সম্পাদকীয়
এইয়া জানো বিকাশ

বিজেপি চৰকাৰে সকলোৰে বাবে বিকাশৰ প্ৰতিশ্ৰুতি দি মানুহৰ সমৰ্থন পাইছিল৷

এতিয়া সেই প্ৰতিশ্ৰুতিৰ কোনো উম-ঘাম নাই আৰু বহুতে প্ৰতিশ্ৰুতিটোৰ ফোঁপোলা স্বৰূপ ধৰিব পাৰিছে৷

সকলোৰে বাবে বিকাশ সম্ভৱপৰ কৰিবলৈ দেশখনৰ গণতান্ত্ৰিক গাঁথনিটোৰ লগতে ফেডাৰেল গাঁথনিটোৰ অপৰিহাৰ্য্য বিষয়৷ বৰ্তমান দুয়োটা কথাকে বিজেপিৰ ৰাজনৈতিক নেতাসকলে পাতল কৰি তুলিছে৷

ৰাজ্যসমূহৰ দায়িত্ব বহু পৰিমাণে দিল্লীত কেন্দ্ৰীভূত হৈছে৷ ৰাজ্যসমূহৰ পৰিকল্পনাৰ বিশেষ গুৰুত্ব নোহোৱা হৈছে৷ সকলো চিন্তা-চৰ্চা দিল্লীত এমুঠিমান মানুহে কৰে আৰু ৰাজ্যসমূহক নিৰ্দেশ দিয়ে৷

চিন্তাধাৰা ইমানে সংকুচিত হৈছে যে একোখন বিশ্ববিদ্যালয়ে চেমিষ্টাৰ পৰীক্ষা কেতিয়া পাতিব সেই নিৰ্দেশো দিল্লীৰ পৰা আহে আৰু ৰাজ্যৰ উপাচাৰ্য্যসকলে সেয়া মানি লয়৷ অথচ উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে দিল্লীৰ ‘নিৰ্দেশনা’বোৰ পৰামৰ্শহে৷

বিজেপি চৰকাৰে দেশত ‘এক ৰাষ্ট্ৰ, এক ভাষা’ চেষ্টা কৰিছে৷ কিন্তু সফল নহয়৷

দেশত ‘এক ৰাষ্ট্ৰ, এক ধৰ্ম’ চেষ্টা কৰিছে৷ কিন্তু সফল নহয়৷ ইত্যাদি৷

বিজেপি চৰকাৰে আচৰিত ধৰণে উন্নয়নৰ কথা নকয়৷ আচলতে ক’বলৈ একো নাই৷ এচামৰ পৰা ধন-বিত কাঢ়িছে আৰু সেইয়া নি আন এচামৰ মাজত বিলাই দি হিতাধিকাৰী সজাইছে৷

চৰকাৰে বিচাৰিছে যে হিতাধিকাৰী সদায় হিতাধিকাৰী হৈয়ে ৰওক৷ অৰ্থাৎ দুখীয় সদায় দুখীয়া হৈয়ে ৰওক৷

হিতাধিকাৰীক বিজেপি দলে নিজৰ ‘ভোটাধিকাৰী’ সজাইছে৷ এখন বৃহৎ আৰু ভিন্নতাৰে পৰিপূৰ্ণ দেশত এইয়া শুভলক্ষণ নহয়৷

১৯৭৭ চনৰ জৰুৰীকালীন অৱস্থাৰ যোগেদি কংগ্ৰেছে ‘এক দেশ, এক ৰাণী’ৰ চেষ্টা কৰিছিল৷ উফৰি গ’ল৷ এতিয়া এনে ভাব হয় যেন একে ভাবে উকমুকাইছে। ই টিকিব নোৱাৰে৷৷

বসন্ত ডেকা

Image Description