সম্পাদকীয় - বাংলাদেশৰ হিন্দু আৰু ভাৰতৰ হিন্দু

ধৰ্মৰ ভিত্তিত ভাৰতৰে এটি অংশক পৃথক কৰি গঠন হৈছিল পাকিস্তান। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা পৰ্য্যায়ত মুছলমানসকলৰ বাবে এক পৃথক ৰাষ্ট্ৰৰ দাবী উত্থাপন হয়। বহুতো বাদ-বিবাদৰ অন্তত মুছলমানসকলৰ বাবে পাকিস্তান গঠন কৰা হয়। জিন্নাৰ নেতৃত্বত ভাৰততকৈ এদিন পূৰ্বে পাকিস্তানে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। স্বাধীন ৰাষ্ট্ৰ পাকিস্তানত জিন্না সৰ্বশক্তিমান নেতাত পৰিণত হয়। জিন্নাৰ নেতৃত্বত বিশ্বত পাকিস্তান নৱতম ইছলাম ৰাষ্ট্ৰ হিচাপে চিহ্নিত হয়।

জিন্নাই নিজৰ ৰাজনৈতিক উচ্চাকাংশাৰ বাবেই পাকিস্তান বিচাৰিছিল যদিও তেওঁক ওচৰৰ পৰা পোৱাসকলৰ মতে ব্যক্তিগতভাৱে জিন্নাক এগৰাকী নাস্তিক অথবা তেনে ধ্যান-ধাৰণাৰ ব্যক্তি হিচাপেহে অভিহিত কৰিব পাৰি। সেইয়া যিয়েই নহওক, মুঠৰ ওপৰত এটা কথা জলজল পটপট যে 'লড়কে লেঙ্গে পাকিস্তান' তেওঁ সাৰ্থক কৰি দেখুৱালে। পাকিস্তান গঠন হ'ল। জিন্নাৰ হাতলৈ পাকিস্তানৰ শাসনৰ বাঘজৰী গ'ল।

মুছলমানসকলৰ বাবে পাকিস্তানৰ সৃষ্টি হ'ল যদিও অখণ্ড ভাৰতৰ মুছলমানসকলৰ সমস্যা সমাধানৰ বাবে সেইয়াই আটাইতকৈ উপযুক্ত সমাধান আছিলনে? নে পাকিস্তান সৃষ্টিৰে ভাৰত, পাকিস্তান উভয় দেশৰ মুছলমানৰ সমস্যা সমাধান হোৱাৰ সলনি বৃদ্ধি পালে? এই বিষয়ত পৰৱৰ্তীকালত যথেষ্ট চিন্তা-চৰ্চা হৈছে বা আগলৈও হ'ব।

এনে ধৰণৰ আৰু বহুতো বিজ্ঞানসন্মত চিন্তা-চৰ্চা নাইবা ব্যাপক গৱেষণা বৰ্তমান সময়ত যে বৰ প্ৰয়োজন হৈছে সেইকথা আজি বহুতেই উপলব্ধি কৰিছে। কাৰণ বহু মানুহৰ বহু পৃথক পৃথক সমস্যাক একেলগ কৰি সেই সমস্যাসমূহ এটা জাতি নাইবা সম্প্ৰদায়ৰ উমৈহতীয়া সমস্যা হিচাপে চিহ্নিত কৰিব বিচাৰিলে কোনো সমস্যাই যে সমাধান নহয় সেইয়া স্পষ্ট। পাকিস্তান এই ক্ষেত্ৰত এক উল্লেখযোগ্য উদাহৰণ।

ভাৰত এখন ভিন্ন ভাষা, ভিন্ন ধৰ্ম, ভিন্ন সংস্কৃতি, ভিন্ন ভূমিখণ্ড, ভিন্ন খাদ্যাভ্যাসৰ লোকেৰে পৰিপূৰ্ণ বিশাল দেশ। ইয়াৰ বেছিভাগ লোকৰে ধৰ্ম হিন্দু। গতিকে হিন্দু ধৰ্ম ৰক্ষা কৰিব পৰাটোৱে সকলো হিন্দুৰ প্ৰধান সমস্যা বুলি ধৰি ল'ব জানো পাৰি? নিশ্চয় নোৱাৰি। ধৰ্মৰ লগতে মানুহৰ ভাষা, সংস্কৃতি, খাদ্য, মৌলিক প্ৰয়োজন আদি বিষয়সমূহো সমানেই জৰুৰী। পাকিস্তান গঠনৰ সময়ত সেই ভুলটোকে কৰা হ'ল। ধৰ্মৰ নামত দেশ গঠনৰ সময়ত সুকীয়া জাতিসত্বাসমূহৰ আশা-আকাংক্ষা আওকাণ কৰা হ'ল।

মুছলমান হোৱা বাবেই পঞ্জাৱী, বাঙালী, সিন্ধী সকলোৰে আশা একে বুলি ধৰি লোৱা হ'ল। সেয়েহে শাসন হাতত লৈয়েই জিন্নাই দেখিলে ধৰ্মৰ নামত পাকিস্তান এক হ'ল যদিও ভাষাৰ বিভেদ পাকিস্তানত বেছিকৈহে বিদ্যমান। দেশত চোন ভাষাভিত্তিক জাতিসত্বাসমূহহে অধিক সক্ৰিয়।

তেওঁ লগে লগে একমাত্ৰ উৰ্দু ভাষাহে পাকিস্তানত চলিব বুলি চৰকাৰী আদেশ জাৰি কৰি দিলে। ইয়াৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে পূব-পাকিস্তানত বিদ্ৰোহ আৰম্ভ হ'ল। তাৰ লোকসকলে ক'লে আমি বাঙালী। বাংলা আমাৰ মাতৃভাষা। আমি উৰ্দু ভাষা কিয় ক'ম? আমি বাংলা ক'ম। পাকিস্তান খণ্ডিত হ'ল। পূব-পাকিস্তান গুচি বাংলাদেশ হ'ল। ভাষাৰ ভিত্তিত গঠন হোৱা বাংলাদেশ অখণ্ড ৰূপত আজিও সগৌৰবে থিয় হৈ আছে। পাকিস্তানতকৈ বাংলাদেশৰ আৰ্থিক অৱস্থা আজি বহু পৰিমাণে উন্নত।

১৯৭১ চনত স্বাধীন হোৱা বাংলাদেশত কেইবালাখ মুছলমান পাকিস্তানৰ নাগৰিক থাকি গ'ল। আজি ৫০ বছৰে এই লোকসকলক বাংলাদেশে নাগৰিকত্ব দিয়া নাই। একমাত্ৰ পাকিস্তানৰ প্ৰতি থকা বাংলাদেশৰ ঘৃণাৰ বাবে এই লোকসকল আজিও বাংলাদেশত নাগৰিকত্বৰ পৰা বঞ্চিত।

বাংলাদেশৰ স্বাধীনতাৰ সপোন পূৰণ কৰা শেখ মুজিবুৰ ৰহমানক কোৱা হয় বঙ্গবন্ধু। বঙ্গবন্ধুৱে ধর্মনিৰপেক্ষ দেশ হিচাপে বাংলাদেশ গঠন কৰিছিল। ভাৰতত জাতিৰ পিতা মহাত্মা গান্ধী উগ্ৰ হিন্দুত্ববাদীৰ স্বীকাৰ হোৱাৰ দৰে বাংলাদেশত বঙ্গবন্ধু স্বীকাৰ হৈছিল উগ্ৰ মুছলিম পন্থাৰ। সেই বঙ্গবন্ধুৰ কন্যা শেখ হাচিনা এতিয়া বাংলাদেশৰ প্ৰধান মন্ত্ৰী। বঙ্গবন্ধুৰ ধৰ্মনিৰপেক্ষ বাংলাদেশখনক পুনৰ উজ্জীৱিত কৰি তুলিবলৈ তেওঁ শাসনলৈ অহা দিন ধৰি প্ৰচেষ্টা চলাই আছে।

সকলো ভয় - ভাবুকি আওকাণ কৰি তেওঁ এনেকুৱা এখন বাংলাদেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে যিখন বাংলাদেশত এতিয়া হিন্দুৰ সমৰ্থনত হাজাৰ হাজাৰ মুছলমান লোক ওলাই আহে।

সদ্যসমাপ্ত দুর্গা পূজাত বাংলাদেশৰ কুমিল্লাৰ এক পূজা মণ্ডপত হনুমানৰ এটি মূৰ্তিৰ কোলাত পবিত্ৰ কোৰাণ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্র বাংলাদেশত ব্যাপক অশান্তিৰ সৃষ্টি হয়। কেইবাখনো পূজামণ্ডপ ভাঙি পেলোৱা হয়। কিছু হিন্দুৰ ঘৰত অগ্নি সংযোগ কৰা হয়। বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে কঠোৰ হাতেৰে মুছলিম মৌলবাদীৰ এই কাৰ্য্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। প্ৰয়োজনত গুলী চলাই। পুলিচৰ গুলিত কেইবাজনো আশান্তিকাৰী নিহত হয়।

ঘটনাৰ প্ৰথম দিনটোতে বাংলাদেশ চৰকাৰে ঘোষণা কৰে এই ঘটনাৰ সতে জড়িত লোকক সোনকালেই বিচাৰি উলিওৱা হ'ব। এগৰাকী শাসক দলৰ নেতাই কয় 'হিন্দুৱে নিজৰ পূজাত কোৰাণ ৰাখি নিজৰে পূজা নষ্ট কৰিব, এই কথা কোনোবা পগলাইহে বিশ্বাস কৰিব।' অৱশেষত সেইটোৱেই হ'ল , হনুমানৰ কোলাত কোৰাণ ৰখা লোকজন এগৰাকী মুছলমান লোক বুলি চিচি টিভিত ধৰা পৰিল।

এই সমগ্র ঘটনাৰ আটাইতকৈ তাৎপৰ্য্যপূৰ্ণ দিশটো হ'ল ক্ষতিগ্ৰস্ত হিন্দুসকলে ইয়াক সাম্প্ৰদায়িক সংঘৰ্ষ নহয় বুলি স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে সংঘৰ্ষ কৰা কোনে এজন লোককে তেওঁলোকে চিনি নাপায়। এই লোকসকল বাহিৰৰ পৰা আহিছে। স্থানীয় মুছলমান লোকসকলে হিন্দুসকলক বচাবলৈ গৈ আহত হ'বলগীয়া হৈছে।

বাংলাদেশৰ হিন্দুসকলৰ দুখত ভাৰতত প্ৰতিবাদ কৰিবলৈ ওলাই অহা হিন্দুসকলে বাংলাদেশৰ হিন্দুসকলৰ এই কথা মন কৰিছেনে?

Image Description