সম্পাদকীয়
মাৰাঠী জাতীয়তাবাদৰ ‘এছিড টেষ্ট’

মাৰাঠী জাতীয়তাবাদ আজি সন্ধিক্ষণত৷ বালাচাহেব কেশৱ থেকাৰেই ১৯৬৬ চনত গঠন কৰা মাৰাঠী জাতীয়তাবাদৰ ভেটিত এসময়ত তেওঁলোকৰে মিত্ৰ ভাৰতীয় জনতা পাৰ্টিয়ে সিন্ধি খান্দিছে৷

বালাচাহেবে যেতিয়া শিৱ সেনা গঠন কৰিছিল তেতিয়া একমাত্ৰ উদ্দেশ্য আছিল ভূমিপুত্ৰ ‘মাৰাঠী মানুষ’ৰ অধিকাৰ মহাৰাষ্ট্ৰত পুনৰ প্ৰতিষ্ঠা কৰা৷ বালাচাহেবে ব্যথিত হৈছিল তেতিয়াৰ পৰিস্থিতি দেখি৷ মহাৰাষ্ট্ৰৰ, বিশেষকৈ বৃহত্তৰ মুম্বাইৰ দোকান-পোহাৰৰ পৰা আৰম্ভ কৰি চৰকাৰী অফিছ কাছাৰী সকলোতে অনা-মাৰাঠী লোকৰ প্ৰতিপত্তি, ক’তো মাৰাঠী মানুহৰ সন্মান নাই, কোনেও মাৰাঠী মানুহক ভাল ব্যৱহাৰ নকৰে৷

সেই সময়ত মুম্বাইত দক্ষিণ ভাৰতীয় লোক আৰু বিহাৰ-উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশৰ লোকৰ দাদাগিৰি ৷ মাৰাঠী মানুহ ঘৰতে নিৰাপত্তাহীন আৰু কাৰো পৰা উচিত সন্মান নোপোৱা অৱস্থা৷ নিজ মাটিত ভূমিপুত্ৰৰ এনে অৱস্থা দেখি অত্যন্ত ব্যথিত হোৱা বালাচাহেবে জন্ম দিছিল ‘শিৱ সেনা’ৰ৷

সকলো কথা ঠিকেই আছিল– কিন্তু বালাচাহেবে দুটা ডাঙৰ ভুল কৰিলে– প্ৰথম, মাৰাঠী জাতীয়তাবাদক উগ্ৰ হিন্দুত্ববাদী ৰূপ এটা দি (বাবৰি মছজিদ ধবংস কৰাত শিৱসেনা একেবাৰে সমুখত আছিল) আৰু দ্বিতীয়, শিৱ সেনাক পৰিয়ালকেন্দ্ৰিক ৰূপ এটা দি (বালাচাহেবৰ পিছত আহিল উদ্ধৱ থেকাৰে, আৰু তাৰ পিছত শিৱ সেনাৰ নেতৃত্ব ল’বলৈ সাজু হৈ আছে নাতি আদিত্য থেকাৰে)৷

আৰএছএছৰ পীঠস্থান মহাৰাষ্ট্ৰত আৰু বোধহয় সেইবাবে শিৱ সেনাৰ অন্দৰ মহলত কঠোৰ হিন্দুত্ববাদী চৰিত্ৰৰ প্ৰবেশ ঘটাটো সহজ হৈ পৰিছিল৷

এটা সময়ত শিৱ সেনা আৰু বিজেপিৰ ভাই ভাই সম্পৰ্ক আছিল৷ এনে ভাৱ হৈছিল মহাৰাষ্ট্ৰখন যেন বিজেপিয়ে শিৱ সেনাক এৰি দিব৷ এই মধুযামিনীৰ অন্ত পৰিছিল মোডী প্ৰধান মন্ত্ৰী হোৱাৰ লগে লগে৷

বালাচাহেবে মোডীক পছন্দ কৰা নাছিল, বাজপেয়ীৰ পিছত সুষমা স্বৰাজ প্ৰধান মন্ত্ৰী হোৱাটো বিচাৰিছিল৷ মোডীৰ ঢৌত সুষমা নোহোৱা হৈ গ’ল আৰু তেতিয়াৰ পৰাই শিৱ সেনা আৰু বিজেপিৰ মাজত সনাপিঠা কমি আছিল৷ মোডীয়ে সেই কথা মনত ৰাখিছিল আৰু এতিয়া সুযোগ পাই শিৱ সেনাৰ বৰঘৰতে সিন্ধি দিছে৷

২০১৪১ বিধান সভা নিৰ্বাচনত আসন ভাগ বটোৱাৰাক লৈ প্ৰথম বিজেপি- শিৱ সেনাৰ কাজিয়া আৰম্ভ হয়৷ ডাঙৰ দাদা হোৱা বিজেপিক বেছি আসন লাগে৷ মহাৰাষ্ট্ৰত শিৱ সেনাৰ প্ৰভুত্ব বিজেপিয়ে অস্বীকাৰ কৰিলে৷ নিৰ্বাচনত মিত্ৰতা নহ’লেও দুয়োটা দলৰ প্ৰাৰ্থী ২৮৮খন আসনৰ ভিতৰত ১৮৫খন আসনত জয়ী হোৱাত বিজেপি আৰু শিৱ সেনাই যুটীয়াভাৱে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিলে– শিৱ সেনাই নিজৰ জাতীয়তাবাদী চৰিত্ৰৰ সলনি হিন্দুত্বৰ পৰিচয়ক বেছি গুৰুত্ব দিলে৷

এতিয়া বিজেপিয়ে শিৱ সেনাক দুভাগ কৰিবলৈ আগবাঢ়িছে৷ দীৰ্ঘম্যাদী লক্ষ্য হ’ল– সকলো ফালৰ পৰা অগ্ৰণী ৰাজ্য মহাৰাষ্ট্ৰত বিজেপিৰ সৰ্বাত্মক স্থিতি সাব্যস্ত কৰা৷ একনাথ শ্বিন্দে মাত্ৰ এক হাথিয়াৰ– যাৰ অস্তিত্ব অতিশয় ক্ষণস্থায়ী আৰু অতি সোনকালে শ্বিন্দে আৰু তেওঁৰ লগৰীয়াসকলৰ সুকীয়া অস্তিত্ব নোহোৱা হোৱাটো খাটাং৷

মহাৰাষ্ট্ৰত জাতীয়তাবাদৰ এই ঘনীভূত সংকটৰ পৰা সকলো জাতীয়তাবাদী শক্তিয়ে শিকিব লগা বহুতো কথা আছে৷ যেনে, জাতীয়তাবাদ কাৰো পৈত্ৰিক সম্পত্তি নহয়– আৰু ব্যক্তিকেন্দ্ৰিক সংগঠনত সংকট এদিন আহিবই (যিটো কথা এসময়ৰ প্ৰবল প্ৰতাপী কংগ্ৰেছ দলৰ ক্ষেত্ৰতো হৈছে, অথবা মোডী-শ্বাহে দলটোক ব্যক্তিগত সম্পত্তি কৰিবলৈ বিচাৰিলে বিজেপি দলতো অচিৰে তেনে সংকট হ’ব)৷

জাতীয়তাবাদ আৰু হিন্দুত্ববাদক একাকাৰ কৰিব খুজিলেও বিপদ অনিবাৰ্য্য৷ দল এটা সুসংগঠিত ৰূপত বৰ্তি থাকিবলৈ হ’লে আভ্যন্তৰীণ গণতন্ত্ৰ বাহাল থাকিব লাগিব (শিৱ সেনাৰ দুই নম্বৰ স্থানত থকা একমাত্ৰ শ্বিন্দেই নিজেই এই কথা কৈছে)৷

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল– তথাকথিত সৰ্বভাৰতীয় দলৰ সৈতে মিত্ৰতা জাতীয়তাবাদী, আঞ্চলিকতাবাদী শক্তিৰ বাবে মংগলজনক নহয় (উদাহৰণ আমাৰ সমুখতে দেধাৰ)৷ এইবোৰ কথা আমি আটায়ে মনোযোগেৰে লক্ষ্য কৰা উচিত৷।

কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description