সম্পাদকীয়
চিকিৎসাসেৱাৰ ন্যায়পালৰ প্ৰয়োজনীয়তা

উত্তৰ প্ৰদেশৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেজৰ পেকেটত তেজৰ সলনি ফলৰ ৰস সুমুৱাই ৰোগীৰ শৰীৰত প্ৰয়োগ কৰিছে৷ পৰিণতি অৱশ্যমভাৱী আছিল৷ ৰোগীজনক মুমূৰ্ষ অৱস্থাত আন এখন চিকিৎসালয়লৈ নিয়া হয়৷ তাতে কথাটো ধৰা পৰে৷ ৰোগীজনৰ নশ্বৰ দেহা পৰি ৰয়৷

চিকিৎসকৰ অজ্ঞাতে এনে ঘটনা হ’ব নোৱাৰে৷ টকাৰ লোভত এচাম চিকিৎসকে চিকিৎসাসেৱাৰ শপত কেনেকৈ পাহৰিছে সেইয়া জলজল পটপট হৈ ওলাল৷

চিকিৎসাসেৱাৰ নৈতিক অধঃপতন সম্পৰ্কে কাৰো কোনো দ্বিধা নাই৷ মুষ্টিমেয় এচাম চিকিৎসকৰ নিকৃষ্ট মানসিকতাৰ বাবে গোটেই চিকিৎসাসেৱাক আমি দোষ দিব বিচৰা নাই৷ কিন্তু এইটোও ঠিক যে সামগ্ৰিকভাৱে ব্যক্তিগত খণ্ডৰ চিকিৎসাসেৱা অতি খৰচী হৈ পৰিছে৷ একে সময়তে চিকিৎসাসেৱাৰ গুণগত মানসম্পৰ্কে চিকিৎসালয়বোৰ কাৰো ওচৰত জবাবদিহি নহয়৷

এনেবোৰ কাৰণতে চিকিৎসাসেৱাৰ ন্যায়পালৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ ৰোগীয়ে আপত্তি জনোৱাৰ ব্যৱস্থা চৰকাৰে আনুষ্ঠানিকভাৱে কৰাৰ দিন আহি পৰিছে৷ আমাৰ কোনো সন্দেহ নাই যে আমাৰ ৰাজ্যখনত গুণী-জ্ঞানী আৰু নৈতিকভাৱে দায়বদ্ধ চিকিৎসক বহু আছে৷ সকলোৱে তেনে চিকিৎসকৰ সেৱা পোৱাটো সম্ভৱপৰ নহয়৷ কিন্তু সাধাৰণ মানুহৰ ধাৰণা যে প্ৰতিজন চিকিৎসকে সেৱাৰ বাবে দায়বদ্ধ আৰু সেইবাবে শপত লৈহে চিকিৎসাসেৱাত আত্মনিয়োগ কৰে৷

দিনে-ৰাতিয়ে ৰোগীক পৰীক্ষা কৰাৰ নামত ধন চপোৱাৰ উদাহৰণ চাৰিওফালে আছে৷ এনেবোৰ কাৰণতে দেশৰ চিকিৎসকৰ সংস্থাবোৰেও উদ্বেগ প্ৰকাশ কৰিছে৷ ঔষধৰ ক’ম্পেনীবোৰৰ লগত হলিগলি নকৰিবলৈ চিকিৎসকক সোঁৱৰাই দিছে৷ ক’ম্পেনীবোৰৰ পৰা কোনো ধৰণৰ উপহাৰ নল’বলৈকো পৰামৰ্শ দিছে৷ সকলো দিশৰ পৰা চিকিৎসাসেৱাৰ ন্যায়পালৰ নিযুক্তি অতি উপযুক্ত পদক্ষেপ হ’ব৷।

চিকিৎসাসেৱা আন কোনো চাকৰিৰ লগত তুলনা কৰিব নোৱাৰি৷ মৃত্যুৰ ক্ষণ গণি থকা ৰোগীয়ে চিকিৎসকক অতি উচ্চ আসন দিয়ে৷ কিন্তু তেনে চিকিৎসককে সময়ত ৰোগীয়ে বিচাৰি নাপায় আৰু বহুতে তেনেকৈয়ে প্ৰাণ এৰে৷ বুকুত হাত দি কথাবোৰ ভাবি চালে সাধাৰণ মানুহৰ বিড়ম্বনা সকলোৱে অনুধাৱন কৰিব পাৰিব৷

সেইবাবেই ৰাজ্যখনত চিকিৎসাসেৱাৰ ন্যায়পালক নিযুক্তি আমি পোষকতা কৰোঁ৷ ই কাকো অৱজ্ঞা কৰাটো নুবুজায়৷ বৰঞ্চ একোটা জীৱনক উচিত মূল্য দিয়াৰ দায়বদ্ধতাহে ব্যক্ত কৰে৷৷

বসন্ত ডেকা

Image Description