সম্পাদকীয়
গণতন্ত্ৰ নে স্বেচ্ছাচাৰিতা?

দিল্লী আৰু দিছপুৰত ভাজপাৰ চৰকাৰ হোৱাৰে পৰা হঠাৎ কিছুমান সিদ্ধান্ত জনসাধাৰণৰ ওপৰত জাপি দিয়াৰ প্ৰৱণতা অত্যধিক হৈছে৷

সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ অসমৰ জনসাধাৰণেও বিচাৰে, কিন্তু এনেকৈ নহয়৷ এতিয়া আমাৰ জনসংখ্যা বহুখিনি বৃদ্ধি পালে আৰু সেই হিচাপে সমষ্টিসমূহৰ সংখ্যা এতিয়াতকৈ বহুত বেছি হোৱাটো আমাৰ আটাইৰে প্ৰত্যাশা আছিল৷

২০০৭ত সমষ্টি নিৰ্ধাৰণ হ’বলৈ ওলাইছিল ২০০১ৰ লোকপিয়লৰ তথ্যৰ ওপৰত ভিত্তি কৰি।তেতিয়াই সমষ্টিৰ সংখ্যা বাঢ়িব লাগিছিল৷ যি কাৰণতে নহওক, সেইবাৰ নহ’ল৷ এইবাৰ ২০২৩ত কৰিবলৈ ওলাইছে হঠাতে, আচৰিত কথা যে ভিত্তি সেই ২০০১ লোকপিয়লেই ৰৈ গ’ল৷ এইটো কেনে ধৰণৰ কথা?

ভিত্তি হ’ব লাগিছিল ২০১১ৰ লোকপিয়ল, কিন্তু কিবা অজান কাৰণত হৈ থাকিল ২০০১ৰ লোকপিয়ল৷ এই বিষয়ত কাৰ লগত কি গোপন আলোচনা ৰাজ্য চৰকাৰৰ হৈছে, আমি নাজানো। কিন্তু ২০০১ৰ লোকপিয়লক ভিত্তি হিচাবে লোৱাৰ অন্তৰালত নিশ্চয় কিবা অংক আছে৷

২০২৬ত সমগ্ৰ দেশজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো হ’ব৷ আমি কিয় আৰু তিনি-চাৰি বছৰ ৰ’ব নোৱাৰিলোঁ? ২০২৬ত যদি অসমত এই প্ৰক্ৰিয়াটো নহয়, তেনেহ’লে অসমত ১২৬ আৰু ১৪ অংকটোৰ কেতিয়া শুধৰণি হ’ব?

সমষ্টি নিৰ্ধাৰণৰ সমস্ত প্ৰক্ৰিয়াটো ভাজপা দলৰ অংকমতেই হৈছে৷ নিৰ্বাচন আয়োগৰ ঘোষণাটোও আমোদজনক৷ নিৰ্বাচন আয়োগে যেতিয়া কোনো এটা নিৰ্বাচনৰ ঘোষণা কৰে, তেতিয়া লগে লগেই সকলো প্ৰশাসনিক নতুন সিদ্ধান্তত তলা লগাই দিয়া হয়৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ঘোষণাটোৰ ক্ষেত্ৰত ব্যতিক্ৰম হ’ল– প্ৰায় তিনি দিন সময় দি কোৱা হ’ল যে ১ জানুৱাৰী ২০২৩ পিছত প্ৰক্ৰিয়াটো সমাপ্ত নোহোৱালৈকে প্ৰশাসনে কোনো নতুন সিদ্ধান্ত ল’ব নোৱাৰিব৷

এই তিনি দিনৰ সময় নাগপুৰ দিল্লী-দিছপুৰৰ ত্ৰিভুজৰ বাবে৷ লৰালৰিকৈ নতুন দিল্লীত কেবিনেট পতাৰ অভিনয় কৰি অসম চৰকাৰে কেইবাখনো জিলাৰ চাৰিসীমা সলনি কৰি দিলে৷ নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে কৰিব নোৱৰা কাম একো নাই ভাজপা চৰকাৰৰ৷ জনমত সদায় ভৰিৰে মোহাৰি আহিছে৷

আন সকলো কাম বন্ধ আছে, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ হ’বই৷ জনসাধাৰণৰ চৰকাৰ হোৱা হ’লে এই কামটোৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ভুলভ্ৰান্তিসমূহ আঁতৰাই শুদ্ধ নাগৰিক পঞ্জী এখন হোৱালৈ বাট চালেহেঁতেন৷ কিন্তু এই বিষয়টোৰ মীমাংসা হোৱাৰ ক্ষেত্ৰত দিল্লী-দিছপুৰৰ চৰকাৰে ইডালৰ পিছত সিডাল হেঙাৰ ঠিয় কৰাই থৈছে৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগতে অসমৰ খিলঞ্জীয়া মানুহখিনিৰ সাংবিধানিক নিৰাপত্তা সুনিশ্চিত কৰি ৬নং দফাৰ [অসম চুক্তি] প্ৰতিবেদনখন কাৰ্য্যকৰী কৰিব লাগিছিল৷ এইবোৰ কথা চৰকাৰে ঘূণাক্ষৰেও নকয়৷ যেনেতেনে প্ৰকাৰে ভাজপাক ৰাজনৈতিক ক্ষমতা লাগে– এইটো এজেণ্ডা আৰু ইয়াৰ কাৰ্য্যকৰীকৰণৰ বাবে যিমান তললৈ যাব লাগে, বিনাদ্বিধাই যাব৷

ৰাজ্যখনত এনেকুৱা এটা পৰিবেশ কৃত্ৰিমভাৱে সৃষ্টি কৰি দিয়া হৈছে যে জাতীয় সংগঠনসমূহেও মূৰপোলোকা দি চৰকাৰৰ এইবোৰ জাতিধবংসী সিদ্ধান্তৰ অংশীদাৰ হ’বলগা হৈছে৷ কেতিয়াবা এনেকুৱাও হয় যে লোকলৈ বুলি হুল পুতি নিজেই মৰিব লগা হয়৷ সময়েহে ক’ব- ক’ৰ পানী ক’লৈ যায়৷।

প্ৰত্যাহবানৰ ৭৫তম সংখ্যা

এইটো সংখ্যাৰে প্ৰত্যাহবানৰ পয়সত্তৰসংখ্যক প্ৰকাশ সম্ভৱ হৈছে৷ এটা মাইলৰ খুঁটি ৷ লাহে লাহে প্ৰত্যাহবানৰ এক পাঠকসমাজৰ সৃষ্টি হৈছে৷

এইখিনি সময়ত আমি বহু জাতীয় ভাবাপন্ন প্ৰথিতযশা লোকৰ পৰা প্ৰৱন্ধপাতি পাইছোঁ আৰু প্ৰত্যাহবানৰ প্ৰতিটো সংখ্যাতে জাতীয়তাবাদী ধ্যান-ধাৰণাৰ মুক্ত প্ৰকাশ ঘটিছে৷

প্ৰত্যাহবানৰ জৰিয়তে আমি নতুন এচাম লিখক ওলাই অহাটো বিচাৰোঁ, যিসকলৰ লেখনিৰ একমাত্ৰ উদ্দেশ্য হ’ব স্বাভিমানী অসমীয়াৰ সুস্থ জাতীয়তাবাদ প্ৰতিটো বিষয়তে প্ৰতিফলিত কৰা৷

এই সুযোগতে প্ৰত্যাহবান সজাই তোলা প্ৰতিগৰাকী ব্যক্তিলৈ আমাৰ সশ্ৰদ্ধ অভিনন্দন জনাইছোঁ৷ অন্তৰালত থাকি মুষ্টিমেয় যি দুই-চাৰিজন লোকে প্ৰত্যেক সপ্তাহতে প্ৰত্যাহবানৰ প্ৰকাশ সম্ভৱ কৰি তুলিছে, তেওঁলোকৰ একক প্ৰয়াসৰো আমি শলাগ ল’লো৷।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description