সম্পাদকীয় - জীয়া ফাঁকিৰ ভঁৰাল

মোদীৰ চৰকাৰ জীয়া ফাঁকিৰ ভঁৰাল।

মিছা কথা ক'লে ঠেং চুটি হয়। সৰুতে সকলোকে শিকোৱা হয়। ঠেংক প্ৰতীক হিচাবেহে লোৱা হয়। মিছা কথাই বিপদ মাতে। সেইটো খাটাং। এইটো প্ৰবাদ নহয়।

বিজেপিৰ চৰকাৰৰ আৰম্ভ ফাঁকিৰ ওপৰত। বস্তুৰ দাম কমাব। গেছৰ দাম কমিব। ডাঙৰণ নদীবান্ধ নিৰ্মাণ নকৰে। সকলো ক'লা ধন বিদেশৰ পৰা আনিব। ঘৰে ঘৰে পোন্ধৰ লাখকৈ বিলাব। অসম চুক্তি ৰূপায়ণ কৰিব।চাউল-দাইলৰ দাম কমাব। ইখনৰ পিছত সিখন স্মাৰ্ট নগৰ গঢ়িব। কাগজ কল খুলিব।

কথা দিছিল দেশৰ ফেডাৰেল গাঁঠনি টনকিয়াল কৰিব। সকলো ৰাজ্যৰ লগত সম্পৰ্ক মিঠা হ'ব।

এইটো আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক আশ্বাস।

সকলোবোৰ ফাঁকি আছিল। এতিয়া ৰাজ্যপালবোৰ পঠিয়াইছে বিৰোধীৰ চৰকাৰক হাৰাশাস্তি কৰিবলৈ।

এতিয়াও মোদী চৰকাৰ চলি আছে ফাঁকিৰ ওপৰত।

ক'ভিডত কিমানে জীৱন এৰিলে চৰকাৰে নাজানে। কিমান কৃষক ৰাজপথত ঢুকাল চৰকাৰে নাজানে। কিমানে দুয়ো পালি টীকা ল'লে চৰকাৰে নকয়। এক বছৰত কিমান চাকৰি দিলে নকয়। চীনে কিমান দখল কৰিলে নাজানে।

ফাঁকি আৰু ফাঁকি। দিল্লীৰ পৰা দিছপুৰলৈ ফাঁকি। এক লাখ চাকৰিৰ হিচাপ কৰিব নোৱাৰিলে।নাগপুৰৰ দৃষ্টিত এইয়াই বাৰু ভাৰতীয় সংস্কৃতি নেকি?

ফাঁকিৰে আৰম্ভ মোদীৰ চৰকাৰ।
ফাঁকিতে চলি আছে চৰকাৰ।
ফাঁকিতে শেষ হ'ব জীৱনকাল।

সত্যৰ জয় হয়। সদায়েই। সেয়াই ভাৰতীয় দৰ্শন। সেয়া বিজ্ঞানৰো দৰ্শন। ফাঁকি মানেইতো অ-ধৰ্ম। ফাঁকিৰ জীৱনে নিজৰ বিশ্বাসৰ দেৱ-দেৱীকো সন্তুষ্ট নকৰে। সঁচা কথাৰ জীৱনৰ বিশ্বাসেই সাৰ।।

বসন্ত ডেকা

Image Description