সম্পাদকীয়
হঠকাৰী সিদ্ধান্ত

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন, ৰাধাকৃষ্ণণ আয়োগ, কোঠাৰী আয়োগ, প্ৰতিখন শিক্ষা আয়োগ, শেহতীয়া শিক্ষা নীতি সকলোৰে গুৰুত্ব মাতৃভাষাৰ ওপৰত।

ন'বেল বিজয়ী ছি ভি ৰামণ আৰু বিজ্ঞানী আৰু ৰাষ্ট্ৰপতি এ পি জে কালামৰ স্পষ্ট মত: স্কুলত বিজ্ঞান শিক্ষাৰ শ্ৰেষ্ঠ মাধ্যম মাতৃভাষা।

নতুন শিক্ষা নীতিৰ আধাৰতে প্ৰধান মন্ত্ৰীৰ ঘোষণা: অসমৰ ল'ৰাই অসমীয়া ভাষাতে ইঞ্জিনিয়াৰিং আৰু মেডিকেল পঢ়িব পাৰিব।

অসমৰ মুখ্য মন্ত্ৰীৰ ঘোষণা: তৃতীয় শ্ৰেণীৰ পৰা অসমীয়া অপসৰণ হ'ল। তাৰ ঠাই ল'ব ইংৰাজীয়ে। বিজ্ঞান আৰু গণিত শিকিব লাগিব ইংৰাজীত।

কি হ'ব তেতিয়া?

দেশৰ আৰু বিশ্বৰ বিভিন্ন প্ৰতিযোগিতাত অসমীয়া ল'ৰাই নাম উজলাব!

গছত গৰু উঠা কথা।

এটা কথাই ওলাই পৰিল।

অসমৰ কেবিনেটখনে শিক্ষাৰ সূক্ষ্ম বৈশিষ্ট্যবোৰ নাজানে। ছাত্ৰৰ মনস্তত্বৰ ওপৰত গুৰুত্ব নিদিয়ে। মাতৃভাষাত শিক্ষালাভৰ অধিকাৰক গুৰুত্ব নিদিয়ে। নিজৰ সন্তানক ইংৰাজীত ডাঙৰ-দীঘল বাবে আনৰ ওপৰতো জাপি দিব বিচাৰিছে।

ৰাজ্য চৰকাৰৰ সাংবিধানিক দায়িত্ব হ'ল ৰাজ্যৰ থলুৱা ভাষাক গুৰুত্ব দিয়া। ইংৰাজী তেনে দায়বদ্ধতাৰ ভিতৰত নপৰে।

ড০ শৰ্মাৰ চৰকাৰখন অসমীয়া ভাষা বিদ্বেষী হৈ পৰিছে। আঁৰত কাহিনী আছে। থাকিব লাগিব।

অসমীয়াৰ পৰিচয় ভাষাত । ধৰ্মত নহয়। অসমীয়াভাষী সকলো ধৰ্মৰ মানুহেই অসমীয়া। এইটো বিজেপিৰ সহ্য হোৱা নাই। অসমীয়া ভাষা বিদ্বেষৰ কাৰণ এইটোৱেই।

বৃটিছৰ পিছত বিজেপি চৰকাৰে আকৌ এবাৰ অসমীয়া স্কুলৰ পৰা অপসৰণ কৰিব বিচাৰিছে।।

বসন্ত ডেকা

Image Description