সম্পাদকীয় - হিটলাৰ বন্দনা

হিটলাৰ বন্দনা

কুখ্যাত জাৰ্মান নেতা এডলফ্ হিটলাৰৰ শাসন নীতিৰ সৈতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসন পদ্ধতিৰ যথেষ্ট সাদৃশ্য থকাৰ বহুতো অভিযোগ আছে৷ কেইবাগৰাকী বিশিষ্ট চিন্তাবিদৰ পৰ্য্যালোচনাত এই কথাই স্থান পাই আহিছে৷ শেহতীয়াকৈ যোৱা ২০ জুলাইত প্ৰাক্তন আইএএছ বিষয়া অভয় শুক্লাই খ্যাতনামা সাংবাদিক কৰণ থাপাৰৰ এক সাক্ষাৎকাৰ অনুষ্ঠানত কয় যে হিটলাৰৰ শাসনৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ শাসনৰ অনেক মিল আছে৷ মত পাৰ্থক্যৰ অসহিষ্ণুতা, বিৰোধীৰ প্ৰতি গ্ৰহণ কৰা নীতি, সামাজিক মেৰুবিভাজন, সংবাদ মাধ্যমক নিজৰ পক্ষত ব্যৱহাৰ কৰা, ব্যক্তিৰ ব্যক্তিত্ব খৰ্ব কৰা আদি বিষয়সমূহত দুয়োজন নেতাৰেই কাৰ্যপদ্ধতি একেই৷ তেওঁ লগতে কয় যে এনে সাদৃশ্য ক্ৰমাগতভাৱে বৃদ্ধি পোৱাটো যথেষ্ট তাৎপৰ্য্যপূৰ্ণ৷

বিখ্যাত ৱেবচাইড, 'ৰিপৰ্টাছ উইডাউত বৰ্ডাৰছ' [Reporters Without Borders]ৰ ১২ মে’ ২০১৯ত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হয়যে ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনক বাতৰি আৰু তথ্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক পৰীক্ষাগাৰলৈ ৰূপান্তৰ কৰে৷ এই ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা ৰণনীতি দুই ধৰণে প্ৰয়োগ কৰা হৈছিল ৷ এফালে সংবাদ গোষ্ঠীসমূহৰ মালিকপক্ষৰ সৈতে সুসম্পৰ্ক স্থাপন কৰি তাত কৰ্মৰত সাংবাদিকসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা আনফালে তেওঁ ভাষণত বিভেদকামী তথা অপমানসূচক শব্দৰ প্ৰয়োগেৰে জনপ্ৰিয় হোৱাৰ কৌশল ৰচনা কৰিছিল। সামাজিক মাধ্যমসমূহত এক বিশাল অনুগামী বাহিনীৰ জৰিয়তে তেওঁক বিৰোধ কৰা সাংবাদিকসকলৰ কূটসা ৰটনা কৰাই আৰু তেওঁলোকক ৰাষ্ট্ৰদ্ৰোহী সজায়।

'ইন মোডীজ গুজৰাট, হিটলাৰ ইজ এ টেক্সবুক হিৰো' [In Modi's Gujarat, Hitler is a Textbook Hero] এই শীৰ্ষক টাইম্‌ছ অৱ ইণ্ডিয়া [Times of India] কাকতৰ ৩০ ছেপ্তেম্বৰ ২০০১চনত প্ৰকাশিত এক বাতৰিত কোৱা হয়–গুজৰাটত মহাত্মা গান্ধী মহান নহয়, কিন্তু হিটলাৰ হয়৷ নৰেন্দ্ৰ মোডীৰ গুজৰাটৰ হাইস্কুল শিক্ষাৰ সমাজ অধ্যয়নৰ পাঠ্যপুথিত ভাৰতৰ স্বাধীনতা সংগ্ৰামক আসোঁৱাহপূৰ্ণ আখ্যা দি ফেচীবাদ, নাজীবাদক মহিমামণ্ডিত কৰা হৈছে৷ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিকোৱা হৈছে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ ঋণাত্মক দিশ ৷ দশম শ্ৰেণীৰ সমাজ অধ্যয়নত উল্লেখ আছে হিটলাৰ– সৰ্বশক্তিমান আৰু নাজীবাদৰ আভ্যন্তৰীণ সফলতাৰ কথা।

ভাৰতবৰ্ষত বিংশ শতাব্দীৰ ত্ৰিশৰ দশকতে হিটলাৰ বন্দনা আৰম্ভ হৈছিল৷ হিটলাৰক বিষ্ণুৰ অৱতাৰৰূপে আখ্যা দি গ্ৰন্থ ৰচনা কৰা লেখিকা গৰাকী আছিল সাবিত্ৰী দেৱী। সাবিত্ৰী দেৱী আছিল এগৰাকী ইণ্ড'-ইউৰোপিয়ান৷ ১৯০৫ চনত ফ্ৰান্সৰ লিয়’ত জন্মগ্ৰহণ কৰা সাবিত্ৰী দেৱীৰ আচল নাম আছিল মেক্সিমিয়ানি প'ৰ্টাছ৷ তেওঁৰ মাতৃ আছিল ইংৰাজ আৰু পিতৃ আছিল গ্ৰীক-ইটালিয়ান৷ ইউৰোপ-আমেৰিকাৰ নব্য-নাজীসকলৰ মাজত সাবিত্ৰী দেৱীৰ নাম তেওঁৰ ৰচিত “লাইট্‌নিং এণ্ড দি ছান” নাইবা “গ'ল্ড ইন ফাৰ্নেছ”ৰ জৰিয়তে আজি বহুলভাৱে চৰ্চিত৷

Image Description
নীলা শাৰী পৰিহিত সাবিত্ৰী দেৱী

সাবিত্ৰী দেৱীয়ে কৈছিল হিটলাৰ জাৰ্মানীৰ নেতা হ’লেও যিহেতু তেওঁ ইউৰোপৰ পৰা ইহুদীসকলক নিৰ্মূল কৰি আৰ্য্য নৃগোষ্ঠীক শ্ৰেষ্ঠত্বৰ আসনত বহুৱাব বিচাৰিছিল সেইবাবে হিটলাৰ তেওঁৰো নিজৰ নেতা ৷ সাবিত্ৰী দেবী আছিল এগৰাকী আৰ্য্য-শ্ৰেষ্ঠত্ববাদী লেখিকা৷ সেইয়ে তেওঁ ভাবে হিটলাৰ ভগৱান বিষ্ণুৰ এক অৱতাৰ– যি পৃথিৱীত কলিযুগৰ অৱসান ঘটাব৷

সেই সময়ত পশ্চিমীয়া দেশসমূহত আৰ্য্যজাতিৰ অৱস্থা দেখি ১৯৩০ চনত তেওঁ ভাৰতলৈ আহে৷ তেওঁৰ মনত স্পষ্ট ধাৰণা আছিল যে ভাৰতত বৰ্ণাশ্ৰম প্ৰথা চলি থকা আৰু অসবৰ্ণ বিবাহ নিষিদ্ধ হোৱা বাবে আৰ্য্যসকলৰ বিশুদ্ধতা ৰক্ষাপৰি আছে ৷ তেওঁ ভাৰতলৈ আহি ভাৰতীয় ভাষা শিকে আৰু এজন ব্ৰাহ্মণক বিয়া কৰায়৷ ভাৰতৰ কলকাতাত ১৯৩০ চনত সাবিত্ৰী দেবীয়ে এক হিন্দু মিশ্যনৰ কামত নিজকে আত্মনিয়োগ কৰে৷ মিশ্যনৰ পৰিচালক স্বামী সত্যানন্দও হিটলাৰৰ ভক্ত আছিল৷ তেওঁ ভাৰতৰ বিভিন্ন ঠাইত ‘আৰ্য্য মূল্যবোধ’ সম্পৰ্কে হিন্দী আৰু বাংলাত ভাষণ ৰাখিছিল ৷ ভাষণ সমূহত হিটলাৰৰ ‘মাইন কেম্পাফ’ পুথিৰ পৰা তেওঁ উদ্ধৃতি প্ৰদান কৰিছিল৷ ১৯৪৫ চনত হিটলাৰৰ পতন হ’ল৷ সাবিত্ৰীৰ মন ভাগি গ’ল৷ তেওঁ ইউৰোপলৈ উভতি গৈ লেখা-মেলা আৰম্ভ কৰে৷ তেওঁ লিখা কিতাপসমূহত নাজী চিন্তাধাৰা প্ৰতিফলিত হ’ব ধৰে৷

Image Description
সাবিত্ৰী দেৱী

শেষ জীৱনৰ বেছিভাগ সময় তেওঁ ভাৰতৰ দিল্লীতেই কটাইছিল যদিও তেওঁৰ মৃত্যু হয় ইংলেণ্ডত৷ পূৰ্ণ "ফেচিষ্ট মৰ্য্যাদাৰে" তেওঁৰ ‘চিতাভস্ম’ বিসৰ্জন দিয়া হয়৷

ভাৰতত সাবিত্ৰী দেৱীৰ কথা কোনেও মনত ৰখা নাই৷ কিন্তু তেওঁৰ লিখনিসমূহত যি হিন্দু জাতীয়তাবাদ ফুটি আছে আজিৰ ভাৰতৰ ক্ষমতাধিস্হ দল ভাৰতীয় জনতা পাৰ্টীৰ মূল দৰ্শন তাতেই নিহিত হৈ আছে।

Image Description