সম্পাদকীয়
আদানিয়ে ডুবাব ভাজপাৰ ৰথ

দুই দশকমান আগতে ভাৰতবৰ্ষত কিজানি আদানিৰ নাম কোনেও শুনা নাছিল। সেই সময়ত আদানি আছিল গুজৰাটৰ এগৰাকী সাধাৰণ ব্যৱসায়ী যি চেষ্টা কৰি আছিল খোপনি পোতাৰ বাবে। নৰেন্দ্ৰ দামোদৰ দাস মোডী গুজৰাটৰ মুখ্য মন্ত্রী হোৱাৰ পিছত আদানিয়ে পাৰ পালে। তেতিয়াৰ পৰাই দুয়োজনৰ সম্পর্ক আৰু তাৰে গইনা লৈ দোপতদোপে উঠি গ'ল আদানি।

অতি লাভজনক কয়লা ব্যৱসায় আৰু তাপবিদ্যুৎ প্ৰকল্পত ইতিমধ্যে হাত দিয়া আদানি দোপতদোপে উঠি গ'ল, সোনকালে হৈ পৰিল বিশ্বৰ এগৰাকী প্ৰধান কয়লা ব্যৱসায়ী। লগে লগে উৎথান ঘটিল ভাজপাৰ।

এইকথা কোনেও নুবুজাকৈ থকা নাই যে ভাজপাৰ সমুদায় পুঁজিৰ বৃহৎ অংশ আহে আদানিৰ সাম্ৰাজ্যৰ পৰা। মোডীয়ে আদানিক দিছিল অতি কম মূল্যত কয়লা। ইয়াৰ বিৰোধিতা কৰা এগৰাকী জ্যেষ্ঠ বিষয়াক মোডীৰ গুজৰাট চৰকাৰে বৰ্খাস্ত কৰিছিল। পানীৰ মূল্যত আদানিক কয়লা দিয়াৰ প্ৰতিবাদ কৰা এগৰাকী আইনজীৱিক মোডী চৰকাৰে ছমাহ জেলত ভৰাই থৈছিল।

এতিয়া আদানিৰ হাতত ভাৰতবৰ্ষৰ আঠোটা বিমানবন্দৰ আৰু ১৩টা প্ৰধান সাগৰীয় জাহাজঘাট। আদানিৰ হাত এতিয়া ক'ত নাই? শক্তিখণ্ড, প্ৰতিৰক্ষা উদ্যোগ, চিমেণ্ট আৰু আনকি সংবাদ মাধ্যমতো আদানিৰ দুৰ্দান্ত প্ৰতাপ।

২০২০ চনত আদানিৰ সমূহ সম্পত্তিৰ মূল্য আছিল ৯ হাজাৰ নিযুত আমেৰিকান ডলাৰৰ সমান আৰু ২০২২ৰ শেষত ইয়াৰ পৰিমাণ হ'লগৈ ১২৭ হাজাৰ নিযুত ডলাৰ। দুবছৰত বাঢ়িল ১৪ গুণ আৰু এয়া সম্ভৱ হ'ল মোডী আৰু ভাজপাৰ সমৰ্থনত।

এই গোটেই অংকটোত ভাজপাই কিমান পালে সেয়া সহজে অনুমেয়। অসমতে নহয় ভাৰতবৰ্ষৰ ৰাজনীতিৰো দিক নিৰ্ণায়ক কয়লাৰ ব্যৱসায়।

মোডী চৰকাৰে আনকি চৰকাৰী নিয়মৰ সংশোধনী ঘটাই ক'ল ইণ্ডিয়াৰ হাতত থকা কয়লাৰ পৰা এক-তৃতীয়াংশ (১০ নিযুট টন) আদানিক দি দিছিল। বিনিময়ত ভাজপাই কিমান ল'লে সহজেই অনুমেয়। ২০১৪ৰ নিৰ্বাচনত দেশৰ এমূৰৰ পৰা সিমূৰলৈ মোডীয়ে প্ৰচাৰ চলাওঁতে যিখন বেচৰকাৰী উৰাজাহাজ দৌৰাই ফুৰিছিল তাৰ নেজত আদানি নামটো লিখা আছিল, এয়া সকলোৱে দেখিছিল।

আদানিয়ে স্কুলীয়া শিক্ষা শেষ কৰিব পৰা নাছিল। আজি স্কুলৰ দেওনা পাৰ নোহোৱা সেইজন আদানিয়েই হৈ পৰিছে পৃথিবীৰ ভিতৰত আটাইতকৈ ধনী লোকৰ তিনি বা চাৰি নম্বৰত।

কেইদিনমান আগতে হঠাৎ আদানিৰ সাম্ৰাজ্যত বিপদ ঘণ্টা বাজি উঠিছে। আদানিয়ে যে সৎ উপায়েৰে বিশাল ব্যৱসায়ৰ অধিকাৰী হোৱা নাই সেইকথা তন্নতন্নকৈ প্ৰকাশ পাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'হিণ্ডেনবাৰ্গ ৰিছাৰ্চ' নামৰ বিনিয়োগকাৰীৰ স্বাৰ্থৰক্ষাকাৰী এটা সংস্থাৰ ১০৬ পৃষ্ঠাৰ প্ৰতিবেদনত। স্পষ্ট অভিযোগ আদানিয়ে সৎ উপায়েৰে বিশাল সাম্ৰাজ্য গঢ়ি তোলা নাই - বিনিয়োগকাৰীক ঠগন দিবলৈ অসৎ উপায়ৰ আশ্ৰয় লৈছে আৰু নিজৰ হিচাব-পত্ৰ ভুলভাৱে উৎথাপন কৰিছে।

এই প্ৰতিবেদনে ভাৰতীয় শ্বেয়াৰ-মাৰ্কেটত খহনীয়াৰ সৃষ্টি কৰিছে আৰু দ্ৰুতগতিৰে নামি আহিছে আদানি সাম্ৰাজ্যৰ মূলধনী কাঠামোৰ। প্ৰতিবেদনৰ কথাবোৰ আদানি গ্ৰুপে মিছা বুলি কৈছে, কিন্তু সজোৰে উৎথাপন কৰিব পৰা নাই।

এইবোৰ অৰ্থনৈতিক কথাৰ গভীৰ ৰাজনৈতিক তাৎপর্য্য আছে। এটা কথা সকলোৱে কৈছে যে আদানি ডুবিলে, মোডী আৰু ভাজপাৰ বেলিও ডুব যাব। আন এটা তাৎপর্য্যপূৰ্ণ কথা - ২০২৪ৰ বাবে ভাজপাই টঙালি বান্ধি আগবাঢ়িব খোঁজোতেই দুটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে।

প্ৰথম, বিবিচিয়ে মোডীৰ অতি সাম্প্রদায়িক ৰূপ আৰু গুজৰাটত হোৱা সংখ্যালঘুৰ নিপীড়নৰ বাবে মোডীৰ দায়বদ্ধতাৰ ওপৰত এখন ডকুমেন্টেৰী প্ৰচাৰ কৰিছে।

দ্বিতীয়, হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ ১০৬ পৃষ্ঠাৰ প্ৰতিবেদনে আদানিৰ নাও ডুবুৱাৰ পৰ্য়্যায়লৈ লৈ গৈছে।

ইয়াৰ অৰ্থ এয়ে নেকি যে মোডী আৰু আদানিয়ে পশ্চিমক আমুৱালে। নিশ্চিতভাৱে বতাহ পৰিৱৰ্তনৰ দিশে।।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description