সম্পাদকীয় - প্ৰকৃত গান্ধীবাদী লাল বাহাদুৰ শাস্ত্ৰী

ভাৰতবৰ্ষৰ দ্বিতীয় গৰাকী প্ৰধান মন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা সাত মাইল আঁতৰত মোগলচৰাই নামে এখন সৰু ৰে’লৱে চহৰত ১৯০৪ চনৰ ২ অক্ট'বৰত তেওঁৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ এগৰাকী বিদ্যালয়ৰ শিক্ষক আছিল। শাস্ত্ৰীৰ ডেৰ বছৰ বয়সতে বিউৱনিক প্লেগ ৰোগত তেওঁৰ পিতৃৰ মৃত্যু হৈছিল ৷ সেই সময়ত তেওঁৰ বিছ বছৰীয়া মাকে তিনিটি সন্তানৰ সৈতে নিজৰ দেউতাকৰ ঘৰলৈ গুচি যায় আৰু তাতেই থাকিবলৈ লয়৷

তেওঁক বাৰাণসীত থকা মোমায়েকৰ ঘৰলৈ পঠিওৱা হৈছিল যাতে তেওঁ উচ্চ শিক্ষা লাভ কৰিব পাৰে৷

ডাঙৰ হোৱাৰ লগে লগে লাল বাহাদুৰ শাস্ত্ৰী দেশত ইংৰাজ শাসনৰ বিৰুদ্ধে চলা স্বাধীনতা সংগ্ৰামৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰিছিল৷ গান্ধীজীয়ে দেশবাসীক অসহযোগ আন্দোলনত যোগদানৰ বাবে জনোৱা আহ্বানৰ সময়ত লাল বাহাদুৰ শাস্ত্ৰীৰ বয়স হৈছিল ষোল্ল বছৰ৷ মহাত্মাৰ আহ্বানত তেওঁ অধ্যয়ন ত্যাগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ তেওঁৰ এই সিদ্ধান্তই মাতৃৰ আশা চূৰ্ণ কৰিছিল৷ পৰিয়ালে তেওঁক তেওঁৰ সিদ্ধান্তৰ পৰা বিৰত কৰিব পৰা নাছিল৷ কিন্তু লাল বাহাদুৰে নিজৰ মন স্থিৰ কৰিছিল৷ তেওঁৰ সংস্পৰ্শত থকা সকলো ব্যক্তিয়ে জানিছিল যে এবাৰ মন দৃঢ় কৰাৰ পিছত তেওঁ কেতিয়াও নিজৰ সিদ্ধান্ত পৰিত্যাগ নকৰিছিল৷ তেওঁৰ বাহিৰৰ কোমল স্বভাৱৰ অন্তৰালত এটা কঠিন মনোভাৱ লুকাই আছিল৷

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে গঠিত হোৱা বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ভিতৰত বাৰাণসীৰ কাশী বিদ্যাপীঠত লাল বাহাদুৰ শাস্ত্ৰীয়ে যোগদান কৰিছিল৷ তাতে তেওঁ দেশৰ বিভিন্ন মহান ব্যক্তিৰ সংস্পৰ্শলৈ আহে৷ কাশী বিদ্যাপীঠে তেওঁক স্নাতক ডিগ্ৰী হিচাপে ‘শাস্ত্ৰী’ উপাধি প্ৰদান কৰে আৰু পিছলৈ জনমানসত এয়া তেওঁৰ উপাধি হিচাপে পৰিচিত হয়৷

১৯২৭ চনত তেওঁৰ গৃহ চহৰৰ কাষৰ মিৰ্জাপুৰৰ ললিতা দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ সম্পূৰ্ণ পৰম্পৰাগতভাৱে বিয়াখন সম্পন্ন কৰা হৈছিল৷ যৌতুক হিচাপে এটা যঁতৰ আৰু অলপমান হাতেবোৱা কাপোৰ গ্ৰহণ কৰা হৈছিল৷ দৰা-কইনাই ইয়াতকৈ অধিক একো বিচৰা নাছিল৷

১৯৩০ চনত মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰা কৰি লোণ আইন ভংগ কৰে৷ এই প্ৰতীকি ভংগিমাই সমগ্ৰ দেশকে উজ্বলিত কৰিছিল৷ লাল বাহাদুৰ শাস্ত্ৰীয়েও অতি উৎসাহেৰে নিজকে স্বাধীনতাৰ যুঁজত অৱতীৰ্ণ কৰাইছিল৷ স্বাধীনতা আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ সৰ্বমুঠ ৭ বছৰ কাৰাবাস খাটিছিল৷ ইয়াৰ জৰিয়তে তেওঁৰ সংগ্ৰামৰ উত্তপ্ত শিখা প্ৰজ্বলিত হৈছিল আৰু পৰিপক্কতা বৃদ্ধি হৈছিল৷

স্বাধীনতাৰ পিছত যেতিয়া কংগ্ৰেছ ক্ষমতালৈ আহিছিল, ৰাষ্ট্ৰৰ সংগ্ৰামত নম্ৰ স্বভাৱৰ শাস্ত্ৰীৰ দক্ষতা তেতিয়াই সকলোৰে দৃষ্টিত পৰিছিল৷ যেতিয়া ১৯৪৬ চনত কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল তেতিয়া এই ৫ ফুট ২ ইঞ্চিৰ ‘সৰুফুটীয়া ডাইনেম’' মানৱজনক দেশৰ শাসনত এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছিল৷ তেওঁ নিজৰ গৃহ চহৰ উত্তৰ প্ৰদেশৰ সংসদীয় সচিব নিযুক্ত হোৱাৰ পিছতে গৃহ মন্ত্ৰীৰ পদ লাভ কৰিছিল৷

তেওঁৰ কঠোৰ পৰিশ্ৰম কৰিব পৰা ক্ষমতা তথা সামৰ্থ্য উত্তৰ প্ৰদেশত সকলোৰে মুখে মুখে আছিল৷ ১৯৫১ চনত তেওঁ নতুন দিল্লীলৈ আহে আৰু কেন্দ্ৰীয় কেবিনেটৰ বিভিন্ন পদ- ৰে’ল মন্ত্ৰী, পৰিবহণ আৰু যোগাযোগ মন্ত্ৰী, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু নেহৰুৰ অসুখৰ সময় তেওঁৰ পদতো আসীন হৈছিল৷ তেওঁ ক্ৰমান্বয়ে উদ্ভাসিত হৈ গৈ আছিল৷ এবাৰ এটা ৰে’ল দুৰ্ঘটনাত বহুজনৰ জীৱন হানি হোৱাত তেওঁ দায়িত্ব স্বীকাৰ কৰি ৰে’ল মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল৷ তেওঁৰ এই অতুলনীয় আচৰণ সংসদ আৰু দেশত উচ্চভাৱে প্ৰশংসিত হৈছিল৷ এই ঘটনা সন্দৰ্ভত সংসদত তেতিয়াৰ প্ৰধান মন্ত্ৰী পণ্ডিত নেহৰুৱে বক্তৃতা প্ৰদান কৰি লাল বাহাদুৰ শাস্ত্ৰীৰ সংবদ্ধতা তথা উচ্চ আদৰ্শৰ বিষয়ে যথেষ্ট প্ৰশংসা কৰিছিল৷ তেওঁ কৈছিল যে লাল বাহাদুৰ শাস্ত্ৰীৰ এই পদত্যাগ পত্ৰ তেওঁ স্বীকাৰ কৰিছিল কিয়নো ই দেশৰ সাংবিধানিক ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আদৰ্শ স্থাপন কৰিছিল৷ ৰে’ল দুৰ্ঘটনাৰ দীৰ্ঘ সময় বিবাদৰ পিছত লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিল, ‘‘বোধহয় মোৰ সৰুফুটীয়া চেহেৰা আৰু মৃদু জিভাৰ বাবে মানুহে বিশ্বাস কৰিছে যে এই কামৰ বাবে মই যোগ্য নহয়৷ যদিও মই শাৰীৰিকভাৱে শক্তিশালী নহয়, মই ভাবোঁ যে অন্তঃকৰণৰ পৰা মই সিমান দুৰ্বল নহয়৷’’

মন্ত্ৰীসভাৰ কাম-কাজৰ উপৰিও তেওঁ কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবেও কাম কৰিছিল৷ ইয়াৰ ফলশ্ৰুতিতেই ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত দলে বৃহৎ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছিল৷

লাল বাহাদুৰ শাস্ত্ৰীয়ে ত্ৰিছ বছৰতকৈও অধিক সময় নিষ্ঠাৰে কাম কৰিছিল৷ নম্ৰ, বিনয়ী, প্ৰৱল আত্মশক্তিৰ অধিকাৰী তথা স্থিতপ্ৰজ্ঞতা গুণৰ সৈতে আনক উপলব্ধি কৰাৰ ক্ষমতা তেওঁৰ আছিল৷ দেশক আগবঢ়াই নিয়াৰ দৰ্শন তেওঁৰ আছিল৷ লাল বাহাদুৰ শাস্ত্ৰী গভীৰভাৱে মহাত্মা গান্ধীৰ ৰাজনৈতিক শিক্ষণৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল৷ গান্ধীজীৰ পথ অনুসৰণ কৰি তেওঁ সমগ্র জীৱন হৰিজন সমাজৰ উন্নতিৰ হকে কাম কৰিছিল।

১৯৬৪ চনৰ ৯ জুনত তেওঁ ভাৰতৰ দ্বিতীয় প্ৰধান মন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেওঁৰ প্ৰধানমন্ত্ৰিত্বৰ কালতে দেশত দুগ্ধ আৰু খাদ্যশস্যৰ উৎপাদনত ব্যাপক উন্নয়ন সম্ভৱ হয়, যাক ভাৰতৰ শ্বেত বিপ্লৱ আৰু সেউজ বিপ্লৱৰূপে জনা যায়। ১৯৬৫ চনত হোৱা ভাৰত–পাক যুদ্ধৰ সময়ত তেওঁৰ দ্বাৰা উচ্চাৰিত 'জয় যোৱান, জয় কিষাণ' ধ্বনিয়ে সমগ্র দেশকে ব্যাপকভাবে আন্দোলিত কৰিছিল। যি ধ্বনি আজিও প্ৰেৰণাদায়ক আৰু প্ৰাসংগিক।

১৯৬৬ চনৰ ১০ জানুৱাৰীত সেই সময়ৰ ছ'ভিয়েট ইউনিয়নৰ টাছখণ্ডত তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি ইয়াকুব খানৰ সতে এক চুক্তি স্বাক্ষৰ কৰি পাক-ভাৰত যুদ্ধৰ অৱসান ঘটায়। অতি দুৰ্ভাগ্যজনক কথা সেই নিশাই তেওঁ হৃদৰোগত আক্ৰান্ত হয়। পিছদিনা ১১ জানুৱাৰী তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

লাল বাহাদুৰ শাস্ত্ৰীৰ 'জয় যোৱান, জয় কিষাণ' ধ্বনিয়ে যেনেকৈ আজিও দেশবাসীক উদ্বেলিত কৰে, ঠিক তেনেকৈ তেওঁ দেখুৱাই যোৱা আদৰ্শক আজিও সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মাত্ৰ ডেৰবছৰীয়া কাৰ্য্যকালতে তেওঁ দেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছিল। অতি আমোদজনক কথা প্ৰথম অৱস্থাত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত তেওঁক শক্তিশালী নেতা হিচাপে গণ্য কৰা হোৱা নাছিল। হয়তো জৱাহৰলাল নেহৰুৰ দৰে শক্তিশালী নেতাৰ অবৰ্তমানত দায়িত্ব গ্ৰহণ কৰা বাবেই এনে এক ধাৰণাৰ জন্ম হৈছিল।

সেই সময়ত পাকিস্তানত কৰ্মৰত ভাৰতীয় উচ্চায়ুক্ত শঙ্কৰ বাজপেয়ীৰ মতে জৱাহৰলাল নেহৰুৰ মৃত্যুৰ লগে লগে তেতিয়াৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি ইয়াকুব খানে ভাৰতক দুৰ্বল হোৱা বুলি ধৰি লৈছিল। গতিকে শাস্ত্ৰীৰ দৰে এগৰাকী দুৰ্বল প্ৰধান মন্ত্ৰীৰ সতে কথা পাতি কি লাভ বুলি তেওঁৰ প্ৰস্তাৱিত ভাৰত ভ্ৰমণ বাতিল কৰিছিল। লাল বাহাদুৰ শাস্ত্ৰীয়ে এই কথা গম পাই 'আপুনি আহিব নালাগে, মই নিজেই যাম' বুলি খবৰ পঠিয়ালে। শাস্ত্ৰীয়ে ইজিপ্টৰ ৰাজধানী কাইৰ'ত হোৱা গোষ্ঠীনিৰপেক্ষ সন্মিলনৰ পৰা উভতাৰ পথত কেইঘণ্টামানৰ বাবে পাকিস্তানত উপস্থিত হয়। পাকিস্তানৰ পৰা উভতিবৰ সময়ত বিমানবন্দৰত শাস্ত্ৰীক বিদায় দি উঠি আয়ুব খানে 'এওঁৰ লগত কথা পাতি কি লাভ হ'ব"বুলি কোৱা উচ্চায়ুক্ত বাজপেয়ীয়ে নিজে শুনিছিল বুলি প্ৰকাশ কৰিছিল।

১৯৬৫ চনৰ ভাৰত–পাক যুদ্ধৰ সময়ত তেতিয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি এল বি জনছনে লাল বাহাদুৰ শাস্ত্ৰীক পাকিস্তানৰ বিৰুদ্ধে শীঘ্ৰে যুদ্ধ বন্ধ কৰিবলৈ কৈছিল। অন্যথাই পিএল ৪৮০ৰ জৰিয়তে আমেৰিকাই ভাৰতক আবন্টন দিয়া ৰঙা ঘেঁহু বন্ধ কৰা হ'ব বুলি সতৰ্ক কৰি দিছিল। সেই সময়ত ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰশীল নাছিল। মাৰ্কিন ৰাষ্ট্ৰপতিৰ এনে ভাবুকিয়ে শাস্ত্ৰীৰ আত্মসন্মানত আঘাত কৰে। এই ঘটনা সম্পৰ্কত তেওঁৰ পুত্র সুনীল শাস্ত্ৰীয়ে প্ৰকাশ কৰে যে সেই নিশা লাল বাহাদুৰ শাস্ত্ৰীয়ে নিজ পত্নীক নিশাটো ঘৰখনত সকলোৱে উপবাসে থাকিব পাৰিবনে বুলি সোধে। শাস্ত্ৰীৰ কথামতে সেই নিশা সকলোৱে উপবাসে থাকে। ঘৰৰ সকলোৱে উপবাস কৰিব পৰা দেখি পিছদিনা তেওঁ দেশবাসীক এসাজ উপবাস কৰিবলৈ আহ্বান জনায়। এনে কৰিলে আমেৰিকাৰ ঘেঁহুৰ ঘাটি দেশে পূৰণ কৰিব পাৰিব বুলি তেওঁ দেশবাসীক জনায়।

এনে ধৰণৰ অনুপ্ৰেৰণাৰ বহু কাহিনী লাল বাহাদুৰ শাস্ত্ৰীয়ে নিজৰ জীৱন কালত গঢ়ি থৈ গৈছে। এবাৰ কংগ্ৰেছৰ বিখ্যাত 'কামৰাজ পৰিকল্পনা'ৰ বাবে শাস্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব লগা হৈছিল। পদত্যাগৰ দিনা সন্ধিয়া বিখ্যাত সাংবাদিক কুলদ্বীপ নায়াৰ শাস্ত্ৰীৰ ঘৰত উপস্থিত হৈ দেখে গোটেই ঘৰটো অন্ধকাৰ কৰি একমাত্ৰ ড্ৰয়িং ৰুমত এটা বিজুলী বাতি জ্বলাই তেওঁ বাতৰিকাকত পঢ়ি আছে। শ্ৰীনায়াৰে ইয়াৰ কাৰণ সোধাত তেওঁ ক'লে আজিৰ পৰা মই মন্ত্ৰী নহয়। গতিকে এতিয়াৰ পৰা বিজুলী বিল মই নিজেই দিব লাগিব। গতিকে গোটেই ঘৰটো পোহৰাই ৰখাৰ সামৰ্থ্য মোৰ নাই।

তেওঁৰ জীৱনৰ শেষ ভ্ৰমণ টাছখণ্ডলৈ যাওঁতে তেওঁ এটা খাদী কোট পিন্ধি গৈছিল। ছ'ভিয়েট প্ৰধান এলেক্সি ক'জিগিনে টাছখণ্ডৰ প্রচণ্ড শীতৰ বাবে খাদী কোটটো যথেষ্ট নহয় বুলি শাস্ত্ৰীক এটা গৰম অভাৰকোট উপহাৰ দিয়ে। পিছদিনাও শাস্ত্ৰীয়ে নিজৰ একেটা কোটকে পিন্ধি থকা দেখি ছ'ভিয়েট প্ৰধান মন্ত্ৰীগৰাকীয়ে তেওঁ দিয়া অভাৰকোটটো পচন্দ নহ'ল নেকি বুলি তেওঁক প্ৰশ্ন কৰে। শাস্ত্ৰীয়ে তেতিয়া কয় যে পছন্দ হৈছে, পিছে মোৰ দলত অহা এজনে কোট অনা নাছিল। গতিকে কেইদিনমানৰ বাবে তেওঁকেই কোটটো পিন্ধিব দিছোঁ। পিছত শাস্ত্ৰী আৰু পাক ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে আয়োজন কৰা অনুষ্ঠানত ছ'ভিয়েট প্ৰধানগৰাকীয়ে এই কথা উল্লেখ কৰি কয় 'আমি কমিউনিষ্ট, কিন্তু শাস্ত্ৰী ছুপাৰ কমিউনিষ্ট'।

টাছখণ্ডৰ এই সন্মিলনতে লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ ওচৰত গৈ প্ৰথমেই উপস্থিত হোৱা লোকজন আছিল পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খান। এসময়ত শাস্ত্ৰীক দুৰ্বল বুলি ভবা আয়ুব খানৰ মুখৰ পৰা সেইদিনা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল এষাৰি বাক্য– 'here lies a person who could have brought India & Pakistan together.' 'ইয়াত এগৰাকী লোক শুই আছে যি ভাৰত আৰু পাকিস্তানক একেলগে আগুৱাই নিব পাৰিলেহেঁতেন।

লাল বাহাদুৰ শাস্ত্ৰীৰ নিথৰ দেহ কান্ধত লৈ আগবাঢ়িছিল দুই দেশৰ দুই ৰাষ্ট্ৰ প্ৰধান। কুৰি হাজাৰতকৈও অধিক লোকে সেই সমদলত অংশ লৈছিল। সমগ্র পথছোৱাত ভাৰত, পাকিস্তান আৰু ছ'ভিয়েট ইউনিয়ন তিনিওখন দেশৰে পতাকা অৰ্ধনমিত কৰি লাল বাহাদুৰ শাস্ত্ৰীক শেষ শ্ৰদ্ধা জনোৱা হৈছিল। সঁচাকৈয়ে বিৰল আছিল সেই শেষ যাত্ৰা।

মৃত্যুৰ সময়ত পৰিয়ালৰ বাবে লাল বাহাদুৰ শাস্ত্ৰীয়ে কোনো জমা ধন , মাটি , ঘৰ একো এৰি থৈ যোৱা নাছিল। আজিৰ সময়ত এনে আদৰ্শ সাধু সাধু যেন নালাগেনে?

মহাত্মা গান্ধীৰ জন্মদিন ২ অক্ট’বৰৰ দিনাই জন্ম পোৱা তেওঁৰ একান্ত সাধক লাল বাহাদুৰ শাস্ত্ৰী আছিল এগৰাকী প্রকৃত গান্ধীবাদী নেতা। আজিৰ ভাৰতীয় নেতাৰ আচৰণে মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে নেতাৰ অভাৱ দেশত বাৰুকৈয়ে প্ৰকট কৰি তুলিছে।

Image Description