সম্পাদকীয়
চৰকাৰে যেতিয়া কথা লুকুৱাই থয়

চৰকাৰখন জনসাধাৰণে পাতে আৰু সেইবাবে চৰকাৰৰ প্ৰতিটো কামৰ বিষয়ে জনাৰ অধিকাৰ ৰাইজৰ আছে, দেশৰ নিৰাপত্তাত ব্যাঘাত হব পৰা কথাখিনি বাদ দি।

কিন্ত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ বহুতো ফাঁকি ক্ৰমাগতভাৱে পোহৰলৈ অহাটো আমাৰ দেশৰ গণতন্ত্ৰৰ বাবে বৰ ক্ষতিকাৰক হৈছে। বিজেপি চৰকাৰৰ ফাঁকিয়ে আকাশ চুইছেগৈ আৰু আন্তৰ্জাতিক সংস্থাসমূহৰ ওচৰতো আমাক লাজত পেলাইছে।

এনেকুৱা এটা বিয়াগোম ফাঁকি হ'ল, ভাৰতত ক'ৰনাত কিমান মানুহ মৰিল, সেই সংখ্যাটো। এই ক্ষেত্ৰত ভাৰতে দিয়া সংখ্যা কোনেও বিশ্বাস কৰা নাই। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে ভাৰতৰ হিচাপ ভুল, প্ৰকৃততে যিমান মৰিছে তাতকৈ বহুত কমাই দেখুৱাইছে ভাৰত চৰকাৰে।

অকল সেয়ে নহয়, মৃত্যুৰ সংখ্যা ঠাৱৰ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই কৰিব খোজা বিশ্লেষণত ভাৰত চৰকাৰে সহযোগ কৰা নাই, আৰু তাত বাধাৰহে সৃষ্টি কৰিছে।

ক'ৰনাত কিমান মৰিল সেই তথ্য ভাৰত চৰকাৰে কিয় লুকাব খুজিছে? মৃতকক লৈও বিজেপি চৰকাৰৰ ৰাজনীতি নেকি? সচাঁ সংখ্যাটো গম পালে বিজেপিৰ শাসনকালত দেশত চিকিৎসাৰ সা-সুবিধাবোৰ কিমান নিম্নগামী হ'ল, জীৱনদায়িনী অক্সিজেন আৰু আন আন নিম্নতম সুবিধাসমূহ কেনেকৈ নোহোৱা হ'ল, ক'ৰনা নিয়ন্ত্ৰণৰ নামত হাজাৰ হাজাৰ কোটি টকা হিচাপ বহিৰ্ভূতভাৱে কেনেকৈ খৰচ কৰা হ'ল আৰু তাৰ কিমানখিনি মন্ত্ৰী আৰু দলীয় নেতা-পালিনেতাৰ তহবিলত সোমাল, অথবা দলৰ নিৰ্বাচনী পুঁজিলৈ ৰূপান্তৰিত হ'ল, এই সকলোবোৰ কথা দেখোন ফাঁচ হৈ যাব।

সেইবাবেই লুকাব বিচৰা হৈছে মৃত্যুৰ জীয়া তথ্য।

ভাৰত চৰকাৰে মৃত্যুৰ সংখ্যা যিমান দেখুৱাইছে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰকৃত সংখ্যাটো তাৰ আঠ গুণমান বেছি। আজিৰ তাৰিখত (৩০ এপ্ৰিল ২০২২) চৰকাৰীভাৱে দেখুওৱা দেশত ক'ৰনাত আক্ৰান্ত চাৰি কোটি ত্ৰিছ লাখ পয়সত্তৰ হাজাৰ আঠ শ চৌষষ্ঠি জন (৪,৩০,৭৫,০৬৪) লোকৰ ভিতৰত মৃত্যু বৰণ কৰা লোকৰ সংখ্যা ৫,২৩, ৮০৩ (পাঁচ লাখ তেইছ হাজাৰ আঠ শ তিনি)।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে মৃতকৰ প্ৰকৃত সংখ্যা ইয়াৰ আঠগুণ বা তাতোকৈ বেছি হ'ব। ইয়াৰ অৰ্থ হ'ল ভাৰতত ক'ৰনাত মৰা লোকৰ সংখ্যা একচল্লিছ লাখ নব্বৈ হাজাৰ বা তাতকৈ বেছি।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশ্লেষণ আন সকলোবোৰ দেশৰ লগত সাধাৰণভাৱে মিলি আছে, ভাৰতৰ ক্ষেত্ৰতহে আকাশ - পাতাল পাৰ্থক্য।

ইমান ডাঙৰ ফাঁকি বিজেপি চৰকাৰে কিয় দিছে? দলীয় ৰাজনীতিৰ স্বাৰ্থত নহয়নে?

সা-সুবিধাৰ অভাৱৰ বাবেই ভাৰতত চিকিৎসালয়ত ভৰ্তি হোৱা ক'ৰনা ৰোগীৰ মৃত্যুৰ হাৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি। এই হিচাপটো, যিটোক কোৱা হয় "কেছ ফেটেলিটি ৰেট" (CFR) ভাৰতৰ ক্ষেত্ৰত ১.৮৯%, অৰ্থাৎ ক'ৰনাত আক্ৰান্ত হোৱা প্ৰতি এশজন মানুহৰ ভিতৰত প্ৰায় দুজন লোকে প্ৰাণ হেৰুৱাইছিল।

আমেৰিকাৰ দৰে উন্নত দেশৰ ক্ষেত্ৰতো এই হাৰ ১.৫%। তেনেহ'লে ভাৰতত ক'ৰনাত মৰা লোকৰ সংখ্যা ইমান কম হ'ল কেনেকৈ?

বিজেপিৰ ফাঁকি আকৌ এবাৰ ধৰা পৰিল।।

ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description