সম্পাদকীয়
বানপানী সমস্যা হৈয়ে ৰওক!

আমাৰ বানপানীৰ সমস্যাক স্বীকৃতি দিয়ক। ই ৰাষ্ট্ৰীয় সমস্যা। দিল্লীৰ চৰকাৰে কওক।

অসমৰ মানুহে দাবী তুলি আহিছে। অৱশ্যে ৰাষ্ট্ৰীয় দলবোৰে নকয়। কাৰণ তেওঁলোক ৰাষ্ট্ৰীয় দল! তেওঁলোকৰ মনত অসম প্ৰথম নহয়।

১৯৮৫ চনত জন্ম হোৱা আঞ্চলিক দলটোৰ বাবেও অসম এতিয়া প্ৰথম নহয়। তেওঁলোকে 'জয় আই অসম' ক'ব নোৱৰা হ'ল।

ব্ৰহ্মপুত্ৰৰ বিষয়ে ৰচনা আছে। স্কুলত পঢ়িবলৈ। সভ্যতা গঢ়াৰ বুৰঞ্জী আছে। কিন্ত্ত প্ৰবাহৰ অধ্যয়ন নাই। প্ৰবাহ নিয়ন্ত্ৰণৰ উপায় ওলাই কেনেকৈ?

সৰু-সুৰা গবেষণা হৈছে। কিন্ত্ত প্ৰচণ্ড প্ৰবাহে আৰু শক্তিয়ে পাৰ খহাই আছে। ঘৰ-দুৱাৰ ভাঙি আছে। মাত্ৰা বাঢ়িছে। উদাসীনতাও বাঢ়িছে।

আমি আশা কৰিয়েই আছোঁ দিল্লীয়ে তৰিব। আমি দাবী কৰিয়েই আছোঁ আমাৰ কথা শুনক।... বানপানীৰ উচ্চতা বাঢ়ি আছে।

দিল্লীয়ে কৰিব। ৰাজ্য চৰকাৰে একো নকৰিলেও হ'ব। দিল্লীয়ে অসমৰ কথা ভাবে। আমাৰ গবেষকে হাত সাবটি থাকিলেও হ'ব। আমি দাবী তুলি থাকিলেই হ'ব।

আমি যে অসমীয়া!

বিশ্ববিদ্যালয়, আইআইটি নিৰ্বিকাৰ হৈ থাকিলে নচলিব। আমি কিয় ক'বলৈ দ্বিধা কৰোঁ?

উপায়ৰ সন্ধান কৰক। মথাউৰিৰ উপযোগিতা কিমান? বিজ্ঞানসন্মত সমিধান দাঙি ধৰক। মথাউৰিৰ ওপৰত পকী ৰাস্তা বিজ্ঞানসন্মত? সমিধান লাগে।

এইবোৰ কাম ৰাজ্য চৰকাৰে কৰিব পাৰে। আমাৰ সন্দেহ দাবীবোৰৰ অচিলা লৈ ৰাজ্য চৰকাৰে মূৰ পোলোকা মাৰিবলৈ সুবিধা পাইছে।।

বসন্ত ডেকা

Image Description