সম্পাদকীয় - অজীণপাতকী [২]

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমীয়া, বড়ো, ৰাভা আৰু চাণ্টালি ভাষাৰ লোকৰ সংখ্যা অসমত হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে বাংলা আৰু হিন্দীভাষীৰ সংখ্যা বৃদ্ধি পাইছে। ২০০১ চনৰ লোকপিয়লত অসমৰ মুঠ জনসংখ্যাৰ ৪৮.৮০% আছিল অসমীয়াভাষী লোক। ২০১১ চনৰ লোকপিয়লত অসমীয়াভাষীৰ সংখ্যা ৪৮.৩৮%লৈ হ্ৰাস পায়। একেদৰে ২০০১ চনৰ ৪.৮৬% বড়ো লোকৰ সংখ্যা ২০১১ চনত ৪.৫৩%লৈ হ্ৰাস পায়। ৰাভা আৰু চাণ্টালি লোকৰ সংখ্যাও ২০১১ত হ্ৰাস পোৱা দেখা গৈছে। আনহাতে হিন্দী আৰু বাংলাভাষীৰ সংখ্যা বৃদ্ধি পাইছে। ২০০১ৰ ২৭.৫৪% বাংলাভাষীৰ সংখ্যা ২০১১ত ২৮.৯১%লৈ বৃদ্ধি পায়। মনকৰিবলগীয়া কথা ১৯৯১ত অসমীয়াভাষী আছিল ৫৭.৮১% আৰু বাংলাভাষী আছিল ২১.৬৭%।

বৰ্ষ অসমীয়া বঙালী
১৯৯১ ৫৭.৮১% ২১.৬৭%
২০০১ ৪৮.৮০% ২৭.৫৪%
২০১১ ৪৮.৩৮% ২৮.৯১%

ওপৰৰ তথ্যৰ পৰা এইটো কথা স্পষ্ট হৈছে ১৯৯১ৰ পৰা ২০১১লৈ এই কুৰি বছৰত অসমীয়াৰ সংখ্যা ১০% হ্ৰাস পাইছে। উক্ত সময়ছোৱাত উদ্বেগজনকভাৱে বাঙালীৰ সংখ্যা প্ৰায় ৮% বৃদ্ধি পাইছে।

ভাৰতবৰ্ষত প্ৰতি দহ বছৰৰ মূৰত লোকপিয়ল কৰা হয়। সেই অনুসৰি চলিত বৰ্ষ ২০২১ত লোকপিয়ল কৰা হ'ব। দহ বছৰ পূৰ্বে ২০১১ত লোকপিয়ল কৰা হৈছিল। বিগত কুৰি বছৰৰ ধাৰা অব্যাহত থাকিলে দহ বছৰ পিছৰ ২০৩১ৰ লোকপিয়লত অসমীয়া আৰু বঙালী লোকৰ সংখ্যা সমান সমান হোৱাৰ আশংকা কৰা হৈছে। তেনে পৰিস্থিতিত ত্ৰিপুৰা ৰাজ্যত বৰ্তমান তাৰ খিলঞ্জীয়া লোকসকলৰ যি অৱস্থা হৈছে অসমতো অসমীয়াৰ তেনে অৱস্থা হোৱাটো খাটাং।

লোকপিয়লৰ এই তথ্যসমূহ বিভিন্ন দিশৰ পৰা বিশ্লেষণ কৰি বিশ্লেষকসকল এটা কথাত নিশ্চিত হৈছে– পূৰ্বতে নিজকে অসমীয়া বুলি পৰিচয় দিয়া বহুলোকে পৰৱৰ্তী সময়ত নিজকে বাঙালী বুলি পৰিচয় দিয়াটোৱেই বাঙালীৰ সংখ্যাবৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ। অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমীয়াৰ অস্তিত্বৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ এই চৰম সংকটকালত একাংশই ধৰ্মৰ ভিত্তিত বাংলাদেশীক বিভাজন কৰি অনুপ্ৰৱেশৰ সমস্যাটো যেনেকৈ লঘু কৰি দিছে, তেনেকৈ তলে তলে বৃহত্তৰ বংগৰ সপোন দেখি অহা সকলক একত্ৰিত হোৱাৰ সুবিধাহে কৰি দিছে।

আজি আমাৰ সমাজ ধৰ্মৰ নামত বিভাজিত। যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ভাষাৰ নামত অবৈধ বাংলাদেশীসকল ভিতৰি ভিতৰি এক হৈছে। অতি গোপনে লোকপিয়লৰ জৰিয়তে নিজৰ শক্তি বৃদ্ধি কৰাত তৎপৰ হৈছে। আমি ব্যস্ত আছোঁ হিন্দু বিদেশীক সংস্থাপন দি মুছলমান বিদেশীৰ সংখ্য হ্ৰাস কৰাৰ ফৰ্মূলাত। আমি পাহৰি গৈছোঁ যে ধৰ্ম যিয়েই নহওক, এইলোকসকল একেটা ভাষা-ভাষী জাতি।

অসমক অতীজৰে পৰা বৃহত্তৰ বংগৰ অন্তৰ্ভুক্ত কৰিবলৈ কিদৰে এচাম অজীণপাতকী সদায় সক্ৰিয় হৈ থাকে সেইয়া আমি সকলোৱে দেখি আহিছোঁ। লোকপিয়লৰ তথ্যৰ বিশ্লেষণত এনে কৰ্মকাণ্ডৰ শেহতীয়া বহুকথা নতুনকৈ পোহৰলৈ আহিছে। ২০১১ চনৰ লোকপিয়লৰ আগে আগে 'জনজাগৰণ সমিতি,অসম'ৰ নামত এক প্ৰচাৰপত্ৰ সংখ্যালঘূ অধ্যুষিত অঞ্চলত ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছিল। সংগঠনটোৰ সভাপতি এম,এম ফজলুল হকৰ নামত লিখা এই প্ৰচাৰপত্ৰত বাঙালীসকলৰ ঐতিহ্যৰ কথা স্মৰণ কৰি কোৱা হয় যে 'বাঙালীসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ।' সেয়েহে ধৰ্মনিৰ্বিশেষে সকলো বাঙালী লোকে লোকপিয়লত নিজৰ মাতৃভাষা বাংলা বুলি ক'ব লাগে।

Image Description

অতি সম্প্ৰতি প্ৰধান মন্ত্ৰী মোদী মন্ত্ৰীসভাৰ ৰদ'বদলত উত্তৰ বংগৰ কোচবিহাৰৰ সাংসদ নিশিথ প্ৰামানিকক কেন্দ্রীয় গৃহ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। লগে লগে তেওঁৰ জন্মস্থান বাংলাদেশত ব্যাপক আনন্দৰ জোঁৱাৰ উঠে। শ্ৰী প্ৰামানিকৰ বিৰুদ্ধে এগৰাকী বাংলাদেশী নাগৰিক হোৱাৰ যথেষ্ট তথ্য- প্ৰমাণ থকাত তেওঁৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিত প্ৰশ্ন উত্থাপন কৰি ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই প্ৰধান মন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰে। ৰিপুণ বৰাৰ পত্ৰই সমগ্র দেশজুৰি তীব্র জোকাৰণিৰ সৃষ্টি কৰে। বংগ বিজেপিয়ে সকলো হিন্দুৱেই ভাৰতীয় বুলি প্ৰামানিকৰ সমৰ্থনত আগুৱাই আহে।

আচৰিতভাৱে অসম নাগৰিক মঞ্চ নামৰ এক সংগঠনৰ সাধাৰণ সম্পাদক বিজয় চক্ৰৱৰ্তীয়ে ৰিপুণ বৰাৰ এই কাৰ্য্যক বাঙালী বিদ্বেষী আখ্যা দিয়ে। তেওঁ শীঘ্ৰে বাঙালীসকলক কংগ্ৰেছ দল ত্যাগ কৰিবলৈ আহ্বান জনায়। অসমৰ এজন বাঙালী নেতাৰ এই কাৰ্য্যই কি ইংগিত বহন কৰিছে? এই কথাবোৰ নিশ্চয় অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰাৰ সময় আহি পৰিছে। সমাগত লোকপিয়লত অজীণপাতকীসকলৰ চক্ৰ ব্যৰ্থ কৰিবই লাগিব। অন্যথা অচিৰেই অসমীয়াৰ অৱস্থাও ত্ৰিপুৰীসকলৰ দৰেই হ'ব।

Image Description