহবাগানৰ মালিকে উচিত মূল্য আৰু উপযুক্ত ক্ষতিপূৰণ পালে, গতিকে মালিকপক্ষৰ কি আহে যায়?

কিন্তু এই গোটেই বুজাবুজিটোৰ ক্ষেত্ৰত শ্রমিকসকলক একাষৰীয়া কৰি থোৱা হ'ল, এষাৰো তেওঁলোকৰ মতামত লোৱা নহ'ল।বাগানখন এতিয়া সাধু হৈ পৰিল যেতিয়া স্বাভাৱিকতে বহু চাহ শ্ৰমিকৰ কাম যাব।

এইসকল লোকে কি কৰিব এতিয়া? ক'লৈ যাব? চাহ শ্ৰমিকৰ কাকুতি-মিনতি শুনিবলৈ ভাজপা চৰকাৰৰ আহৰি নাই, ব্যৱসায়ী গোষ্ঠী সন্তুষ্ট হ'লেই হয়।

দালু চাহবাগানৰ মালিকে কিমান ক্ষতিপূৰণ পালে আৰু তাৰ কিমান অংশ দলৰ পুঁজিলৈ গ'ল, এইবোৰ কেতিয়াও ৰাজহুৱা নহয়- সেই কথা আমি জানো। ব্যক্তিগত মুনাফাও থাকিব পাৰে কাৰোবাৰ।

এই বৃহস্পতিবাৰৰ ৰাতিপুৱাৰ পৰা পুলিছ- সশস্ত্ৰবাহিনীৰ উপস্থিতিত বহুবোৰ বুলডজাৰ লৈ চাহগছবোৰ উঠোৱা কাম আৰম্ভ হৈছে। জানিব পৰা মতে তিনি নিযুত চাহগছ উঠাই পেলোৱা হ'ল গ্ৰীণ ফিল্ড এয়াৰপ'ৰ্টৰ নামত।

চাহ বাগিচাখনৰ ২৫০০ বিঘা মাটি মুকলি কৰা হ'ব। চাহ শ্ৰমিকসকলৰ ভৱিষ্যতটোৰ কথা কোনেও উল্লেখ কৰা নাই। কি নিৰ্দয় সিদ্ধান্ত উন্নয়নৰ নামত।

চাহ শ্ৰমিকসকলে এনেকৈয়ো কৈছে প্ৰতিজোপা চাহগছৰ লগত তেওঁলোকৰ জীৱন-দশা জড়িত হৈ আছে, কোনে ভাবিব এই কথা? চাহ শ্ৰমিকসকলক ভালৰি বোলাবলৈ তেওঁলোকৰ ভৱিষ্যতনিধিৰ এক কোটি ৫৭ লাখ আৰু গ্ৰেচুইটিৰ ৮০ লাখ টকা চৰকাৰৰ পৰামৰ্শ মতে মালিকপক্ষ আগুৱাই আহিছে।

শ্ৰমিকসকলে ঠিকেই কৈছে, 'এয়া আমাৰ নিজৰ টকা, আমাক কোনো দয়াৰ প্ৰয়োজন নাই। ইয়াৰ বিনিময়ত চাহগছবোৰ আমি দিব নোৱাৰোঁ।'

বিশাল ফ্লেগ মাৰ্চেৰে শ্ৰমিকসকলক ভয় খুৱাব খোজা হৈছে। এই শ্ৰমিকসকলৰ পিছত কোন ঠিয় দিব?

হাজাৰ হাজাৰ চাহগছ উভালি পেলাই এটা এয়াৰপ'ৰ্ট পাতিবলৈ লোৱা কথাটোৱে প্ৰকৃততে 'গ্ৰীণ ফিল্ড এয়াৰপ'ৰ্ট'ৰ ধাৰণাটোকেই আঘাত কৰিছে।

গ্ৰীণ ফিল্ড এয়াৰপ'ৰ্ট সাধাৰণতে পতা হয় অব্যৱহৃত হৈ থকা মাটিৰ ওপৰত যাতে তাৰ ফলত ইতিমধ্যে তাত থকা ঘৰ-দুৱাৰ, গছ-গছনি একো ধ্বংস কৰিব লগা নহয়। কিন্তু কাছাৰৰ গ্ৰীণ ফিল্ড এয়াৰপ'ৰ্ট পাতিব খোজা হৈছে তিনি নিযুত জোপা চাহগছ উভালি প্ৰাকৃতিক ভাৰসাম্য ধ্বংস কৰি।

কি নিৰ্দয় সিদ্ধান্ত! চাহগছৰ সেউজখিনি ধ্বংস কৰি ব্যাৱসায়িক এয়াৰপ'ৰ্ট এটা পাতিব খোজা হৈছে মাত্ৰ।।

ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description