সম্পাদকীয় - মোদী মেজিক – অৱৰোহণ পৰ্ব

ৰাষ্ট্ৰীয় ৰাজনীতিত ভৰি থৈয়েই ২০১৪ চনত সেই সময়ৰ গুজৰাটৰ মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমৎকাৰী উত্থান হৈছিল। তেওঁ প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰিয়েই ভাৰতৰ দৰে বিশাল দেশ এখনৰ প্ৰধান মন্ত্ৰী হৈছিল। কংগ্ৰেছৰ দৰে শতবৰ্ষ গৰকা এটা দলৰ সেই নিৰ্বাচনত শোচনীয় পৰাজয় হৈছিল। মোদীৰ সেই বৃহৎ বিজয়ক আখ্যা দিয়া হৈছিল – মোদী মেজিক। ইয়াৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অশ্বমেধৰ ঘোঁৰা যেন থমকিবই নোখোজে। মোদী যিফালেই যায়, কেৱল জয় আৰু জয়। ক'ৰবাত বিজয় সম্ভৱ নহ'লেও বিধায়ক কিনি হ'লেও জয় আজুৰি অনা হৈছিল। অন্ধভক্ত সকলৰবাবে সেইয়াও আছিল –মোদী মেজিক। তাত কোনো দুৰ্নীতি, অন্যায় এইবোৰৰ প্ৰশ্ন আহিবই নোৱাৰিছিল । বৰং 'মোদী হো ত' মুমকিন হে'( 'মোদী আছে যিহেতু সকলো সম্ভৱ') বুলি অত্যহাস্য কৰাতহে মোদী ভক্তসকল উঠি-পৰি লাগিছিল।

মোদীয়ে যি ভাবে, যি কৰে সকলো শুদ্ধ । তেওঁ কোনো ভুল কৰিবই নোৱাৰে। তেওঁ ভুল নকৰে। একপ্ৰকাৰ তেওঁৰ প্ৰতি সমৰ্থকসকলৰ ই আছিল এক অগাধ বিশ্বাস। এই বিশ্বাস নাথাকিবই বা কিয় – ২০১৪ চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীক মানুহৰ সলনি ভগৱান হিচাপেহে প্ৰক্ষেপ কৰা হৈছিল। তেওঁ য'তেই গৈছিল তাতেই 'হৰ হৰ মোদী, ঘৰ ঘৰ মোদী' বুলি সম্ভাষণ জনোৱা হৈছিল। তেওঁ নিজেও সন্তোষ পাইছিল। পিছে কিছু সাধু- সন্তই ইয়াৰ তীব্র আপত্তি কৰাত মোদী ডাঙৰীয়াই অৱশ্যে তেওঁক মহাদেৱ ভগৱানৰ সতে ৰিজাব নালাগে বুলি এবাৰ কৈছিল। কিন্তু ভক্তই এবাৰ ভগৱান বুলি মানি ল'লে যেতিয়া কোনোবাই ক'লে বুলিয়েনো ঘপকৈ তেওঁক নৰমনিচ বুলি কেনেকৈ ভাবে–! গতিকে তেওঁ ভক্তৰ ভগৱান হৈয়ে থাকিল।

কেৰোণ ইয়াতেই আৰম্ভ হ'ল। নিজকে সন্যাসী বুলি ঘোষণা কৰা প্ৰধান মন্ত্ৰীৰ লাহ-বিলাসৰ খৰছ দেখি ৰাইজৰ চকু কপালত উঠিল। কিন্তু প্ৰকাশ কৰে কেনেকৈ। কিবা ক'লেই বিপদ। অন্ধভক্তসকলৰ ৰোষত পৰিব লগা হয়। একেবাৰে দল বান্ধি আক্ৰমণ কৰে। প্ৰাণ–মান–সন্মান ৰক্ষা কৰি মনে মনে থকাই ভাল বুলি সকলো নীৰৱে থাকিল। কিন্তু সন্যাসী প্ৰধান মন্ত্ৰীয়ে পোন্ধৰ লাখটকীয়া ছ্যুট পিন্ধাৰ লগে লগে হঠাৎ যেন নীৰৱতা ভংগ হ'ল। বহুতেই গৰজি উঠিল। কথা বিষম দেখি তেওঁ সেইযোৰ সোলোকাই থৈহে কিবাকৈ ৰক্ষা পৰিল।

ইয়াৰ পিছতো বিভিন্নজনে বিভিন্ন সময়ত তেওঁৰ সকলো ভুল নীতি, দুৰ্নীতি, অপশাসন আঙুলিয়াই দি থাকে, তথাপিও ভক্তসকলে এইবোৰ মানি নলৈছিল। মোদীৰ প্রতি থকা বিশ্বাসো নকমিল, যাৰবাবে বিমুদ্ৰাকৰণৰ দৰে দেশৰ অৰ্থনীতি ধ্বংস কৰা অবিবেচকী কাণ্ড কৰাৰ পিছতো ২০১৯ চনত মোদী পুনৰ দ্বিতীয়বাৰৰ বাবে বৃহৎ জয়েৰে প্ৰধান মন্ত্ৰী হ'ল। তেওঁৰ কঠোৰ সমালোচকসকলেও মোদী মেজিকৰ কথা মানি লবলৈ বাধ্য হ'ল।

সকলো কথাৰে এটা সীমা থাকে। আস্থা আৰু বিশ্বাসৰ ক্ষেত্ৰটো একেই কথা প্ৰযোজ্য। ইফালে দ্বিতীয়টো কাৰ্য্যকালটো গভীৰ আত্মবিশ্বাসী মোদীৰ কামৰ ধৰণ সলনি হোৱা পৰিলক্ষিত ন'হল। তেওঁ একেই থাকিল। সকলো কথাতে আগৰ দৰে তেওঁৰ বেপৰোৱা ভাব স্পষ্ট ৰূপত ফুটি উঠিল। যি মন যায় তাকেই কৰি গ'ল। কওঁতা কোনো নাই। যেতিয়া সমগ্ৰ বিশ্বজুৰি ক'ভিড অতিমাৰী সম্পৰ্কত সজাগতাৰ অভিযান চলিল, তেতিয়া ভাৰতক ব্যস্ত কৰা হ'ল সেই সময়ৰ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অভ্যৰ্থনাত। মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক বিদায় দিয়াৰ পিছতহে ক'ভিড সম্পৰ্কত মোদী ডাঙৰীয়াই চিন্তা-চৰ্চ্চা আৰম্ভ কৰে। তাকো বৈজ্ঞানিক দৃষ্টিভংগীৰে নহয়। তেওঁৰ চিৰাচৰিত ভেল্কীবাজি মোদী মেজিকৰ দ্বাৰাই গুৰুতৰ ক'ভিড যুদ্ধ জয়ৰ পৰিকল্পনা কৰিলে। কাঁহী-বাতি বজোৱা, চাকি-বন্তি জ্বলোৱা, কি কি যে সমাধান দিলে যিবোৰ ভাবিবই লাজ লাগে। এইবাৰ হ'লে এইবোৰে ফল নিদিলে। বৰং দেশজুৰি অৰাজকতাৰহে সৃষ্টি হ'ল।

ক'ভিডৰ দ্বিতীয় ঢৌ আহিল। মৃতদেহ থ'বলৈ ঠাই নোহোৱা হ'ল। পেটে-পেটে মোদীয়েও চাগে অনুমান কৰিলে যে এইবাৰ কাম নিসিজিল। সমস্ত দোষ কেইগৰাকীমান মন্ত্ৰীলৈ ঠেলি দি তেওঁলোকক মন্ত্ৰীসভাৰ পৰা বাদ দি নতুন মন্ত্ৰী ল'লে। ভাবিলে চাগে দেশৰ মেজাজ ঠিক হৈ যাব। এনে সময়তে ৰাষ্ট্ৰীয় ইংৰাজী আলোচনী ইণ্ডিয়া টুডে ( India Today)ই প্ৰকাশ কৰিলে তেওঁলোকৰ দেশত চলোৱা সমীক্ষা প্ৰতিবেদন 'মুদ অৱ দ্য নেশ্বন' ( Mood of The Nation– দেশৰ মেজাজ)। লগে লগে দেশৰ সমুখলৈ আহিল বহু বিস্ফোৰক তথ্য। এবছৰতে মোদীৰ জনপ্ৰিয়তা ৬৬% ৰ পৰা ২৪%লৈ হ্ৰাস পালে। ক'ভিড পৰিস্থিতি মোকাবিলাৰ ব্যৰ্থতাকেই প্ৰতিবেদনখনত মুখ্য কাৰণ হিচাপে চিহ্নিত কৰা হ'ল। প্ৰতিবেদনমতে তেওঁৰ প্ৰতি থকা পূৰ্বৰ আস্থা আৰু বিশ্বাস এতিয়া চকুতলগা ধৰণে নোহোৱা হ'ল। অৰ্থাৎ মোদী মেজিকৰ অৱৰোহণ পৰ্ব আৰম্ভ হ'ল নেকি? দেশত বৰ্তমান ইয়াৰ সৰৱ চৰ্চা চলিছে।

Image Description