সম্পাদকীয় - 'ধর্ম নাই' পৃথিৱীৰ নৱতম প্ৰধান ধৰ্ম

'ধর্ম নাই' পৃথিৱীৰ নৱতম প্ৰধান ধৰ্ম

এটা সময় আছিল পৰীক্ষা দিবলৈ যাবলৈ ওলোৱা ছাত্ৰ–ছাত্ৰীক ভাতৰ লগত আলু আৰু কণী খাবলৈ বাধা দিয়া হৈছিল। আলু আৰু কণীৰ আকাৰ প্ৰায় শূণ্য সংখ্যটিৰ দৰে দেখাত হোৱা বাবেই তেনে কৰা হৈছিল। ধাৰণা কৰা হৈছিল আলু আৰু কণী খাই যোৱা সকলে পৰীক্ষাৰ উত্তৰ বহীত শূণ্য নম্বৰ পোৱাৰ সম্ভাৱনা থাকে। এনে ধৰণৰ অন্ধবিশ্বাস সেই সময়ৰ সমাজৰ বাবে আচৰিত হ'বলগীয়া বিষয় নাছিল। অৱশ্যে তেতিয়াও পঢ়া-শুনাৰ সলনি পৰীক্ষাৰ সতে আলু–কণীৰ সম্পৰ্ক কি বুলি প্ৰশ্ন কৰা ছাত্ৰ–ছাত্ৰীও তাকৰকৈ হ'লেও আছিল।কিন্তু কি হ'ব সমাজত অন্ধবিশ্বাসৰ শিপাডাল ইমান গভীৰ আছিল যে বহুজনে লিখা কলমটো পৰীক্ষাৰ আগেআগে জৰা-ফুকা কৰোৱাই ৰাখিছিল। বিশ্বাস আছিল তেনে কৰিলে কলমটোৰে ঐশ্বৰিক শক্তিৰ বলত সকলো উত্তৰ অনায়েসে লিখিব পৰা হ'ব।

এতিয়া সময় সলনি হ'ল। আজিৰ প্ৰজন্মৰ অধিকাংশৰে এনেবোৰ কথাত কোনো বিশ্বাস নাই। এই স্মাৰ্ট ফোনৰ যুগত লৰালিৰ পৰাই বিশ্বৰ যিকোনো খবৰ হাতৰ মুঠিতে পোৱা নৱপ্ৰজন্মই কোনোবাই কৈছে বুলিয়েই সকলো কথা বিশ্বাস নকৰে। তেওঁলোকে সকলো প্ৰশ্নৰ উত্তৰ যুক্তিৰে বিচাৰ কৰে। এনেবোৰ কাৰণতেই কঠোৰ ধৰ্মীয় ৰীতি–নীতিবোৰ পালন কৰা লোকৰ সংখ্যা চাগে দিনকদিনে কমি আহিছে।

আমাৰ দেশৰ তুলনাত বিশ্বাসৰ সতে জড়িত বিষয় সমূহ বৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰকাশ্যে পৰ্যালোচনা কৰাৰ পৰিবেশ পশ্চিমৰ দেশ সমূহত বহু পূৰ্বৰে পৰা দেখা যায়। এনেবোৰ দেশত ধৰ্মীয় উপাসনাস্থলীলৈ গৈ প্ৰাৰ্থনা কৰাৰ বাবে কাহানিবাৰ পৰাই অনেকজনে উদাসীনতা প্ৰকাশ কৰি আহিছে। সময়ৰ পৰিৱৰ্তনত এনেলোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰে কিছুসংখ্যকে নিজকে নাস্তিক বুলি কয় যদিও অনেকেই নিজৰ কোনো ধৰ্ম নাই বুলি কোৱাটোহে বেছি পছন্দ কৰে। 'নাস্তিক' নাইবা 'কোনো ধৰ্ম নাই' যিবুলিয়েই কোৱা নহওক এওঁলোকে সৃষ্টিকৰ্তা বা কোনো ধৰ্মীয় ৰীতি-নীতিৰ ওপৰত বিশ্বাস পোষণ নকৰে। এওঁলোকে ধৰ্মক প্ৰমানহীন বিশ্বাস বুলি ভাবে।

ৱাছিংটন দি চিৰ, পিউ ৰিছাৰ্চ চেণ্টাৰ ( Pew Reserch Center)ৰ এক গৱেষণামতে ২০৬০ চনত সমগ্র বিশ্বত নাস্তিক আৰু ধৰ্ম অবিশ্বাস কৰা লোকৰ সংখ্যা বৃদ্ধি হৈ ১২০ (এশ বিশ) কৌটি হ'ব। তথাপিও ধৰ্ম বিশ্বাসীৰ সংখ্যা তাতকৈও অধিক হ'ব।

ছুইজাৰলেণ্ডৰ গালাপ ইন্টাৰনেচনেল ( Gallup International) নামৰ এক সংস্থাই বিশ্বৰ ৬৫ খন দেশত এক জৰীপ চলাইছিল। এই জৰীপৰ পৰা পোৱা তথ্যমতে চীনত ৯০% লোক নাস্তিক। চীনৰ ৬১% লোকে সৃষ্টিকৰ্তাৰ অস্তিত্ব অস্বীকাৰ কৰে। অৱশিষ্টৰ ২৯% লোকে নিজৰ ধৰ্মৰ প্ৰতি বিশ্বাসী নহয় বুলি কয়।

চুইডেনৰ ৮% লোকেহে উপাসনালয়লৈ গৈ ধৰ্ম চৰ্চা কৰে। জৰীপমতে ৭৬% লোকে সৃষ্টিকৰ্তা আছে বুলি বিশ্বাস নকৰে। চেক প্ৰজাতন্ত্ৰ, গ্ৰেট ব্ৰিটেইন, হংকং, জাপান আৰু জাৰ্মানীত ক্ৰমে ৭৬% , ৭৫%, ৬৬%, ৪২%, ৬২% আৰু ৫৯% লোক নাস্তিক বা কোনো ধৰ্ম নাই বুলি কোৱা লোক।

এই জৰীপত স্পষ্টৰূপত প্ৰকাশ পাইছে যে আস্তিক সংখ্যগুৰু দেশৰ পৰা এই নাস্তিক প্ৰধান দেশসমূহলৈ অহা লোকে উন্নত জীৱনৰ সন্ধান পাইছে।

ওপৰৰ তথ্যৰ পৰাই এটা কথা স্পষ্ট যে কোনো ধৰণৰ ধৰ্মত বিশ্বাস নকৰা লোকৰ সংখ্যা বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে। 'ধৰ্ম নাই' আজি অনেকৰ ধর্ম। 'ধৰ্ম নাই' পৃথিৱীৰ নৱতম প্ৰধান ধৰ্ম।

Image Description