সম্পাদকীয় - ৭৫তম স্বাধীনতা দিৱসৰ চিন্তা
আজি ১৫ আগষ্ট ২০২১ৰ দিনটো দেশৰ ৭৫তম স্বাধীনতা দিৱস। বহু ত্যাগৰ বিনিময়ত ১৯৪৭ চনৰ আজিৰ দিনটোত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ দেশে প্ৰথমটো স্বাধীনতা দিৱস উদযাপন কৰিছিল। দিল্লীৰ লালকিল্লাত স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ১৯৪৭ চনৰ ১৫ আগষ্টত প্ৰথমবাৰৰ বাবে উত্তোলন কৰে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে। ২০২১ চনৰ ৭৫ তম স্বাধীনতা দিৱসত বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীযে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
বিগত ৭৫ বছৰত দেশলৈ বহু পৰিৱৰ্তন আহিল। দেশত বহুতো যুগান্তকাৰী পৰিৱৰ্তন সংঘটিত হ'ল। কিছু ভাল হ'ল, কিছু বেয়া হ'ল। ভাল-বেয়াৰ দৃষ্টিভঙ্গী ইমান বিশাল দেশ এখনত ভিন্নজনৰ ভিন্ন হোৱাটো অতি স্বাভাৱিক।তথাপিও বহু বাধাৰ প্ৰাচীৰ ভাঙি সামগ্ৰিকভাৱে বৈচিত্ৰ্যতাৰ মাজত এক ভাৰতীয় জাতিসত্তা গঢ়ি তুলিবলৈ পৰাটোৱেই নিঃসন্দেহে বিগত ৭৫ বছৰৰ অন্যতম বৃহৎ সফলতা আছিল। যদিও আঞ্চলিক বৈষম্যৰ অভিযোগ এতিয়াও স্পষ্ট ৰূপত বিদ্যমান।
স্বাধীনতাৰ প্ৰায় ৪৪ বছৰ পিছত কুৰি শতিকাৰ শেষৰটো দশকত ভাৰতত মুক্ত অৰ্থনীতিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। এই বজাৰসৰ্বস্ব অৰ্থনীতিৰ প্ৰভাৱত কিছু বছৰৰ ভিতৰতে দেশখনৰ জনসাধাৰণৰ জীৱনযাত্ৰা চকুতপৰাকৈ সলনি হয়। মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধি পায়। বহুলোকৰ হাতলৈ অভাৱনীয়ভাৱে ধন আহে। নগৰ–চহৰৰ সংখ্যা বৃদ্ধি পায়। কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা কম হোৱা দেখা নগ'ল। সেয়েহে আজিকোপতি ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ হিচাপেই থাকি গ'ল। উন্নত দেশৰ দাবী একমাত্ৰ ৰাজনৈতিক দলসমূহৰ শ্লোগানতহে পৰিণত হ'ল। আজিও দেশৰ নিৰ্বাচনত হিতাধিকাৰীৰ সংখ্যাইহে ফলাফল নিৰূপণ কৰে।
এতিয়া প্ৰশ্ন হ'ল মুক্ত অৰ্থনীতিয়ে সৰ্বস্তৰৰ মানুহৰ জীৱনলৈ কিয় পৰিৱৰ্তন আনিব নোৱাৰিলে? কিছুমানে কয় এইয়া বজাৰ অৰ্থনীতিৰ ঋণাত্মক দিশ। আন বহুতৰে মতে দেশত মুক্ত অৰ্থনীতি প্ৰৱৰ্তন কৰাৰ আগতে প্ৰাথমিক স্বাস্থ্য ( অন্ন, বস্ত্ৰ, বাসস্থানৰ নিশ্চিতি য'ত অন্তৰ্ভুক্ত), প্ৰাথমিক শিক্ষা আৰু বুনিয়াদী আন্তঃগাঁথনিৰ লক্ষ্য পূৰণ হ'ব লাগিছিল। তাৰ পিছতহে মুক্ত অৰ্থনীতি দেশত প্ৰৱৰ্তন কৰিব লাগিছিল। তেতিয়াহে প্ৰতিযোগিতামূলক বজাৰ অৰ্থনীতিত সকলোৱে নিজকে খাপ খুৱাই ল'ব পাৰিলেহেঁতেন। তাকে নকৰাত আজি দেশত দুটা ভাগত অৰ্থনৈতিক বৈষম্য স্পষ্ট। একাংশৰ হাতত অগাধ ধন-সম্পত্তি। দুহাত উজাৰি খৰচ কৰিব পাৰে। আকৌ আনহাতে বেছিভাগ মানুহৰে মৌলিক প্ৰয়োজন পূৰণ কৰাৰ ক্ষমতা নাই । এনে পৰিস্থিতিত বিত্তীয়শালী লোক সকলে যি মন যায় তাকে কৰিব পাৰে। সমাজ, সংস্কৃতি, ৰাজনীতি সকলোতে ধনৱন্তসকলৰে প্ৰভাৱ। কোনোবাই এওঁলোকৰ বিৰুদ্ধে মাত মাতিলেই তেওঁলোকৰ ৰোষত পৰে। ৰাষ্ট্ৰদ্রোহীৰ গ্লানি সহিবলগীয়া হয়। কেনে এক ভয়াৱহ পৰিৱেশ।
উপৰোক্ত কথাখিনি আজিৰ সময়ত প্ৰকাশ কৰাটো যথেষ্ট বিপদজনক যদিও ধনৱন্তসকলৰ আঙুলিৰ নিৰ্দেশত সৃষ্টি হোৱা এই অৰাজকতাৰ অৱসান কৰিবই লাগিব। সকলো সচেতন লোক মাৰবান্ধি একগোট হ'ব লাগিব, ৭৫ বছৰ পূৰ্বে বিদেশী শক্তিৰ বিৰুদ্ধে যেনেকৈ দেশবাসী একত্ৰিত হৈছিল। আজি দেশৰে অত্যাচাৰী শ্ৰেণীটোৰ বিৰুদ্ধে সকলো একত্ৰিত হ'ব লাগিব।
এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা উনুকিয়াবৈ লাগিব এইবাৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ মূল বিষয় (theme) হৈছে 'ৰাষ্ট্ৰ প্ৰথম, সদায় প্ৰথম ( nation first, always first)।' এই নীতি সৰোগত কৰি ভাৰতৰ জনসাধাৰণে ব্ৰিটিছৰ হাতৰ পৰা স্বাধীনতা আজুৰি আনিছিল। স্বাধীনতাৰ ৭৫ বছৰ পিছত আকৌ চৰকাৰীভাৱে 'ৰাষ্ট্ৰ প্ৰথম, সদায় প্ৰথম' বিষয় কিয় ল'বলগীয়া হ'ল? জন্মৰে পৰা ভাৰতীয়ৰ হৃদয়ত এইটো থকা কথা। ইয়াক নতুনকৈ চৰকাৰীভাৱে উপস্থাপন কৰা মানে কি সূচায়? ভাৰতীয়সকলে নিজৰ ৰাষ্ট্ৰক প্ৰথম স্থান নিদিয়ে নেকি? যদি দিয়ে, নতুনকৈ কিয় ক'ব লগা হ'ল? যদি নিদিয়ে কেৰোণটো ক'ত? কেন্দ্ৰীয় চৰকাৰে জবাব দিব লাগিব। নে ৰাষ্ট্ৰদ্রোহী সজোৱাৰ ই এক নতুন কৌশল?