সম্পাদকীয়
অকৰ্মণ্যতাৰ চূড়ান্ত ৰূপ

জনসাধাৰণে এতিয়া এনেকৈ ভাবিবলৈ লৈছে যে অসম চৰকাৰে একোৱেই নিয়াৰিকৈ কৰিব নোৱাৰে। প্ৰতিটো কামতে হাজাৰ খেলি-মেলি। চৰকাৰখন বেপাৰীলৈ ৰূপান্তৰ হৈছে – যেনে তেনে প্ৰকাৰে নিজৰ জেপ গৰম কৰিবলৈ আৰু ২০২৪/২০২৬ৰ নিৰ্বাচনৰ বাবে এক বিয়াগোম ব্যক্তিগত আৰু দলীয় পুঁজি সংগ্ৰহ কৰাৰ কামতহে তেওঁলোক সিদ্ধহস্ত।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পৰা ৰাজ্যিক পৰ্য্যায়লৈ ভাজপা চৰকাৰবিলাকে হিতাধিকাৰীৰ ভোটবেংক গঢ়ি তোলাতেই সকলো শক্তি নিয়োজিত কৰিছে, উন্নয়নৰ বাকী সকলোবেৰ কাম-কাজ লঘুভাৱে গুৰুত্বহীনভাৱে নামত মাত্ৰ চলাই থকা হৈছে। অৱশ্যে তেওঁলোকে এটা কথা উপলব্ধি কৰা নাই যে হিতাধিকাৰী বেংক দেউলীয়া হ'বলৈ বেছি সময় নালাগে, হিতাধিকাৰীসকল সোঁতৰ বিপৰীতে যাবলৈ সাজু হৈছে।

মাছৰ তেলেৰে মাছ ভজাৰ ৰাজনীতি বুজি পাবলৈ বেছি সময় নালাগে- ক্ষন্তেকীয়া ক্ষুদ্ৰ লাভালাভৰ বিনিময়ত কি কি হেৰুৱাইছে আৰু কেনেকৈ উন্নয়নৰ মূল সুঁতিৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰখা হৈছে এই কথা বুজি পালেই হিতাধিকাৰীসকল প্ৰলোভনৰ মায়াজাল ফালি ওলাই আহিব।

ঘৰে ঘৰে গৈ আমিয়েই এইবোৰ কথা ব্যাখ্যা কৰিব লাগিব। যিখিনি আমাক দিছে সেয়া আমাৰ প্ৰাপ্য, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে অলপমান টোপ এটা দি আমাক সৰহখিনি প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে। বাজেটৰ যোগেদি নতুনকৈ এচাম হিতাধিকাৰী সৃষ্টিৰ যি জাল পেলাব বিচৰা হৈছিল, তাত ৰাজ্যিক চৰকাৰ ব্যৰ্থ হৈছে।

মেট্ৰিক পৰীক্ষাৰ এটাৰ পিছত এটা কৈ বিষয়ৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ খবৰে এতিয়া জনসাধাৰণক হতবাক কৰিছে আৰু এনে এক পৰিৱেশত অসম চৰকাৰৰ বাজেটখনৰ ওপৰত তেনেকৈ কোনো আলোচনা, পৰ্য্যালোচনা হোৱাই নাই বুলিব পাৰি। অকৰ্মণ্য চৰকাৰে যি পৰীক্ষা এটা সুচাৰূৰূপে চলাব নোৱাৰে সেই চৰকাৰে ৰাজ্যৰ জটিল বিত্তীয় ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষ কিবা পাৰদৰ্শিতা দেখুৱাব পাৰিব বুলি জনসাধাৰণে ভাবিবলৈ এৰি দিছে। সেইবাবে এইবাৰ অসম চৰকাৰৰ বিত্তীয় লেনদেন (বাজেট ২০২৩) সম্পৰ্কে আগ্ৰহ প্ৰায় নাইকিয়া হৈছে। পৰীক্ষা এটা নিয়াৰিকৈ চলাব নোৱাৰা চৰকাৰৰ বিত্তীয় পৰিচালনাৰ ক্ষমতা কিমান জনসাধাৰণৰ বুজিবলৈ বাকী নাই।

অসম চৰকাৰ এতিয়া কলংকিত চৰকাৰত পৰিণত হৈছে। তিনিটাকৈ বিষয়ৰ পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে—আন কিটা বিষয়ৰ প্ৰশ্নকাকত যে পৰীক্ষাৰ আগেয়েই বাহিৰ হোৱা নাই, তাৰো একো নিশ্চয়তা নাই। আচলতে সমগ্ৰ পৰীক্ষাৰ বিষয়েই গভীৰ শংকা আৰু অনিশ্চয়তাৰ সৃষ্টি হৈছে। পৰীক্ষাৰ বাবে দিনক ৰাতি কৰি পঢ়া-শুনাত লাগি থকা লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ মা-দেউতা তথা সমূহ পৰিয়ালবৰ্গৰ মনত চৰকাৰৰ প্ৰতি কণমানো আস্থা নোহোৱা হৈছে।

কি কৰিলে এয়া অসম চৰকাৰে? সমগ্ৰ শিক্ষা ক্ষেত্ৰত আজি কলীয়াডাৱৰে অন্ধকাৰাচ্ছন্ন পৰিৱেশ এটাৰ সৃষ্টি কৰিছে। তাৰ বাবে দায়ী কোন? নৈতিক দায়িত্ব মূৰ পাতি লৈ ৰাজ্য চৰকাৰৰ মূৰব্বীজনে পদত্যাগ কৰিব লাগিছিল—নামমাত্ৰ দায়িত্ব স্বীকাৰ কৰিলেই নহয়। টকা-পইছাৰ নিৰ্বিচাৰ আৰু অনৰ্থক খৰছ কৰি উসৱ পালনত ব্যস্ত থকা চৰকাৰখনৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ লৈছে অসামাজিক চক্ৰবিলাকে। কোনে জানে, প্ৰশ্নকাকতৰ বেপাৰ কৰি অৰ্জা ধনৰ কিছু কিছু অংশ শাসকীয় দল আৰু ইয়াৰ এজেণ্টসকলে জেপত ভৰোৱা নাই বুলি। নহ'লেনো এইবোৰ মানুহে ইমান সাহস কত পালে?

নতুন শিক্ষা নীতি কাৰ্য্যকৰী কৰিবলৈ লৈছেই যেতিয়া এইবাৰ প্ৰকৃততে মেট্ৰিক পৰীক্ষা পতাৰে দৰকাৰ নাছিল। দশম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষা স্কুলবোৰক নিজাকৈ পাতিবলৈ দিব পাৰিলেহেঁতেন। কিন্তু মেট্ৰিক পৰীক্ষাৰ 'গ্লেমাৰে' বহুতকে আকৰ্ষণ কৰে। ব্যক্তিগত খণ্ডৰ বেপাৰী স্কুলবোৰে নহ'লে নিজৰ ঢোল কোবাব কেনেকৈ? আৰু এইবোৰৰ শাসকীয় দলৰ সৈতে সনাপিটা। সেইবাবেই অপ্ৰয়োজনীয়ভাৱে মেট্ৰিক পৰীক্ষাটো পাতি লাখ লাখ ছাত্ৰ-ছাত্ৰীক প্ৰায় তিনিমাহ সময় চিন্তাত ৰখা হ'ল ।

এতিয়া প্ৰশ্নকাকত ফাদিল কৰি তেওঁলোকক অধিক অনিশ্চয়তাৰ ফালে ঠেলি দিয়া হল। অকৰ্মণ্য চৰকাৰ, পুলিছৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল চৰকাৰ। এতিয়া কিজানি পৰীক্ষা ব্যৱস্থাটোও পুলিছক চমজাই দিব।

খবৰ ওলাইছে—পৰীক্ষা কেনেকৈ পাতিব লাগে, সেই সম্পৰ্কে পুলিছে পৰামৰ্শ দিব। এইখন চৰকাৰে অসমৰ জনসাধাৰণক ইমানেই তললৈ লৈ গ'ল।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description