সম্পাদকীয় - অজীণপাতকী [১]

স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ?
ব্ৰহ্মপুত্ৰৰ দুয়োপাৰলৈ নহয় জানো?
এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বা কি?

সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই এই তিনিশাৰী বাক্য সংলাপেৰে কৈ আৰম্ভ কৰিছিল তেওঁৰ অমৰ সৃষ্টি গীত 'মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ৷' ১৯৮০ চনত ঐতিহাসিক অসম আন্দোলনৰ ভৰপক সময়ত তেওঁ গীতটি ৰচনা কৰিছিল৷ ব্ৰহ্মপুত্ৰৰ ঐতিহ্যৰ কথাৰে বৃহৎ অসমীয়া জাতিসত্বাৰ ভেটি কেনেকৈ নিৰ্মাণ হৈছিল গীতটিত বৰ সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷ সেইবাবেই অসম আৰু অসমীয়া থকালৈকে এই গীতটি সদায় প্ৰাসঙ্গিক হৈ থাকিব৷

মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী, সমন্বয়ৰ অৰ্থ৷ গীতটিৰ ‘স্থায়ী’ ভাগত অসমত যুগ যুগ ধৰি চলি অহা সমন্বয়ৰ মজবুত ভেটিটোৰ কথাকে কোৱা হৈছে৷ গীতৰ প্ৰথম ‘অন্তৰা’ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, মৰুৰ দেশৰ আজান ফকীৰ, দিল্লীৰ দিলোৱাৰ আৰু পঞ্চনদীৰ টেগ বাহাদুৰে কেনেকৈ ধৰ্মৰ সেতু গঢ়ি এখন সমাজ সৃষ্টি কৰিছিল তাৰ ৰূপৰেখা দাঙি ধৰা হয়৷ দ্বিতীয় অন্তৰাত লাচিত বৰফুকনে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে এক কৰি মোগল সেনাক পৰাভূত কৰা কথাৰ লগতে কলাগুৰু বিষ্ণু ৰাভাই এই মাটিৰ কৃষ্টি জীয়াই তুলি সকলোকে সমন্বয়ৰ ডোলেৰে বন্ধা জীয়া ইতিহাস বৰ্ণনা কৰা হয়৷

শেষৰটো অন্তৰাত লুইতৰ দুয়োপাৰে পদ্মানদীৰ ধুমুহাত পৰি অহা সকলক আদৰাৰ কথা উনুকিয়াই কোৱা হৈছে কিছু ল’ব লাগে, কিছু দিব লাগে, জীন যাবলৈ হ’লে, মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্ৰনাথেও ক’লে৷

১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি হ’ল । ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে অহা সকলক এই চুক্তিৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা হ’ল৷ ঠিক যেন কিছু ল’ব লাগে, কিছু দিব লাগে জীন যাবলৈ হ’লে, এই সুধাকণ্ঠই কোৱা কথাৰ দৰেই হ’ল৷

অসম আন্দোলনক অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন হিচাপে কোৱা হয় ৷ লাখ-লাখ অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে যেনেকৈ অসমৰ মানুহৰ মাটি-ভেটিৰ সুৰক্ষাৰ প্ৰতি শংকা আনিছে, ঠিক তেনেকৈ ইয়াৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ প্ৰতিও চৰম অমানিশা নামি আহিছে৷ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই ইয়াক মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷ সেয়েহে, তেওঁ গীতটিৰ একেবাৰে শেষৰ শাৰী দুটাত স্পষ্ট ৰূপত প্ৰকাশ কৰিছে–
অগ্ৰৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত বোৱালে
অজীণপাতকী সৱৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ৷

কি এই অজীণপাতকী সৱৰ চক্ৰ? হাজৰিকাদেৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জৰিয়তে অজীণপাতকী সবৰ চক্ৰ জ্যোতিৰে ব্যৰ্থ কৰাৰ কথা এইবাবেই দোহাৰিছে কাৰণ তেওঁ অসমৰ ইতিহাস জানিছিল৷ কেনেকৈ নিজৰ সংস্থাপনৰ বাবে বৃটিছসকলৰ সৈতে অহা এচাম বঙালী আমোলাই অসমীয়া ভাষা বাংলা ভাষাৰে এটা অপভ্ৰংশ ৰূপ বুলি বুজাইছিল৷ বৃটিছসকলেও এই কথাত পতিয়ন গৈ বাংলা ভাষাকে অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল৷ নাথান ব্ৰাউন আৰু মাইলছ ব্ৰনছনৰ দৰে খৃষ্টান মিছনেৰীসকলে অসমীয়া ভাষাক অসমত প্ৰতিষ্ঠা নকৰা হ’লে আজি হয়তো অসম বৃহত্তৰ বঙ্গৰে এটা অঞ্চল হ’লহেঁতেন৷

ভাষা আন্দোলন, মাধ্যম আন্দোলন সকলোতে যুগে যুগে এচাম অজীণপাতকীয়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে কৰা প্ৰতিটো চক্ৰান্ত হাজৰিকাদেৱে ভালকৈয়ে জানিছিল৷ সেইয়ে তেওঁ গীতেৰে কৈছিল সুদূৰ ৰাজস্থানৰ পৰা অসমলৈ অহা আগৰৱালা পৰিয়ালে কেনেকৈ অসমীয়া সমাজ জীৱনত নিজকে বিলীন কৰি দি অসমৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ বৰঘৰ চহকী কৰিছিল৷

মিলিব নোৱৰা সকল অজীণপাতকী৷ অসমলৈ যুগে যুগে বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ বিভিন্ন কাৰণত আহিছে৷ অসমৰ ইতিহাসেই হৈছে সমন্বয়ৰ ইতিহাস৷ গতিকে অসমে সকলোকে উদাৰচিত্তে আদৰি লৈছে৷ ইয়াৰ অধিকাংশই অসমৰ ভাষা-কৃষ্টি-সংস্কৃতিক নিজৰ বুলি আদৰি লৈ জাতীয় জীৱনত বিলীন হৈ গৈছে৷ বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ হৈছে৷ কিন্তু যুগে যুগে এচাম এনে লোকৰো অসমলৈ আগমন হৈছে যি ইয়াত মিলি যোৱা নাই বা মিলি যাব নোখোজে৷ বৰং এনে লোকসকলে যুগে যুগে সংঘাতহে সৃষ্টি কৰি আহিছে৷ অসম বৃটিছৰ অধীনলৈ যোৱাৰ পিছত অসমলৈ প্ৰব্ৰজন হোৱা লোকসকলৰ ভিতৰত বঙ্গৰ পৰা প্ৰব্ৰজিত হোৱা লোকেই আটাইতকৈ অধিক৷ ইয়াৰ বুজনসংখ্যক অসমৰ জাতীয় জীৱনত বিলীন হৈ গৈছে নাইবা সহাৱস্থান কৰিছে৷ এচামে কিন্তু বিলীন বা সহাৱস্থান কোনোটোৱেই কৰিব বিচৰা নাই৷ বৰং¸ তেওঁলোকে অসমখনক বৃহত্তৰ বাংলাৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলাই গৈছে৷

[আগলৈ]

Image Description