সম্পাদকীয়
দ্ৰৌপদী মুৰ্মু

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাবে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত আমি অভিনন্দন জনাইছোঁ।

নিৰ্বাচনৰ আগে আগে দেশত অবিজেপি দল আৰু চৰকাৰত বিজেপি দলে যেনেকৈ সিন্ধি খন্দা ৰাজনীতি আৰম্ভ কৰিছিল, তাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ প্ৰাৰ্থীৰ জয় অবধাৰিত আছিল। ইয়াৰ পৰা আৰু এটা কথা প্ৰমাণিত হ'ল যে অবিজেপি দলবোৰে নিজৰ নিজৰ ঘৰখন সুৰক্ষিত কৰি ৰাখিব পৰা নাই।

স্বয়ং কংগ্রেছ দলৰে বিধ্বস্ত অৱস্থা। আৰু এটা কথা স্পষ্ট হৈ পৰিল যে জনসাধাৰণৰ মাজত 'হিতাধিকাৰী' বা কৃতজ্ঞ ভোটাৰৰ বেংক এটা সৃষ্টি কৰাৰ সমান্তৰালভাৱে অবিজেপি দলবিলাকৰ একাংশ লোভী বিধায়ক/সাংসদৰ মাজতো এচাম তথাকথিত কৃতজ্ঞ ভোটাৰৰ উকমুকনি ঘটিছে আৰু ইয়াৰ অন্তৰালত কোটী কোটী টকাৰ লেনদেন, এনফৰ্চমেণ্ট ডিৰেক্টৰেট (ED) অথবা চিবিআই তদন্তৰ ভাবুকি অথবা ভৱিষ্যতৰ বাবে লোভনীয় প্ৰস্তাৱ, এনেকুৱা বহুত কথা জড়িত হৈ আছে যে সেই বিষয়ে কোনো সন্দেহ নাই।

ৰাজনীতিক যে ক্ৰমান্বয়ে নৈতিকতাবিহীন কৰি তোলা হৈছে, সেই বিষয়ে কোনো সন্দেহ নাই। সকলো পণ্য সামগ্রীত পৰিণত হৈছে আৰু সেইবাবে যাৰ হাতত টকা-পইছা বেছি অথবা ক্ষমতাৰ বাঘজৰী আছে, তেওঁলোকৰ বাবে কিনিব নোৱাৰা বস্তু একো নাই - মানুহৰ কথাটো সাধাৰণ।

দ্বিতীয়গৰাকী মহিলা ভাৰতৰ ৰাষ্ট্ৰপতি হিচাবে বিজয়ী হৈছে, এই কথাটোৱে আমাক অতিশয় আনন্দিত কৰিছে। কিন্তু এই কথাটোৱে কোটী কোটী ভাৰতীয় মহিলাৰ কিবা যে বিশেষ উপকাৰ কৰিব তাৰ কোনো নিশ্চয়তা নাই।

সৰহসংখ্যক ভাৰতীয় নাৰীৰ অসহায় অৱস্থা, ধৰ্ষণ-লুণ্ঠন-অত্যাচাৰ-উৎপীড়ন, এইবোৰ কমি যাব বুলি কোনেও ক'ব নোৱাৰে।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ গোটেই সময়ছোৱাত লিখিত বা ইলেকট্রনিক মাধ্যমৰ ক'তো দ্ৰৌপদী মুৰ্মুৰ ব্যক্তিত্ব অথবা এগৰাকী শিক্ষয়িত্ৰীৰ পৰা ৰাজ্যপাল আৰু এতিয়া ৰাষ্ট্ৰপতি হোৱালৈকে বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমাৰ আলোচনা নেদেখিলোঁ, নপঢ়িলোঁ। সকলোতে গুৰুত্ব তেখেত এগৰাকী আদিবাসী মহিলা আৰু এনেকুৱা কৈ কথাবোৰ কোৱা হৈছে যেন তেখেতক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰি সমগ্র আদিবাসী জনতাক কৃতার্থ কৰিছে।

আঁহফলা ৰাজনীতি অথবা ভৱিষ্যতৰ পৰিকল্পনা ইয়াত সোমাই থকাৰ নিশ্চিত গোন্ধ আছে।

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিগৰাকী দেশৰ সাংবিধানিক মুৰব্বী, প্ৰকৃত ক্ষমতা অতিশয় সীমিত। অৱশ্যে গণতন্ত্রত তেনেকুৱাই হোৱা উচিত। জনসাধাৰণে ভোট দি পোনপটীয়াকৈ নিৰ্বাচন কৰি পঠোৱা সকলৰ সামগ্ৰিক ক্ষমতা অপ্ৰত্যক্ষ নিৰ্বাচনৰ যোগেদি নিৰ্বাচিত হোৱা জনতকৈ বেছি হোৱাটো নিতান্তই উচিত। তথাপি সংবিধানত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিগৰাকীক যিখিনি অভিভাৱকত্ব দিয়া হৈছে সেইখিনিৰ সহায়ত চৰকাৰখনৰ ওপৰত বহুখিনি নৈতিক প্ৰভাৱ ৰাষ্ট্ৰপতি এগৰাকীয়ে খটুৱাৰ পাৰে।

হয়তো ডঃ ৰাজেন্দ্ৰ প্ৰসাদ, ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ, ডঃআব্দুল কালামৰ দৰে ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা কেইবাজনো পুৰোধা ব্যক্তিয়ে চৰকাৰখনৰ অভিভাৱকত্বৰ কাম নিয়াৰিকৈ কৰিছিল।

দ্ৰৌপদী মুৰ্মু এগৰাকী মাতৃ - আমি আশা কৰিছোঁ 'তেখেত বিজেপিৰ এগৰাকী সদস্য' এই বিৱৰণৰ ওপৰলৈ গৈ দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি হিচাৱে কাললৈ নাম ৰাখি যাব।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description