সম্পাদকীয়
বাজেটৰ গূঢ়াৰ্থ

আৰএছএছ-বিজেপিৰ চৰকাৰ দুখীয়াই ভোট দিয়া ধনীৰ চৰকাৰ। বাজেটখন এই বিসংগতিৰে প্ৰকাশ।

বাজেটখনে দেশত দুখীয়া মানুহৰ অস্তিত্ব অস্বীকাৰ কৰিছে। দুবেলা দুমুঠি খাবলৈ নোপোৱা মানুহৰ অভাৱ নাই। কিন্ত্ত বাজেটত অলপ নিৰাময়ৰো ব্যৱস্থা নাই।

ইয়াৰ অৰ্থ হ'ল হিতাধিকাৰীক বিজেপি চৰকাৰে পুতৌৰ চকুৰে চায়। ই চৰম তাচ্ছিল্যৰ কথা। হিতাধিকাৰীক উপাৰ্জনৰ পথ উলিয়াবলৈ সক্ষম কৰি তোলা হোৱা নাই। হিতাধিকাৰী সজাইছে ভোট পাবলৈ। ইও গণতন্ত্ৰৰ বাবে অশুভ।

চিকিৎসা খণ্ডত ধনৰ অভাৱ। ক'ভিডে চৰকাৰী খণ্ডৰ চিকিৎসা ব্যৱস্থা উদঙাই দেখুৱালে। প্ৰায় আধা কোটী ভাৰতীয় ঢুকাল। মানসম্পন্ন সংস্থাৰ হিচাপ। চৰকাৰে হিচাপ নিদিলে। ধনীৰ বাবে চিকিৎসা সুলভ। ধনী ৰাজনৈতিক নেতাই চৰকাৰী চিকিৎসা নলয়। দুখীয়াৰ বাবে ঔষধৰ অভাৱ। তেজৰ অভাৱ।

শিক্ষাখণ্ডতো ধনৰ নাটনি। ৰাজনৈতিক নেতাই সন্তানক ধনী স্কুলত পঢ়ুয়ায়। তেনে স্কুলক বাজেটৰ ধন নালাগে। যিখিনিক লাগে বিজেপি চৰকাৰে নিদিলে। ব্ৰাজিলৰ জনগণে অলপতে ক্ষমতাত মতলীয়া ব'লছনাৰ'ক ভোটেৰে পৰাস্ত কৰিলে। তেৱোঁ স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ ধন বৰকৈ কাটিছিল। অসমতো দুয়োটা খণ্ডৰ অৱস্থা শোচনীয়।

ই বিজেপিৰ ইচ্ছাকৃত নীতি। দুৰ্বল শিক্ষাই সমাজ দুৰ্বল কৰে। তেনে সমাজক মৰিয়াই-টঙিয়াই শাসন কৰিবলৈ সুবিধা। দেশত দুখীয়া-ধনীৰ অসমতা থকাটো বিজেপিয়ে বিচাৰিছে। ট্ৰাম্পেও ধনীক সকাহ দিছিল। উফৰি গ'ল, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাবে।

বিজেপি চৰকাৰখনে আন এটা বিষম পৰিণতিৰ কৌশল লৈছে। উৎপাদনশীল কৃষকক হিতাধিকাৰী হোৱাৰ টোপ দিছে। কোনোবাই ক'ৰবাত থাকি দেশৰ গণতন্ত্র আৰু অৰ্থনীতিক লৈ কূটকৌশল ৰচিছে। আৰএছএছ আৰু বিজেপিত চিন্তাশীল মানুহৰ অভাৱ। এমুঠিমানে সকলোকে চলাইছে। বাজেটতো ই ওলাইছে।

যি কোনো দেশৰ মূল ভেটি শিক্ষা, স্বাস্থ্য আৰু কৃষি ব্যৱস্থাক এইবাৰৰ বাজেটখনে আৰু নিশকতীয়া কৰিলে। ই পৰিকল্পিত নহৈ নোৱাৰে। বাজেটখনত অতি ধনীকেইজনৰ চিন্তা আৰু কলমৰ পৰশ আছে বুলি নিশ্চিতভাৱেই ক'ব পাৰি।

দেশৰ বিত্ত মন্ত্ৰীগৰাকীৰ দীনতা কথা-বতৰাতে ওলায়। প্ৰধান মন্ত্ৰীয়ে ২০১৪ চনৰ পৰা আচল সাংবাদিকৰ সন্মুখীন হোৱা নাই। বোধহয় বিশ্বতে এনে উদাহৰণ বিৰল।

দেশখন বিশাল। বাজেটখন চুটি। উপায়ো নাই। আগৰ মিছা প্ৰতিশ্ৰুতিৰ পৰিণামবোৰ কয় কেনেকৈ??

বসন্ত ডেকা

Image Description