সম্পাদকীয়
বিৰোধীৰ ঐক্য

অসমৰ ৰাজনীতিত অৱতীৰ্ণ হৈ থকা বিৰোধী দলসমূহৰ মাজত ঐক্যমতৰ বাবে এটা প্ৰচেষ্টা আৰম্ভ হৈছে৷ মাত্ৰ আৰম্ভহে হৈছে৷ এক প্ৰকাৰৰ মত বিনিময়ৰ চেষ্টা চলিছে৷

এনে চেষ্টাৰ প্ৰয়োজন বৰ্তমান সময়ত অকণো নুই কৰিব নোৱাৰি৷ বিজেপি আৰু বিজেপিৰ লগত থকা দলবোৰে দেশৰ গণতান্ত্ৰিক আৰু মানবীয় মূল্যবোধক বাৰে বাৰে মহতিয়াই আছে। লগতে ন্যায়িক ব্যৱস্থাটোকো অৱনমিত কৰিবলৈ অহৰহ চেষ্টা কৰা হৈছে৷ আচৰিত কথা যে ৰাজ্যসভাৰ অধ্যক্ষগৰাকীও চৰকাৰৰ লগত উজাইছে৷ দেশৰ সংসদীয় গণতন্ত্ৰত ই একেবাৰে নোহোৱা-নোপোজা কথা৷

অসমৰ ৰাজনীতিত আপ আৰু তৃণমূল কংগ্ৰেছ সক্ৰিয়ভাৱে অৱতীৰ্ণ হৈ থকা বুলি ক’ব নোৱাৰি৷ তদুপৰি দুয়োটা দলৰ ভূমিকাক লৈ ৰাষ্ট্ৰীয় পৰ্য্যায়তো সমালোচনা চলিছে৷ বিশেষকৈ যোৱা বছৰৰ গোৱাৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ ভূমিকাই বিজেপিক সহায় কৰা বুলিহে পৰিস্থিতিয়ে কয়৷ সেইদৰে আপৰ নেতৃত্বইও সময়ে সময়ে সুবিধাজনক স্থিতি লৈ আহিছে৷ বিশেষকৈ ৰিজাৰ্ভ বেংকৰ নোটত গণেশৰ ছবি দিব লাগে বুলি আপে দিয়া প্ৰস্তাৱে এক প্ৰকাৰৰ আপোচ বুজাইছে৷ সেইদৰে আপে ধৰ্মৰ অনুভূতিকো নিৰ্বাচনৰ আহিলা হিচাবে লোৱাৰ প্ৰৱণতা দেখুৱাই আহিছে৷

ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছে অভাৱনীয়ভাৱে কম ভোট পাইছে৷ মেঘালয়ত তৃণমূল কংগ্ৰেছে পোৱা ভোট মূলতঃ এসময়ৰ কংগ্ৰেছৰ প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা মুকুল চাংমাইৰ সপক্ষে দিয়া বুলিহে ৰাজনৈতিক বিশ্লেষকে কৈছে৷

আমি পাহৰা উচিত নহয় যে আজমলৰ দল আৰু বিজেপিৰ মাজত সনাপিটিকা অতি গভীৰ৷ আজমলে দল গঠন কৰিছিল অসম চুক্তিক বিৰোধিতা কৰিবলৈ৷ আইএমডিটি আইনখন উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পিছতে আজমলৰ দলৰ আৱিৰ্ভাৱ হয়৷ আইনখনে বিদেশী চিনাক্তকৰণত বাধা দিছিল।

কংগ্ৰেছ দল অসমৰ বাবে ধোৱা তুলসীৰ পাত নহয়৷ কিন্তু বুৰঞ্জীয়ে ক’ব যে অসম চুক্তিখন কংগ্ৰেছ দলেহে সম্পাদনা কৰিছিল৷ বিজেপি দলে অসম চুক্তিখন কেতিয়াও সম্পাদনা নকৰিলেহেঁতেন৷ কা আইনখনেই ইয়াৰ স্পষ্ট প্ৰমাণ৷ আজমলৰ দৰে বিজেপি দলেও অসম চুক্তিৰ বিৰোধিতা কৰি আহিছে৷

আজমলে ১৯৭১ চনৰ পিছৰ মুছলমান বাংলাদেশীক সুৰক্ষা দিব বিচাৰে আৰু বিজেপিয়ে ১৯৭১ পিছৰ হিন্দু বাংলাদেশীক সুৰক্ষা দিব বিচাৰে৷ দুয়োটা দলৰ মাজত পাৰ্থক্য এইখিনিয়ে৷ দুয়োটা দলৰে লক্ষ্য হ’ল অসম চুক্তি অসাৰ কৰি তোলা৷

সেইবাবেই বিজেপিৰ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিবেদন গ্ৰহণ কৰা নাই৷ তাতে আকৌ অসমৰ বিজেপিৰ মুখ্য মন্ত্ৰীয়ে বিদেশী চিনাক্তকৰণৰ ট্ৰিবিউনেলবোৰকে নিষ্ক্ৰিয় কৰি তুলিলে৷

বিজেপিৰ সৰ্বনাশী ৰাজনৈতিক লক্ষ্যক প্ৰতিহত কৰিবলৈ অসমৰ বিৰোধী দলবোৰে কিছুমান সমস্যাৰ বেলিকা উমৈহতীয়া দৃষ্টিভংগীৰ আধাৰত আগবাঢ়িলে অসমৰ জনসাধাৰণে ইতিবাচক সহাঁৰি দিব বুলি আশা কৰিব পাৰি৷ ব্যক্তিৰ মতামতৰ জোখ নিৰ্ণয় কৰে ব্যক্তিজনৰ সুষ্ঠ ৰাজনৈতিক তৎপৰতাৰ ওপৰত৷ ব্যক্তিৰ ক্ষেত্ৰত যিটো সঁচা দলবোৰৰ বেলিকাও সঁচা৷

বিজেপিক আৰু লগতে বিজেপিৰ লগত ফল্গুৰ দৰে সনাপিটিকা কৰি থকা আজমলৰ দলক প্ৰতিহত কৰাটোৱেই অতি প্ৰয়োজনীয় দায়িত্ব হৈ পৰিছে৷ দলবোৰে ইয়াকে সৰোগত কৰি নিজৰ পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ কৰ্মপন্থা নিৰ্ধাৰণ কৰিব লাগিব৷৷

বসন্ত ডেকা

Image Description