সম্পাদকীয় - ১৬ জানুৱাৰীৰ সংখ্যাত ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্যই শিক্ষা নীতিৰ ওপৰত কেইবাটাও দিশ আঙুলিয়াই দিছে।

দুটামান কথা সংযোগ কৰিব খুজিছোঁ। এইখন শিক্ষা নীতি নামত হ'ব, কামত প্ৰয়োগ নহয়। ঢোল-খোল বজাব। সকলো ৰৈ যাব। শিক্ষা নীতিৰ সংশোধন বিচাৰি প্ৰায় আঢ়ৈ লাখ আবেদন দিছিল। মূল কথাৰ এটা শব্দ সলনি নহ'ল। সকলোতে মাঁথো অহংকাৰ।

ল'বলগীয়া বাস্তৱ ব্যৱস্থাৰ কেইবাটাও উল্লেখ কৰিলোঁ । চৰকাৰী কাৰ্য্যকৰ্তাৰ বাবে।

নতুন কামৰ ঢোল কোবোৱাৰ আগতে কেইবাটাও সদায়েই দৰকাৰী কাম কৰি লওক। নহ'লে নতুনেও কাম নিদিয়ে।

১ ছাত্ৰ-শিক্ষকৰ ১: ৪০ অনুপাতত শিক্ষক নিযুক্তি দিয়ক। ৰাজ্যৰ নগৰ-চহৰৰ চুকে-কোণে থকা সকলো স্কুল সামৰি লওক।

২ অনুপাত নিমিলেও সকলো বিষয়ৰ শিক্ষক নিযুক্তি নিশ্চিত কৰক। সকলো স্কুলতে।

বহু স্কুলত এতিয়াও গণিতৰ ছাৰে সকলো পঢ়ুৱায়। অসমীয়াৰ ছাৰেও সকলো পঢ়ুৱায়।

৩ এখন বেঞ্চত ৪ জনকৈ ডেক্স-বেঞ্চৰ ব্যৱস্থা কৰক। সোলোক-ঢোলোকবোৰ আতঁৰাওক।

৪ ব্লেক ব'ৰ্ডবোৰ অন্তত ৮ ফুটৰ কৰক। কাহানিবাই ৰং যোৱা ব'ৰ্ডবোৰে ছাত্ৰ-ছাত্ৰীৰ মনবোৰ ফৰকাল নকৰে।

৫ অন্ধকাৰ কোঠাত লাইটৰ সংযোগ কৰক। নিজে দেখিলেহে প্ৰয়োজন বুজিব পাৰিব।

৬ পৰীক্ষাগাৰ এতিয়াও কাগজত আছে, কোঠাই নাই, বেছিভাগতে।

৭ পুথিভঁৰাল এতিয়াও কাগজত আছে, কিছু স্কুল চাই আহিলেই জানিব। থকাবোৰতো কিতাপ নিবলৈ নিদিয়ে। লাইব্ৰেৰীৰ চোৱা-চিতা কৰা মানুহ নাই।

৮ খেলৰ কোনো চিন্তাই নাই। যি খেলিছে নিজৰ বলতহে আগবাঢ়িছে।

৯ প্ৰাক-প্ৰাথমিকৰ ব্যৱস্থা দেখি হাঁহিবই নে কান্দিব আগেয়েই ঠিক কৰি যাব।

১০ সকলো স্কুলতে চকীদাৰ নিযুক্তি দিয়ক।

স্কুলৰ কথাখিনিহে উল্লেখ কৰিলোঁ। ১৫ বছৰে একো নহ'ল। ২০২৬লৈ একো নহয়। কিন্ত গুণ গাওঁতা ওলাব। বিজ্ঞাপন ওলাব । কাৰণ বিজ্ঞাপন সঞ্জীৱনীৰ দৰে।

বসন্ত ডেকা

Image Description