সম্পাদকীয়
পৰিবৰ্তনৰ বতাহ?

২০১৪ চনৰ পৰা দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ধৰক-বৰক কৰি পেলোৱা হৈছে। দমনৰ মাজতো প্ৰতিবাদ অব্যাহত আছে। তাতে আশা জীয়াই আছে।

আৰএছএছৰ কথা সামান্য সলনি হৈছে বাৰু! এগৰাকী জনাজাত মহিলাক মঞ্চত বহুৱাইছে। প্ৰথমবাৰৰ বাবে। চাকৰিৰ ব্যৱস্থা হেনো কৰিব লাগে। অসমতা হেনো দূৰ কৰিব লাগে।

অথচ আৰএছএছৰ ৰাজনৈতিক দলটো শাসনত আছে। কথাবোৰ তেন্তে কাক কৈছে? বিৰোধীয়ে এইবোৰ দাবী তুলিয়েই আছে। পৰিবহণ মন্ত্ৰী গাডকাৰিয়ে কৈছে দেশখন ধনী, কিন্তু মানুহবোৰ দুখীয়া হৈছে।

কথাবোৰ প্ৰধান মন্ত্ৰী মোদীকে লক্ষ্য কৰি কৈছে। এইয়া সকীয়নি নে অনাস্থা? কংগ্ৰেছ ৰাজপথত নামিছে। এক ৰাজনৈতিক বাস্তৱতা। সাগৰৰ বতাহ কিছু বোৱাব খুজিছে। সময়ে ক'ব।

পৰিবৰ্তন বিচৰাৰ শতাংশ বাঢ়িছে। আৰু বাঢ়িব লাগিব। আৰএছএছৰ কথাবোৰ বিশ্বাসৰ যোগ্য নহয়। ক্ষমতাৰ সোৱাদ পাইছে। সহজে এৰিব নুখুজিব। ক্ষমতা, অন্ধবিশ্বাস আৰু গোড়ামি বিপদজনক সংমিশ্ৰণ।

হিন্দু মৌলবাদ আৰু মুছলিম মৌলবাদে পৰস্পৰক শক্তি দিয়ে। দুয়োটাই গণতান্ত্ৰিক মূল্যবোধৰ শত্ৰু। এনে চিন্তাধাৰাৰ শতাংশ বাঢ়িলেহে আৰএছএছৰ আশিসত মোদী-শ্বাহৰ ধৰ্মান্ধতা সিক্ত বিভাজনৰ ৰাজনীতিক ঠেলিব পৰা যাব।

ৰাহুল গান্ধীক জাকে জাকে মহিলাই হাতত ধৰিছে। আজান শুনি ভাষণৰত ৰাহুল গান্ধী কিছু সময় ৰৈ গ'ল। পিছদিনাই কাশ্মীৰত গৃহ মন্ত্ৰী অমিত শ্বাহ আজানৰ মাজত ৰৈ গ'ল!!

আৰএছএছ আৰু বিজেপিৰ নতুন দৃশ্যাংশ আৰম্ভ হৈছে। আমি ভোল গ'লে ভুল হ'ব। নিৰ্বাচনৰ আখৰা বেলেগ হয়েই। বৃহৎ নদীবান্ধ নালাগে বুলি মন্ত্ৰী ৰাজনাথ পানীত নামিছিল। আমি পাহৰা নাই।

প্ৰধান মন্ত্ৰীৰ আখৰাৰ কথা কৈ থাকিলে ওৰেই নপৰিব। ভাৰতীয় সংস্কৃতি আৰএছএছৰ আধাৰ যে নহয়, সেয়া প্ৰতিষ্ঠা হ'ল। মিছা কথা ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্য নহয়।

বিজেপিৰ দল, বিধায়ক, মন্ত্ৰী, মুখ্য মন্ত্ৰী, কৰ্মকৰ্তা সকলো ধনী হৈছে। আৰএছএছ নিমাতে আছে। গুৱাহাটীৰ কাৰ্য্যালয়ৰ ভৱন সদায়েই বিজেপিৰ দুৰ্নীতিৰ প্ৰতীক হৈ ৰ'ব।।

বসন্ত ডেকা

Image Description