সম্পাদকীয় - আগলৈ চোৱাৰ সময়

১০ মাৰ্চত নাওখন ডুবাৰ পূৰ্ণ সম্ভাৱনা | সেইবাবে তাৰ আগতেই মাজুলীৰ উপনিৰ্বাচন আৰু নগৰ সমিতিসমূহৰ নিৰ্বাচন পতাৰ ব্যৱস্থা হৈছে | উদ্দেশ্য জনসাধাৰণক কিছুমান গোকাট মিছা কথা কৈ আৰু অৰ্থহীন কিছুমান প্ৰলোভনেৰে অস্থায়ীভাৱে হ'লেও নিজৰ পক্ষত ৰখা | বিচাৰ্য্য বিষয়টো হ'ল শাসকীয় দলৰ এইবোৰ কাৰচাজিৰ পৰা জনসাধাৰণ কেতিয়া মুক্ত হ'ব |

জনসাধাৰণক সদায় জানো প্ৰবঞ্চনা কৰি থাকিব পাৰিব? টকা-পইছাৰ জোৰ ভাৰতীয় জনতা পাৰ্টীৰ সমান কাৰো নাই | মানুহে বিহু পতাৰ বাবে অথবা অন্য ৰাজহুৱা উদ্দেশ্যত এশ-দুশ টকা চান্দা তুলিব নোৱাৰিব, কিন্তু শাসকীয় দলে কোটি কোটি টকা বৰঙণি লৈ থাকিব পাৰিব | কেনেকুৱা কথা এইবোৰ! জনসাধাৰণে অলপ চকু-কাণ ঠিয় ৰাখক, অসমত মাজুলীৰ উপনিৰ্বাচন আৰু পৌৰ-সমিতিৰ নিৰ্বাচনৰ বাবে শাসকীয় দলে কিমান টকা চান্দা তোলে আৰু কিমান টকা ইহাত-সিহাত হয়, তাৰ খবৰ ৰাখক | শাসকীয় দলৰ প্ৰতিজন প্ৰাৰ্থীৰ আৰ্থিক বলৰ খবৰ ৰাখক, মাজুলীৰ প্ৰাৰ্থীজন কোটি কোটি টকাৰ মালিক কেনেকৈ হ'ল, গুৱাহাটী আৰু ওচৰে-পাঁজৰে কিমান ভূসম্পত্তি গোটালে , সেইবোৰৰ খবৰ অলপ হ'লেও ৰাখক |

মানুহে প্ৰশ্ন কৰিব নোৱাৰিব, প্ৰতিবাদ কৰিব নোৱাৰিব | নহ'লে কিবা এটা উজুহাত উলিয়াই গুলিয়াই দিব | চৰকাৰৰ বাবে আইন-কানুন নাই, সকলোৰে উৰ্দ্ধত বৰ্তমানৰ চৰকাৰখন | তথাকথিত এনকাউণ্টাৰ ঘটাই কিমানজনৰ প্ৰাণ ল'লে চৰকাৰখনে, কিমান জনক ঘুণীয়া কৰিলে জীৱনলৈ | হয়তো ইয়াৰে কিছুমান মানুহ প্ৰকৃততেই অপৰাধী, কিন্তু সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ চৰকাৰখনৰ নাই, যদি আছে তেনেহ'লে আইন-আদালত উঠাই দিয়ক | চৰকাৰৰ দায়িত্ব হ'ল তেওঁলোকক বিচাৰৰ সমুখীন কৰোৱা হে |

বিৰোধীক নিয়ন্ত্রিত কৰি ৰখাৰ বাবে আৰু তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ ৰখাৰ বাবে ভাজপা দলৰ চৰকাৰে ইজৰাইলৰ পৰা পেগাছাছ আনিলে | দেশৰ সা-সম্পত্তি বিক্ৰী কৰাই নহয়, চৰকাৰখনৰ লগত বিভিন্ন প্ৰকাৰে জড়িত বহু মানুহক বেংকৰ পৰা হাজাৰ হাজাৰ কোটি টকা সৰকাই বিদেশলৈ গুচি যোৱাৰ সুবিধা কৰি দিলে, এনেকুৱা এজনকো দেশলৈ ঘূৰাই আনিব নোৱাৰিলে, কিন্তু অভিনয় বহুত কৰিলে | এতিয়া আকো বাইছ হাজাৰ কোটি টকাৰ কেলেংকাৰী | আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল, এইবোৰ কেলেংকাৰীৰ প্ৰায়বোৰৰে আৰম্ভণি হৈছে গুজৰাটত | আৰু এটা প্ৰয়োজনীয় কথা হ'ল যে এই বৃহৎ কেলেংকাৰীৰ বিষয়ে দুবছৰৰ আগতেই চিবিআইক জনোৱা স্বত্বেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল | কাৰণ চিবিআইয়ে ৰাজনৈতিক 'বছ'সকলক সন্তুষ্ট কৰিব লাগিব যে |

যোৱা দুবছৰৰ দুৰ্য্যোগপূৰ্ণ সময়খিনিত সকলোৰে আৰ্থিক অৱনতি ঘটিল যদিও আদানি-আম্বানিৰ সাম্ৰাজ্যৰ ব্যাপক সম্প্ৰসাৰণ ঘটিল, পৃথিৱীৰ ধনী মানুহৰ তালিকাত তেওঁলোকৰ সাংঘাটিক উত্তৰণ ঘটিল |

চাকৰি দিব নোৱাৰিলে এইখন চৰকাৰে, প্ৰতিশ্ৰুতিৰ কেৱল বন্যা বোৱালে | দ্ৰুতগতিত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা | অসমে ৰেকৰ্ড গঢ়িছে এইবোৰ বিষয়ত | দেশৰ পাঁচখন উন্নত ৰাজ্যৰ মাজত অসমক প্ৰতিষ্ঠা কৰিব বিচৰা চৰকাৰখনে তলৰ ফালৰ পৰা পাঁচখন ৰাজ্যৰ মাজতো অসমক ৰাখিব পৰা নাই | তললৈ আৰু তললৈ অসম নামি গৈছে যোৱা কেইটা বছৰত | ইমানেই নহয়, আমাৰ ভাষা-সাহিত্য সংস্কৃতিক উত্তৰ ভাৰতীয়ৰ বহতীয়া কৰিব খোজা হৈছে | অসম চুক্তি, সাংবিধানিক সুৰক্ষা, 'কা'ৰ কথাবিলাকৰ ক্ষেত্রত অনৰ্থক কিছুমান খেলিমেলিৰ সৃষ্টি কৰি নস্যাৎ কৰিব বিচাৰিছে |

ইয়াৰ মাজতো এটা কথা কবই লাগিব যে মানুহক সদায় বুৰ্বক সজাই থাকিব নোৱাৰি | এদিন মানুহে সূদেমূলে সকলোবোৰ তেওঁলোকক ঘূৰাই দিবই | প্ৰলোভনেৰে সদায় মানুহক আচ্ছন্ন কৰি ৰাখিব নোৱাৰি, ভয়ভাবুকিৰেও মানুহক কাবু কৰিব নোৱাৰি, কাৰচাজিবোৰেও এদিন কাম নকৰা হৈ যায় | সেই দিন খৰতকীয়া কৈ আহি আছে | অতি সোনকালে আমি দেখিম সম্পূৰ্ণ মিছাৰ ওপৰত চলি থকা আৰু দেশখন বেচি খাই শেষ কৰিব খোঁজা দলটোৰ ওভতনি যাত্রা |

আমি এতিয়া আগলৈ চোৱাৰ সময় |

Image Description