সম্পাদকীয়
ৰাজনৈতিক পট্ পৰিবৰ্তন

বিজেপিৰ সভাপতি নাড্ডাৰ মুখৰ পৰা কথাবোৰ ওলাই আহিল। বিজেপিয়ে আঞ্চলিক দলবোৰ ভাঙিব। প্ৰমাণ দিলে মহাৰাষ্ট্ৰত।

বিহাৰত চেষ্টা কৰোঁতেই মুখ্য মন্ত্ৰী নীতিশ কুমাৰে শৰপাত মাৰিলে। বিহাৰত বিজেপি ধৰাশয়ী হ'ল। ৰাজনৈতিক পটৰ সঘন পৰিবৰ্তন হ'বলৈ ধৰে।

বিৰোধী শিবিৰৰ তৎপৰতা বাঢ়িল। মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে মুখ্য মন্ত্ৰী কুমাৰ আৰু মুখ্য মন্ত্ৰী চোৰেনৰ লগত একেলগে কাম কৰা কথা ক'লে।

মহাৰাষ্ট্ৰত শিৱ সেনা, কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয়বাদী কংগ্ৰেছ একেলগে আছেই । তামিলনাডুৰ ডিএমকে আৰু কংগ্ৰেছৰ বুজাবুজি আছে।

আপে আচৰিতভাৱে কাৰো লগত নাথাকে হেনো। বিজেপিয়ে নিশ্চয় ৰং পাইছে। সময়েহে ক'ব। অলপতে হাৰিয়ানাত বিৰোধীৰ এখন সমাবেশ হ'ব। বিজেপিবিৰোধী শক্তিয়ে কিছু আশা দেখিছে।

বিজেপি ইতিমধ্যেই শংকিত হৈছে। সংঘ পৰিয়ালৰ মুৰব্বী ভগতে মছজিদত আলোচনাত বহিছে। মাদ্ৰাজা স্কুল চাইছে। সভ্যতাৰ যুঁজ বোধহয় শেষ হ'বৰ হ'ল।

শতৰুৱেও ক'ব যে কংগ্ৰেছে আপ্ৰাণ চেষ্টা কৰিছে। 'ভাৰত একগোট যাত্ৰা'ই ভগতক মছজিদ পোৱালেগৈ। এতিয়া মুছলমানক বন্ধু কৰাৰ সময়।

আঞ্চলিক দলবোৰ গোট খোৱাৰ সময়ৰ আহ্বান আহিছে। উত্তৰ পূবৰ শাসনাধিষ্ঠ আঞ্চলিক দলবোৰৰ বিশ্বাসযোগ্যতা কম। সেই বদনাম মচি পেলোৱাৰ সময় বোধহয় সমাগত।।

বসন্ত ডেকা

Image Description