সম্পাদকীয় - গোন্ধ, সুবাস আৰু এটা নতুন বাট

আজিকালি শাক-পাচলিবোৰৰ একেবাৰে সাদ-সোৱাদ নাই হে...

: অ' ঠিকেই কৈছা, সোৱাদতো নায়েই আগৰ সেই গোন্ধো নাই । আগতে কেঁচা জলকীয়া এটা ভাঙি দিয়াৰ লগে লগে যিটো মলমলীয়া গোন্ধ নাকত লাগিছিল আজিকালি তেনে গোন্ধ পোৱা জানো? বিলাহী, লাইশাক কোনটোত আগৰ সেই গোন্ধ আছে?

বৰ্তমান এনে আলোচনা সততে শুনিবলৈ পোৱা যায়। কাৰণ কথাটো সঁচা। শাক-পাচলিৰ আগৰ সোৱাদো নাই, গোন্ধো নাই। মানুহৰ ঘ্ৰাণ শক্তিয়ে মানুহক বহু কথা জনা-বুজা-অনুভৱ কৰাত সহায় কৰে।

মোৰ মা যোৰহাট, তৰাজানৰ। দেউতা কামৰূপৰ পুঠিমাৰী, বৰডেকপাৰ গাঁৱৰ। আমি ডাঙৰ হৈছোঁ গুৱাহাটীত। শৈশৱৰ পৰা যেতিয়াই এই দুয়োখন ঠাইলৈ গৈছোঁ, গৈ পোৱাৰ লগে লগে দুয়োখন ঠাইৰে দুটা ভিন্ন কিন্তু বৰ চিনাকি গোন্ধ নাকত লাগে, লগে লগে আমি গম পাই যাওঁ আমি ক'ত আছোঁ।

কিয় নাজানো আজিকালি সেই গোন্ধটো ল'বলৈ যত্ন কৰিলেও নাপাওঁ। ঘৰ-দুৱাৰ, পকী বাট-পথ বাঢ়িল বাবেই নেকি? নে বয়স বঢ়াৰ লগে লগে নাকৰে কিবা বিজুতি ঘটিল ? এটা কথা ঠিক ঠাই দুখনৰ বহু পৰিৱৰ্তন হ'ল। জীৱন ধাৰণৰ মানো যথেষ্ট উন্নত হ'ল।

এই গোন্ধৰ কথা পাতিলে প্ৰায়ে মোৰ মনলৈ এটা বৰ আমোদজনক চিন্তা আহে। দৃশ্য-শ্ৰৱ্য মাধ্যমসমূহত দেখা আৰু শুনা দুয়োটা বিষয়ে উপস্থাপন কৰিব পৰাটো প্ৰযুক্তিয়ে কাহানিবাই সম্ভৱ কৰি তুলিছে। কিন্তু দৃশ্যসমূহৰ পৰিৱেশটোৰ সৈতে গোন্ধবোৰ যদি সংযোগ কৰিব পৰা গ'লহেঁতেন তেন্তে ই বাস্তৱৰ নিশ্চয় আৰু অলপ ওচৰ চাপিব পাৰিলেহেঁতেন। তেতিয়া দৰ্শকেও এতিয়াতকৈও বেছিকৈ পৰিবেশসমূহ অনুধাৱন কৰিব পাৰিলেহেঁতেন। আৰু কত কি যে হলহেঁতেন!

এতিয়া আহোঁ আন এক ধৰণৰ গোন্ধৰ কথালৈ। এই ধৰণৰ গোন্ধ বাস্তৱিকতে থাকে নে নাথাকে নাজানোঁ। কিন্তু আমি প্ৰত্যেকেই তাক অনুভৱ কৰোঁ। উদাহৰণ স্বৰূপে খৰিকাজাই ফুলৰ গোন্ধ মোৰ বৰ প্ৰিয়। চেন্নাই চহৰখনত খৰিকাজাই ফুলসদৃশ এবিধ ফুল বাটে-পথে বিক্ৰী কৰি থাকে। তাৰ বেছিভাগ মহিলাই চুলিত সেই ফুলৰ মালা গাঁঠি লয়। সেয়েহে তাত খৰিকাজাই ফুলৰ এখন বিশাল বজাৰ গঢ়ি উঠিছে।

চেন্নাইৰ কথা মনত পৰিলে মোৰ নাকত ক'ৰ পৰা আহি জানো খৰিকাজাই ফুলৰ গোন্ধটো লাগে। ঠিক একে ধৰণে যোৰহাট আৰু পুঠিমাৰীৰ কথা ভাবিলেও সেই চিনাকি গোন্ধ দুটা আহি এতিয়াও মোৰ নাকত লাগে। অথচ ঠাই দুখনলৈ গ'লেও এতিয়া আৰু সেই গোন্ধ নাপাও। বৰ আচৰিত।

গোন্ধ স্মৃতিৰ সৈতে নজহা-নপমাকৈ বান্ধ খাই থাকে নে চিনাকি গোন্ধৰ স'তে থকা এক ধৰণৰ আত্মীয়তাৰ বাবে মনে ক'ব নোৱৰাকৈ কেৱল তাৰেই সন্ধান কৰে? ভালকৈ বিশ্লেষণ কৰিলে নিশ্চয় সকলো প্ৰশ্নৰে উত্তৰ ওলাব।

এই লেখাটো ঔপন্যাসিক তথা নিবন্ধকাৰ, বন্ধুবৰ ব্ৰজেন ডেকাক চাবলৈ দিওঁতে তেওঁ ক'লে – 'হীৰুদাই তেওঁৰ বিখ্যাত কবিতাৰ সংকলনটোৰ নাম দিছিল 'সুগন্ধি পখিলা'। পখিলাৰ সৌন্দৰ্য্যৰ অনুভূতি আমাৰ মন-মগজুলৈ কঢ়িয়াই নিয়াৰ কামটো কৰে চকুৱে। ‍ঘ্ৰাণ বা গোন্ধৰ অনুভূতি কঢ়িয়াই নিয়া আমাৰ নাকটোৰ পখিলাৰ সৌন্দৰ্য্য অনুধাৱন কৰাৰ ক্ষেত্ৰত কিবা অৰিহণা আছে জানো? হীৰুদাই আমাক বুজাই দিলে পখিলাৰ সুগন্ধ আছে। নামটোৱে এটা সুঘ্ৰাণ বিয়পাই নিদিয়েনে?

একেদৰে নৱকান্ত বৰুৱাৰ 'অৰুন্ধতী' কবিতাৰ ' তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ' কথাষাৰে নাকলৈ আবেলি আবেলি গোন্ধ কঢ়িয়াই নানে জানো?'

এটা কথা ঠিক গোন্ধ বোলা কথাটো কিন্তু আমাৰ মন-মগজুৰ স'তে অতি নিবিড়ভাৱে জড়িত অনুভূতি। সেয়ে আমাৰ চিন্তা-চেতনাৰ স'তে জড়িত লেখনি নাইবা গীত-মাত সকলোতে আমি একো একোটা গোন্ধ বিচাৰি পাওঁ। যদিও আমাৰ মনবোৰক পূৰ্বৰ স্মৃতি বিজড়িত গোন্ধবোৰে জীপাল কৰি তোলে, তথাপিও নতুন গোন্ধৰ নতুন সুবাসৰ সন্ধান জানো মনবোৰে নকৰে? নিশ্চয় কৰে। কাৰণ নতুনত্বৰ সন্ধানেই মানুহৰ আগুৱাই যোৱাৰ নতুন বাট মুকলি কৰে।

কেইটামান দিনৰ পিছত আকৌ এটা নতুন বছৰ আহিব। সমুখত ২০২২ নতুন বৰ্ষটোৱে হাতবাউলি মাতিব ধৰিছে। আহক আমি সকলোৱে মিলি ২০২২ক হিয়া উজাৰি স্বাগতম জনাওঁ।

সকলোলৈ ইংৰাজী নতুন বছৰৰ শুভকামনা যাছিলোঁ।।

Image Description