সম্পাদকীয় - এন্ধাৰৰ বিৰুদ্ধে অস্ত্ৰ

কাতি মাহ অহাৰ সময়ত অসমৰ কৃষিজীৱী ৰাইজৰ ভঁৰালসমূহ প্ৰায় উদং হয়। ইফালে নতুন ধান পকিবলৈ তেতিয়াও এমাহৰ সময় বাকী থাকে। ৰাইজে সোণোৱালী ধানৰ শস্যৰ পথাৰখনৰ অপেক্ষাত অধীৰ আগ্ৰহেৰে আঘোণলৈ ৰৈ থাকে। লহপহকৈ বাঢ়ি অহা সেউজীয়া ধাননি পথাৰখন পোক-পৰুৱাই খাই যাতে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে পথাৰত বন্তি জ্বলায়। আহিনৰ সংক্ৰান্তীৰ দিনাখনৰ কাতি বিহু নাইবা কঙালী বিহুৰ এই পৰম্পৰা তাহানিৰ পৰাই অসমৰ সমাজত প্ৰচলিত হৈ আছে।

ইয়াৰ উপৰিও ঘৰে ঘৰে তুলসীৰ পুলি ৰুই সমগ্র কাতি মাহত চাকি দিয়া হয়। কি কাৰণত এই পৰম্পৰাৰ সৃষ্টি হ'ল তাক আজি সকলোৱে বুজি পাইছে। কৃষিভিত্তিক অসমৰ জাতীয় জীৱনত প্ৰতিটো বিহুৰ পৰম্পৰা সেয়েহে আজিও বৰ্তি আছে।

৩১ আহিন, ১৮ অক্ট'বৰত এইবর্ষৰ কাতি বিহুৰ দিন পৰিছে। পৰম্পৰা অনুযায়ী কাতি বিহুৰ দিনাই পথাৰত ঔটেঙাৰ বাকলিত মিঠাতেলৰ আকাশবন্তি জ্বলোৱা হয়।

ইফালে মাত্ৰ কেইমাহমানৰ ভিতৰতে মিঠাতেলৰ দাম দুগুণ হ'ল। পেট্ৰ'লে চেঞ্চুৰী কোবালে। ডিজেলো আছে শতকৰ ঘৰত। গেছ চিলিণ্ডাৰৰ দাম হাজাৰৰ আশে-পাশে, তাৰো আকৌ ৰাজসাহায্য বন্ধ কৰি দিয়া হ'ল। শাক-পাঁচলিকে ধৰি প্ৰতিটো বস্তুৰে আকাশলঙ্ঘী দাম। সকলোসামগ্ৰীৰ এই জুইছাই দামৰ দিনত কৃষক ৰাইজৰ কাতি বিহু পালন কৰাৰ ক্ষমতাখিনিও নোহোৱা হ'ল। ইফালে পোক-পৰুৱাৰ পৰা পথাৰখন ৰক্ষা কৰাটোও অতি জৰুৰী। কাৰণ এইয়াটো কেৱল পৰম্পৰাৰ নামত পৰম্পৰা নহয়। ই হৈছে এক অতি প্ৰয়োজনীয় বিধি। কি এক গভীৰ সংকটত আজি আমাৰ জাতীয় জীৱন।

কাতি বিহুক কঙালী বিহু কোৱা হয়, কাৰণ এইটো সময়ত ফচল উৎপাদন সম্পূৰ্ণ নহয়। এমাহৰ পিছতে শালি খেতিৰ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ ভঁৰালবোৰ ভৰি পৰিব। শস্য উভৈনদী হ'ব। মাঘত পালন হ'ব ভোগালী বিহু । গতিকে ভোগালীৰ ছবিখন সমুখত ৰাখিহে অতি আশাৰে কঙালী বিহু পালন কৰা হয়, য'ত থাকে অলেখ-অযুত সপোন।

কিন্তু এইবাৰৰ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া। ভোগালীৰ ছবিখন এতিয়া আৰু কাৰো মন-মগজুত নাই। দূৰ-দূৰণিলৈ সকলোৱে চকুৰে কেৱল আৰু কেৱল এন্ধাৰ দেখিছে। ৰাইজে দেখিছে এইয়াটো কঙালী নহয়, সকলো উচন হোৱা পৰিস্থিতি উদ্ভৱ হৈছে। এনে পৰিস্থিতি আৰু কিছুদিন থাকিলে ভোগালীত ভিক্ষাৰ জোলোঙা লৈ ওলাব লাগিব।

ইমানৰ পিছতো শাসক পক্ষৰ নেতাসকলৰ চেতনা অহা নাই। ক্ষমতাৰ ৰাগীত অন্ধ হৈ জনসাধাৰণৰ দুখ-দুৰ্দশা অনুভৱেই কৰিব পৰা নাই। যাৰ যি মন যায় তাকে কৈ সকলো কথা পেংলাই কৰি উৰুৱাই দিছে। যেন ক'তো একো হোৱা নাই, সকলো ঠিকেই চলি আছে। পূৰ্ণোদ্যমে বিভেদৰ ৰাজনীতি চলাই আছে। এটা পক্ষক আন এটা পক্ষৰ বিৰুদ্ধে অনবৰতে উচটাই আছে। জনসাধাৰণক অন্ধকাৰ যুগলৈ ক্ৰমান্বয়ে আগুৱাই নিয়া হৈছে। দেশত এন্ধাৰ নৃপতিৰ শাসন গজগজীয়া কৰিব বিচৰা হৈছে।

আনহাতে এইটোও নহয় যে ইয়াৰ বিৰুদ্ধে কোনো প্ৰতিবাদ হোৱা নাই। প্ৰতিবাদ হৈছে, দেশত-ৰাজ্যত সকলোতে প্ৰতিবাদ হৈছে আৰু হৈ আছে। কিন্ত এই প্ৰতিবাদ একত্ৰিত ৰূপত হোৱা নাই। সেইবাবে এন্ধাৰৰ নেতাসকলৰ বুকু কঁপা নাই। ৰাইজ একত্ৰিত হ'ব পাৰিলে এন্ধাৰ বিয়পোৱা সকল নিমিষতে পলাই-পত্ৰং দিয়াটো খাটাং। বিভেদৰ জালখন ফালি শীঘ্ৰে সকলো একত্ৰিত হ'বই লাগিব। অন্যথা পিছত প্ৰতিবাদ কৰাৰ ক্ষমতাই নোহোৱা হৈ যাব।

গতিকে সময় থাকোঁতেই এন্ধাৰৰ বিৰুদ্ধে সকলো একত্ৰিত হ'ব লাগিব। কাতি বিহুৰ দিনাখনেই ইয়াৰ পাতনিৰ বাবে নিশ্চয় উচিত সময় হ'ব। তেতিয়া মনৰ জেউতিৰ বন্তি গছিৰ শক্তিয়েই এন্ধাৰৰ বিৰুদ্ধে পাশুপাত অস্ত্ৰ হ'ব।

Image Description