সম্পাদকীয় - সমল হিচাবে প্ৰাক্তন আছু কৰ্মী

অসমত ছাত্ৰ শক্তিয়ে আত্মবিকাশ কৰিছিল ১৯১৬ চনত৷

তেতিয়াৰ পৰাই বিভিন্ন স্তৰৰ মাজেদি আহি আজি অসমত ছাত্ৰ শক্তিয়ে কেইবাটাও ৰূপ লৈছে৷ তাৰে এটা হ’ল সদৌ অসম ছাত্ৰ সন্থা৷ চমুকৈ আছু [AASU]৷

আছুৰ সংবিধান গৃহীত হৈছিল ১৯৬৭ চনত৷ তেজপুৰ অধিবেশনত৷ তেতিয়াৰ পৰা আছুৱে অসমৰ হকে আত্মনিয়োগ কৰি আহিছে৷ আত্মবিশ্বাসেৰে আৰু আস্থাৰে৷ পঞ্চাছ দশকৰ শোধানাগাৰ আন্দোলন, ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৭২ চনৰ মাধ্যম আন্দোলন আৰু ১৯৮৯ চনৰ বিদেশী আন্দোলনত ছাত্ৰ সন্থাৰ ভূমিকা সৰ্বজনবিদিত৷

আছুৰ সংবিধানত বহু লক্ষ্য আৰু উদ্দেশ্য উল্লেখ কৰা আছে৷ এই বিষয়ে কোনো সন্দেহ নাই যে ছাত্ৰ সন্থাই অসমৰ বাবে দৃঢ়তাৰে বহুবাৰ ৰাজপথত ওলাইছে৷ ছাত্ৰ সন্থাই অসমৰ অধিকাৰ সাব্যস্ত কৰি আহিছে৷ অসমৰ বৃহৎ সংগঠন হ’ল আছু৷ এই পৰিচয়ক লৈ ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মী গৌৰৱান্বিত৷ আমিও।

১৯৮৫ চনত আছুৰ উদ্যোগত আঞ্চলিক ৰাজনৈতিক শক্তিৰ উৎত্থান হ’ল৷ তেতিয়াৰ পৰাই ছাত্ৰ সন্থাৰ চৰিত্ৰত পৰিৱৰ্তন আহি পৰিল৷ ছাত্ৰ সন্থাৰ নেতাসকলৰ মাজত ৰাজনৈতিক আকাংক্ষাই খোপতি পুতিবলৈ ল’লে৷ ছাত্ৰ সন্থাৰ গ্ৰহণযোগ্যতা সাৰ্বজনীন হৈ নাথাকিল৷

ৰাজনীতিৰ লগত ক্ষমতাৰ সম্পৰ্ক আৰু ক্ষমতাৰ লগত কিছুমানৰ বাবে নীতি-আদৰ্শৰ বিচ্যুতিৰ সম্পৰ্ক৷ বৰ্তমান সময়ত জনসাধাৰণে এহাতে নিষ্ঠাৱান আছু কৰ্মীৰ প্ৰতিবাদৰ ভাষা শুনে আৰু আনহাতে এচাম প্ৰাক্তন আছু কৰ্মীৰ ধন-সম্পত্তি গোটোৱাৰ কাহিনী শুনে৷

ছাত্ৰই ৰাজনীতি জানিব লাগে৷ ছাত্ৰাৱস্থাতে ৰাজনীতিৰ লগত জড়িত হ’ব পাৰে৷ এই বিষয়ে কোনো আপত্তিৰ থল নাই৷ নিজৰ বিশ্বাসেৰে ৰাজনৈতিক পথ ল’লে সেইয়াও আদৰণীয়৷ কিন্তু আছুৰ মজিয়াত এটা আদৰ্শ আৰু আছুৰ পৰা ওলাই যোৱাৰ পাছত এটা বিপৰীত আদৰ্শৰ শৰণাপন্ন হ’লে জনসাধাৰণ বিবুধিত পৰে৷ আছুৰ গৰিমা ম্লান হয়৷ এই বিষয়েও কোনো সন্দেহ থাকিব নালাগে৷

১৯৮৫ চনৰ পৰা এচাম প্ৰাক্তন আছুৱে অসমৰ মানুহক প্ৰতাৰণা কৰি আহিছে৷ সেইসকলক বুৰঞ্জীয়ে ঠাই দিয়া নাই আৰু আগলৈকো নিদিয়ে৷ ছাত্ৰ নেতাৰ মুখত এটা আদৰ্শ আৰু পেটত এটা আদৰ্শ সমান্তৰালভাৱে কেতিয়াও চলিব নোৱাৰে৷ কোনোবা এটা সময়ত আচল স্বৰূপ ওলাই পৰে৷ কিয়নো ৰাজহুৱা জীৱনত সময়ে নেতাসকলক নিৰ্মমভাৱে বিশ্লেষণ কৰে৷

ছাত্ৰ সন্থা বিশাল শক্তি হৈ থাকক। জনসাধাৰণে তাকেই বিচাৰে৷ ছাত্ৰ সন্থা ৰাজনৈতিক লাভালাভৰ মাধ্যম হ’লে অসমীয়া সমাজখনে কষ্ট পায়৷ দিনত এটা ৰূপ আৰু ৰাতি এটা ৰূপ লোৱা কোনো ব্যক্তিকে জনসাধাৰণে গ্ৰহণ নকৰে৷

এতিয়াও ছাত্ৰ সন্থা অসমীয়া মানুহৰ আস্থাৰ পাত্ৰ হৈ আছে৷ হাজাৰে-বিজাৰে প্ৰাক্তন আছু কৰ্মীয়ে সামাজিক কাম-কাজত নিস্বাৰ্থভাৱে জড়িত হৈ আছে৷ অসমৰ ভাষা-সাহিত্য-সংস্কৃতি আৰু বৌদ্ধিকজগত সকলোতে প্ৰাক্তন আছু কৰ্মী উজ্জ্বল ৰূপত আছে৷

অসমীয়া মানুহে ছাত্ৰ সন্থাৰ এই উজ্জ্বল ৰূপটোৱেই জীয়াই থকাটো বিচাৰে৷৷

বসন্ত ডেকা

Image Description