সম্পাদকীয়
অজ্ঞতাৰ বহিঃপ্ৰকাশ

নাই, নাই, বাঘ হাজৰিকাৰ অস্তিত্বই নাই। বুৰঞ্জীৰ বিকৃতকৰণ চলিছে।

শ্ৰোতা নীৰৱ।

বাঘ হাজৰিকা ওলাল। বুৰঞ্জীৰ পাতৰ পৰা সজোৰে ওলাল। বুৰঞ্জী নপঢ়াৰ ফল। নপঢ়িলে অজ্ঞতা আতঁৰে কেনেকৈ? মুখ্যজনৰ মাত হেৰাল।

ইয়াৰ আগতে লাচিত বৰফুকনক 'হিন্দু' সাজিলে। উফৰি গ'ল। আহোম ৰাজত্বই অসমীয়া জাতি গঢ়িছিল। হিন্দু জাতি নহয়। আকৌ অজ্ঞতা। অক্ষমণীয় অজ্ঞতা।

'এনকাউণ্টাৰ' চলিছে। চলিবই। কিন্ত্ত ন্যায়ালয়ত মাত হেৰাল। 'এনকাউণ্টাৰ' মানে মুখামুখি সংঘৰ্ষ। তেনেতো হোৱা নাই। ন্যায়ালয়ত নিমাত হ'ল 'স্মাৰ্ট পুলিছ'। ইংৰাজী শব্দটোৰ অৰ্থ নজনাৰ প্ৰকাশ।

'অপৰাধী'ক ধৰে। গাড়ীত উঠাই লয়। পলাবলৈ দিয়ে। পিছৰ পৰা গুলীয়ায়। ই এনকাউণ্টাৰ নহয়। ন্যায়ালয়ত প্ৰতিবেদন দিয়ে কেনেকৈ। গোচৰবোৰ ওলমি আছে। ব্যাধি একেই থাকিল। এইয়া প্ৰশাসনৰ দক্ষতাৰ চিননে?

ড্ৰাগছৰ ব্যৱসায় বাঢ়িলহে। বাট-পথৰ চুক-কোণে গোন্ধ ওলায়। সন্ধিয়াৰ লগে লগে। 'পুৰিয়া'ত আহে। চাৰিওফালে যায়।

উপৰাষ্ট্ৰপতিয়ে ক'লে: সংসদৰ স্হান একেবাৰে শীৰ্ষত। জ্ঞানীয়ে সোঁৱৰালে: সংসদৰ জন্ম সংবিধানত। সংবিধানহে শীৰ্ষত। উপৰাষ্ট্ৰপতিৰ অজ্ঞতাত আমি স্তম্ভিত।

এইবাৰ একেজনৰ নতুন মাত: চৰকাৰ জনতাৰ মতেহে চলিব। পাহৰিছে (?) যে প্ৰায় দুই-তৃতীয়াংশই বিজেপিক ভোট দিয়া নাই। উপৰাষ্ট্ৰপতিৰ খোজত খোজ মিলাইছে আইন মন্ৰী ৰিজুজুৱে। দুয়ো আইনক তাচ্ছিল্য কৰিছে। আইন উচ্চতম ন্যায়ালয়ৰো উৰ্ধত।

বাল্য বিবাহ? ধৰি আন! আনিলে।

ন্যায়াধীশ: কোনখন আইন মতে ধৰিলে? উত্তৰ শুনি ন্যায়াধীশ হতভম্ব। পুলিছে উচিত আইনখন নাজানে। বাতৰিকাকতত পঢ়ি আমাৰেই লাজ লাগিছে। মুখ্যজনৰ অজ্ঞতা। স্মাৰ্ট পুলিছৰো অজ্ঞতাৰ প্ৰকাশ।

অসমৰ শিক্ষা মন্ত্ৰীয়ে নতুনকৈ ক'ৰবাত পঢ়িলে। স্কুলত বিজ্ঞান আৰু গণিত ইংৰাজীত পঢ়ুৱালে ভালদৰে শিকিব। আমিও পালে পঢ়িলোঁহেঁতেন। অজ্ঞতা আৰু বাতুলতা। আৰু অধিক ছাত্ৰ-ছাত্ৰীক মাতৃভাষাৰ স্কুলৰ পৰা বিদায় দিয়াৰ ফন্দি।

নতুন গোলমাল। 'দ্য গাৰ্ডিয়ান' কাকতে সম্ভেদ দিলে। ইজৰাইলৰ এটা সংগঠনে ৩০খন দেশত নিৰ্বাচনৰ ফল সালসলনি কৰিব পাৰিছিল। ভাৰতৰ নামো আছে। ইজৰাইললৈ যোৱা প্ৰথম প্ৰধান মন্ত্ৰী হ'ল মোডী। নাগৰিকৰ স্বাধীনতা খৰ্ব কৰিবলৈ ইজৰাইলৰ 'পেগাছাছ' অনা প্ৰথম প্ৰধান মন্ত্ৰী মোডী।

এতিয়া ইজৰাইল চৰকাৰে ন্যায়পালিকাত হাত দিছে। আমাৰ ইয়াতো চৰকাৰে একে সুৰত ক'বলৈ লৈছে। আকৌ অজ্ঞতা। ভাৰতৰ জনতাই জৰুৰীকালীন ব্যৱস্থা ওফৰাইছিল। আকৌ ওফৰাব।।

বসন্ত ডেকা

Image Description