সম্পাদকীয় - ব'হাগৰ বিহু অসমীয়াৰ পৰিচয়

অসম আৰু অসমীয়াৰ পৰিচয় ব'হাগৰ বিহুটি। সেইবাবেই ই আমাৰ অতিকে আপোন - 'ব'হাগ মাঁথো এটি মাহ নহয়... ।'

পাঁচ হেজাৰ বছৰৰো অধিক কাল আমি বিহু পালন কৰি আহিছোঁ আৰু স্বাভাৱিকতে সময়ৰ সাঁচ বিহুৰ ওপৰত পৰিছে। সৌ সিদিনাৰ নৈৰ বাকৰিৰ বিহু মঞ্চলৈ আহিল। খাৱন-শোৱন পাহৰা ডেকা-গাভৰুৰ উদ্দাম বিহুনৃত্যই নতুন সাজ পিন্ধিলে আৰু মঞ্চত প্ৰদৰ্শনৰ উপযোগীকৈ নৰূপত গঢ়ি তোলা হ'ল।

তথাপিও বিহুনৃত্য আৰু বিহুৰ লগত জড়িত আন সকলোবোৰ কাৰ্য্যকলাপে এতিয়াও সগৌৰৱে অসমীয়াত্বৰ চিনাকি দাঙি ধৰি আছে।

সময়সোঁতত আমাৰ জীৱন জীৱিকাৰ বহুখিনি পৰিৱৰ্তন হৈছে, সমাজৰ বান্ধোনবোৰো শিথিল হৈছে, তথাপিও অসমীয়াৰ মূল ভেটি উৱঁলি যোৱা নাই আৰু আমাৰ এক নিজস্ব পৰিচয় আমি গভীৰ আস্থাৰে বিশ্বৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ বিহুৰ স্বকীয়তাৰ বাবে।

ঢোলত চাপৰ মাৰি বিহুৱা ওলালে, মনপ্ৰাণ উদ্বাউল কৰি তোলা ম'হৰ শিঙৰ পেঁপাটিৰ মাত শুনিলে অসমীয়াত্ব জাগ্ৰত হৈ পৰে। ব'হাগত যদি আমাৰ মন-প্ৰাণ জাগি নুঠে তেতিয়া এনেহে লাগে, যেন আমাৰ শিপাৰ লগত সম্পর্ক দুৰ্বল হৈ পৰিছে।

চ'তৰ আধাখিনি যোৱাৰ পৰাই অসমৰ গাঁৱে-ভূঞে ডেকা গাভৰুৰ মন উৰোঁ উৰোঁ কৰি থাকে। সন্ধিয়া হওঁতে নৌহওঁতেই গাঁৱে গাঁৱে ঢোলৰ গুমগুমনি উঠে ৰাতি এডোখৰলৈ। যেন মেঘৰহে গৰ্জন - বৰদৈচিলাৰ মাকৰ ঘৰলৈ অহাৰ প্ৰস্তুতি।

এই স্বাভাৱিক প্ৰক্ৰিয়াৰ স্থান এতিয়া লৈছে অনুশীলনে, কাৰণগাঁৱৰ পৰা নাচনীখিনি আহিব লাগিব নগৰৰ মঞ্চত উদ্দাম বিহুনৃত্য প্ৰদৰ্শনৰ বাবে। বহুতৰ বাবে ই দিছে জীৱিকাৰ পথ। বিহুৰ কিদিন আগতে গাঁৱলৈ সোমাবই নোৱাৰি - ভিতৰুৱা ৰাষ্টাতো গাভৰুৰ জাক। অচিনাকিজন আহিলেও এপাক দিলেহে ৰাষ্টা এৰি দিয়াৰ নিয়ম। কাকো মাতিব লগা হোৱা নাই।

চ'ত সোমাওঁতে নোসোমাওঁতেই আটায়ে ৰাষ্টালৈ, চাৰিআলি - তিনিআলিৰ মূৰলৈ ওলাই আহে - দুই হাত মেলি কঁকাল ভাঙি ভাঙি - গচকত ভাঙি যাওঁ যঁতৰ। সেই ৰূপ হয়টো এতিয়া কিছু নিস্তেজ হৈছে - কিন্তু বিহু চেঁচা পৰা নাই। কেনেকৈনো পৰিব - ই যে আমাৰ পৰিচয়।

আমাৰ এই অসমীয়াত্বৰ পৰিচয় যুগযুগান্তৰলৈ আমি ধৰি ৰাখিম। কোনেও আমাৰ এই পৰিচয় কাঢ়ি নিব নোৱাৰে।

অসমীয়া য'তেই থাকে তাতেই বিহুৰ কিদিন আটাইৰে গা-মন ৰাই-জাই কৰে। মনবোৰ উৰা মাৰে অসমলৈ - আমাৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ বহুল ৰূপটো ইয়াৰ ওপৰতে গঢ়ি উঠিছে। সেইবাবেই আমি অসমীয়া। আমাৰ এই অধিকাৰ কোনেও কেতিয়াও কাঢ়ি নিব নোৱাৰে।।

ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description