সম্পাদকীয় - হিন্দু-মুছলমান: ধনী-দুখীয়া

দেশত হিন্দু আৰু মুছলমানৰ মাজত এখন প্ৰাচীৰ থিয় কৰাবলৈ এচামে সকলোখিনি কৰি আছে৷ মাদ্ৰাছ উচ্চ ন্যায়ালয়ে গভীৰ শংকা প্ৰকাশ কৰিছে৷

দেশৰ সংবিধানে ভিন্ন ভাষাৰ মাজত আৰু ভিন্ন ধৰ্মৰ মাজত কোনো বাচ-বিচাৰ নকৰে৷ এতিয়া এচাম ব্যক্তি আৰু কোনো কোনো দলীয় মজিয়াত বাচ-বিচাৰ কৰাটোৱেই প্ৰধান কাম হৈ পৰিছে৷ ইয়াৰ বাবে ভাবিব নোৱৰা ধৰণৰ মিছা কথাৰ আশ্ৰয় লোৱা হৈছে৷

এটা কথা আমি স্বীকাৰ কৰিবলৈ সাহস গোটাওঁহক । যিচাম মানুহে প্ৰাচীৰ থিয় কৰাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ দুটা বৈশিষ্ট্য আছে– তেওঁলোক সাধাৰণতে ধনী আৰু তেওঁলোক শিক্ষিত৷

চামটোৱে নানান ধৰণৰ অপপ্ৰচাৰ চলাইছে আৰু বুৰঞ্জীক বিকৃত কৰিবলৈ উঠি-পৰি লাগিছে৷ এইচাম মানুহৰ ঘৰ-বাৰী বৰ উন্নত৷ আচাৰ ব্যৱহাৰ দুমুখীয়া৷ এইচাম মানুহৰ, সঁচা কথা ক’ব গ’লে, সৰহখিনিৰে ল’ৰা-ছোৱালী মাতৃভাষাৰ মাধ্যমত নপঢ়ে৷ লগতে বহুতৰে ল’ৰা-ছোৱালী দেশতে নপঢ়ে আৰু নাথাকে৷

কিন্তু প্ৰাচীৰখনত ইটা-বালি-চিমেণ্ট যোগাই থকা চামটোৱে সাধাৰণ হিন্দু আৰু মুছলমানৰ মাজত অৰিয়া-অৰি সৃষ্টি কৰিছে৷ দেশৰ দুখীয়া অঞ্চলবোৰত বাস কৰা ভিন্ন সম্প্ৰদায়ৰ মানুহে মিলি-জুলি থাকে৷ তেওঁলোকৰ বাবে দেশখন এখন, সংবিধান এখন, তেওঁলোকে জানে তেওঁলোকৰ ল’ৰা-ছোৱালী নিজৰ ভাষাতে পঢ়িব লাগে আৰু নিজৰ ঠাইতে থাকি পৰিয়ালটো ভৱিষ্যতে পোহপাল দিব লাগে৷

নিৰ্ভীকভাৱে ক’ব পাৰি যে হিন্দু-মুছলমানৰ মাজত বৰ্তমান যি টনা-আজোৰা সৃষ্টি কৰা হৈছে সেয়া মাঁথো নিৰ্বাচনৰ বাবে কৰা হোৱা নাই৷ দেশখনক ভাষা আৰু ধৰ্মৰ নামত খণ্ড খণ্ড হিচাবে চিহ্নিত কৰা হৈছে৷ হিন্দী ভাষাৰ প্ৰচলন পাকেপ্ৰকাৰে জাপি দিয়া হৈছে৷

অসমতে অসমীয়া ভাষাৰ গুৰুত্ব নোহোৱা কৰিবলৈ পাঙিছে৷ লোক সেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া অপসাৰণ কৰিছে। ছেবাৰ পাঠ্যক্ৰমৰ পৰা বিহুৰ ওপৰত পাঠ আঁতৰালে৷ স্পষ্টভাৱে অসমৰ ভাষা আৰু সংস্কৃতি দুয়োটাৰে প্ৰাচুৰ্য্য এচাম ভাৰতীয়ৰ সহ্য হোৱা নাই৷ এইচাম মানুহৰ শংকৰদেৱৰ দৰে বিশাল ব্যক্তিত্ব সহনীয় নহয়৷

কিন্তু প্ৰকৃতি নিজে বিনষ্ট নহয়, প্ৰকৃতিৰ লগত জড়িত কোনো উৎসৱ বিনষ্ট নহয়৷ বৰঞ্চ হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা এচাম বিভেদকামী ধনী আৰু শিক্ষিতৰ ষড়যন্ত্ৰ সময়ত নোহোৱা হৈ যাব৷

মাঁথো কেইজনমান ব্যক্তিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি দেশখনত অসহিষ্ণুতা বিয়পাইছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে মুকলিকৈ কৈছে যে কাৰো মৌলিক অধিকাৰ ক্ষুণ্ণ হ’বলৈ দিয়া নহ’ব৷ আমাৰ আশা এইখিনিতে জমা হৈ আছে৷৷

বসন্ত ডেকা

Image Description