সম্পাদকীয় - 'কা' আমি নামানো – নামানো – নামানো

জাতিধ্বংসী 'কা' আইন সংসদত গৃহীত হোৱাৰ দুবছৰ পূৰ্ণ হ'ব অহা ১১ ডিছেম্বৰত। ২০১৯ চনৰ ১১ ডিছেম্বৰত ৰাজ্যসভাত মোদী চৰকাৰে সংখ্যাগৰিষ্ঠতাৰ বলত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ গৃহীত কৰাৰ লগে লগে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত ই আইনত পৰিণত হয়। লোকসভাত দুদিন পূৰ্বেই এই বিধেয়ক গৃহীত হৈছিল।

২০১৯ ৰ এই বিধেয়কখন কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনতে সংসদত উত্থাপন কৰিছিল। এই বিধেয়কখন সংসদত উত্থাপন কৰাত যথেষ্ট বিতৰ্কৰ সৃষ্টি হোৱাত বিধেয়কখন পৰীক্ষাৰ বাবে এক বিশেষ সংসদীয় সমিতিলৈ ইয়াক প্ৰেৰণ কৰা হয়।

এই সংসদীয় সমিতি জনসাধাৰণৰ মতামত গ্ৰহণ কৰিবলৈ এবাৰ অসমলৈও আহিছিল। কাৰণ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৰাজ্যৰ বহুতো সংগঠনে ইয়াৰ তীব্র বিৰোধিতা কৰিছিল। উল্লেখযোগ্য যে অসমৰ প্ৰতিটো সংবাদ মাধ্যমৰ সম্পাদকসকলেও আনুষ্ঠানিকভাৱে এই বিধেয়কখন বিৰোধিতা কৰিছিল।

২০১৮ ৰ সংসদৰ শীতকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱত এই বিধেয়কখন তালিকাভুক্ত হোৱাৰ পিছতো শেষ মুহূৰ্তত উত্থাপন কৰাৰ পৰা বিৰত থাকে। ইতিমধ্যে অসমত অসম গণ পৰিষদ দলৰ তিনি মন্ত্ৰীয়ে এই বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। কথা বিষম দেখি ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অসমৰ ৰাইজৰ সতে আলোচনা কৰিহে এই বিধেয়ক সংসদত নতুন ৰূপত উত্থাপন কৰা হ'ব।

২০১৯ চনত মোদী চৰকাৰ পুনৰ শাসনলৈ আহিল। অসমৰ মতামতক কোনো গুৰুত্ব নিদিয়াকৈ দ্বিতীয় কাৰ্য্যকালৰ প্ৰথমটো বর্ষতে এই বিধেয়কখন মোদী চৰকাৰে সংসদত উত্থাপন কৰি গৃহীত কৰিলে। নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসাৰ প্ৰতিপন্ন হ'ল।

আছু আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্র সন্থাই আহ্বান কৰা ২০১৯ চনৰ ১০ ডিছেম্বৰত উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ ব্যাপক সফলতাই সমগ্র উত্তৰ-পূৰ্বাঞ্চলত এই বিধেয়কৰ বিৰুদ্ধে চলা আন্দোলনক এক অন্য মাত্ৰা প্ৰদান কৰিলে।

১১ ডিছেম্বৰত জাতিধ্বংসী 'কা' আইন সংখ্যাগৰিষ্ঠতাৰ বলত বিজেপি দলে জাপি দিয়াৰ লগে লগে সমগ্ৰ অসম গৰজি উঠিল। সকলো ৰাজপথলৈ ওলাই আহিল।এক প্ৰতিবাদী ছাত্ৰ সমদল দিছপুৰ অভিমুখে আগবাঢ়িল। নিশা প্ৰশাসনে গুৱাহাটী, ডিব্ৰুগড়ত সান্ধ্য আইন প্ৰৱৰ্তন কৰিলে।

১২ ডিছেম্বৰত গুৱাহাটীত হাজাৰ হাজাৰ লোকে সান্ধ্য আইন ভঙ্গ কৰি আছুৰ উদ্যোগত লতাশিল খেলপথাৰত সমবেত হ'ল। পাঁচজন শ্বহীদ হ'ল।আছু আৰু শিল্পীসমাজৰ উদ্যোগত আন্দোলন চলি থাকিল। আৰম্ভ হ'ল চৰকাৰৰ বিভাজন নীতি।

ছদ্মবেশী জাতীয়তাবাদীৰ দ্বাৰা আছু আৰু শিল্পীসমাজক লক্ষ্য কৰি আৰম্ভ কৰা হ'ল অহেতুক সমালোচনা। আছুৱে হেনো ৰাজপথৰ আন্দোলনক খেলপথাৰত আবদ্ধ কৰি দিলে। চৰকাৰক সমালোচনা কৰাতকৈ এই উদ্দেশ্যপ্ৰণোদিত মহলে আছুকহে সমালোচনা কৰাত বেছিকৈ লাগিল। ৰাইজ এইসকলৰ কথাত ওলাই নাহে। আছু তাৰবাবে কেনেকৈ জগৰীয়া হয়? অসমৰ ৰাইজে জাতীয়তাবাদ ক'ত সুৰক্ষিত তাক জানে। ৰাতিটোৰ ভিতৰত জাতীয়তাবাদীৰ পোছাক পিন্ধি প্ৰকৃত জাতীয়তাবাদী সত্তাৰ বোকোচাত উঠি নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিব খোজাসকলৰ প্ৰতি ৰাইজৰ আস্থা নথকাটো স্বাভাৱিক। গতিকে এইসকলে যিমানেই চিঞৰ-বাখৰ নকৰক এই আন্দোলনৰ মূল চাবিকাঠী প্ৰকৃত জাতীয়তাবাদীসকলৰ হাততে থাকিল।

অসমে গোটেই ভাৰতবর্ষক যেন বাট দেখুৱালে। অতি কম সময়তে দেশজুৰি ইয়াৰ বিৰুদ্ধে ভীষণ প্ৰতিবাদ হ'ল।এই আইনখনত মুছলমানসকলক অন্তৰ্ভুক্ত কৰিলে দেশৰ আন ঠাইত ইয়াৰ বিৰুদ্ধে কোনো প্ৰতিবাদ নহলহেঁতেন। অসমত কিন্তু তথাপিও একেই প্ৰতিবাদ হলহেঁতেন। 'কা' আইন সম্পৰ্কত দেশ আৰু অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ এইখিনিতে মূল পাৰ্থক্য। অসমে ইতিমধ্যে ১৯৭১লৈ বাংলাদেশীৰ বোজা লৈ থৈছে। নতুনকৈ হিন্দু-মুছলমান যিয়েই নহওক অসমত নাগৰিকত্ব পালে ই প্ৰত্যক্ষভাৱেই আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। ইতিমধ্যে প্ৰব্ৰজনৰ সমস্যাই আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বিপদাপন্ন কৰি ৰাখিছে।

এই সমস্যাৰ বাবে কংগ্ৰেছ দল মূলতে জগৰীয়া। বিজেপিয়েও ভোটবেংকৰ স্বাৰ্থত একেই পথ ল'লে। মুছলমানৰ ভয় দেখুৱাই হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ আইন কৰিলে। অসম আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা অসম গণ পৰিষদ দলে এই আইনৰ সপক্ষে ভোট দিলে। আঞ্চলিকতাবাদী অসমীয়া বিপদত পৰিল।আছু নেতৃত্বই ঘোষণা কৰিলে প্ৰয়োজন হলে নতুন দল হ'ব। এক অতি সাহসী সিদ্ধান্ত। গঠন হ'ল পৰামৰ্শদাতা সমিতি। এই সমিতিৰ পৰামৰ্শ মতে গঠন হ'ল অসম জাতীয় পৰিষদ দল। যাৰ মূল আদৰ্শ – অসম প্ৰথম, সদায় আৰু চিৰদিন। গতিকে 'কা'আইন বাতিলৰ সংগ্ৰামখন আগুৱাই নিয়াটো এই দলৰ নৈতিক দায়িত্ব। এই নীতি চুলিৰ মান ইফাল–সিফাল হ'লেই ৰাইজ বিতুষ্ট হ'ব।

ইতিমধ্যে অসমৰ 'কা'আন্দোলন নিঃশেষ হ'ল বুলি ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে। ৰাজপথত বহি থাকিলে হেনো এই আন্দোলন সফল হ'লহেঁতেন। তেন্তে সাহীনবাগত কিয় সফল নহ'ল? আচলতে ক'ভিড মহামাৰী যে কা আন্দোলন সাময়িকভাৱে স্তিমিত হোৱাৰ মূল কাৰণ সেই কথা লুকুৱাব কিয় বিচৰা হৈছে?

২০১৯ চনৰ ১৫ ডিছেম্বৰৰ পৰা সাহীনবাগত মহিলাসকলে ২০২০ চনৰ ২৪ মার্চলৈ অৱস্থান কৰি প্ৰতিবাদী সংগ্ৰাম চলাই আছিল। অসমতো আছুৰ উদ্যোগত আন্দোলন চলি আছিল। ২০২০ চনৰ ২৪ মার্চৰ পৰা সমগ্র দেশতে লকডাউন আৰম্ভ হ'ল।লকডাউনৰ ফলত সাহীনবাৰ্গৰ প্ৰতিবাদী মহিলাসকল ২৪ মাৰ্চত সেই ঠাই ত্যাগ কৰিবলৈ বাধ্য হ'ল।

লকডাউন শেষ হোৱাৰ লগে লগে অসমত বিধান সভা নিৰ্বাচন হ'ল। নিৰ্বাচনৰ সময়তো 'কা'বিৰোধী আন্দোলন চলিল। নিৰ্বাচন শেষ হোৱাৰ লগে লগে আকৌ লকডাউন আৰম্ভ হ'ল। এতিয়া লকডাউন শেষ। গতিকে পুনৰ 'কা'বিৰোধী আন্দোলন হোৱাটো নিশ্চিত। তাৰোপৰি কৃষি আইন বাতিলৰ ঘোষণাত ৰাইজ উৎসাহিত।

গতিকে 'কা'আন্দোলনৰ গতি তৰান্বিত হোৱাটো খাটাং। মুঠৰ ওপৰত 'কা' আমি নামানো – নামানো – নামানো।

Image Description