সম্পাদকীয়
অসমপ্ৰেমী নেতৃত্বৰ অপেক্ষাত

অসম আন্দোলনৰ সময়ত তেতিয়াৰ মুখ্য মন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহই এটা প্ৰশ্ন তুলিছিল৷ ৰাজহুৱাভাৱে সুধিছিল: ‘বিদেশী কোন?’ প্ৰশ্নটোৱে জনসাধাৰণক আচৰিত কৰি তুলিছিল৷ স্বাধীনতাৰ পিছৰে পৰা বিদেশীৰ সোঁত বৈ আছিল৷ ৰাজ্যখনৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এই কথা জানিছিল৷ তথাপিও প্ৰশ্নটো তুলিছিল৷ এটা প্ৰশ্নৰ জৰিয়তে সকলোৱে জানিছিল যে মুখ্য মন্ত্ৰীগৰাকী খিলঞ্জীয়াৰ পক্ষত নাছিল৷

প্ৰয়াত সিংহৰ পিছত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই অসমত ৩০ লাখ বিদেশী আছে বুলি কৈছিল৷ লগে লগে অবৈধ প্ৰব্ৰজনৰ পক্ষত থকা ৰাজনৈতিক ল’বীটোৱে প্ৰয়াত শইকীয়াক অপসৰণৰ ভাবুকি দিলে৷ মুখ্য মন্ত্ৰীয়েও ক্ষমতা হেৰুওৱাৰ ভয়ত দিন-ৰাতিৰ ভিতৰতে ক’লে যে ‘অসমত এজনো বিদশী নাই!' আকৌ এষাৰ বাক্যতে ওলাই পৰিছিল যে প্ৰয়াত শইকীয়াও অসমৰ খিলঞ্জীয়াৰ পক্ষত নাছিল৷

অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত শ্ৰীপ্ৰফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্য মন্ত্ৰী হ’ল৷ শ্ৰীমহন্তই অসম চুক্তিৰ পিনে পিঠি দিবলৈ আৰম্ভ কৰিলে৷ আইএমডিটি প্ৰত্যাহাৰ কৰিব লাগে বুলি দাবী নুতুলিলে৷ সীমান্ত সুৰক্ষিত কৰিবলৈ হেঁচা প্ৰয়োগ নকৰিলে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰ প্ৰস্তুত কৰিবলৈ কোনো চিন্তা-চৰ্চাই নকৰিলে৷ চুক্তি অনুসৰি বাংলাদেশীক চিনাক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কোনো ধৰণৰ হেঁচাই প্ৰয়োগ নকৰিলে৷ চুক্তি অনুসৰিয়েই পাব লগা সাংবিধানিক ৰক্ষাকৱচ ধোঁৱা চাঙতে থাকিল৷ আনকি চুক্তি ৰূপায়ণৰ বিভাগটো নামতহে থাকিল৷ শ্ৰীমহন্তও অসমৰ খিলঞ্জীয়াৰ পক্ষত থিয় দিব নোৱাৰিলে৷

শ্ৰীমহন্তৰ পিছত প্ৰয়াত তৰুণ গগৈ অসমৰ মুখ্য মন্ত্ৰী হ’ল। কথাবোৰ একেই থাকিল৷ অসম চুক্তিখন ওলমি থাকিল৷ চুক্তি ৰূপায়াণৰ বিভাগটো ফুলদানি হৈ থাকিল৷ প্ৰয়াত গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নতুনকৈ প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সন্মত কৰালে৷ ই নিশ্চয় আশাজনক পদক্ষেপ আছিল৷ কিন্তু ১৫ বছৰ মুখ্য মন্ত্ৰী হিচাবে থাকিও কামত আগবাঢ়িব নোৱাৰিলে৷ বাকীবোৰ কথা একেই থাকিল৷ প্ৰয়াত গগৈৰ কাৰ্য্যকালতো অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কোনো ব্যৱস্থা লোৱা নহ’ল৷

প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহাৰ-ভৈয়াম, ব্ৰহ্মপুত্ৰ-বৰাকৰ সমন্বয়ৰ কথা কৈয়ে কটালে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণত সোণোৱালে বাৰেপ্ৰতি প্ৰশাসনীয় বাধাৰ সৃষ্টি কৰিলে৷ আনকি উচ্চতম ন্যায়ালয়েও শ্ৰীসোণোৱালক সমালোচনা কৰিবলৈ বাধ্য হৈছিল৷ এখন সম্পূৰ্ণ, শুদ্ধ আৰু নিগাজী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত নিশ্চিতভাৱে সুৰক্ষিত কৰিলেহেঁতেন৷ শ্ৰীসোণোৱালৰ ছুটী বুদ্ধিৰ বাবে এনে সুদুৰপ্ৰসাৰী নথি এখন খিলঞ্জীয়া মানুহৰ হাতত তুলি দিব নোৱাৰিলে৷

বৰ্তমানৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নামতো বিশেষ সফলতাৰ কোনো তালিকা নাই৷ দায়িত্ব লোৱাৰে পৰা এখন সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ ন্যায়িক আৰু প্ৰশাসনিক ব্যৱস্থা নল’লে৷ ‘প্ৰত্যাখ্যান জাননী’বোৰ দিবলৈ মন নেমেলিলে৷ আনকি সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিবেদনখনো দিল্লীলৈ পঠিয়াবলৈ আজিলৈ সাহস কৰা নাই৷ শ্ৰীসোণোৱাল আৰু ড॰ শৰ্মাৰ মাজত দৃষ্টিভঙ্গীৰ বিশেষ পাৰ্থক্য নাই৷ দুয়োজনে নাগপুৰ আৰু দিল্লীৰ শ্ৰুতলিপিত চলিছিল আৰু চলে৷ ড॰ শৰ্মাও আজিলৈকে অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষত থকাৰ কোনো চিনমোকাম দেখুৱাব পৰা নাই৷

শেষত এটা কথাই মনলৈ আহে৷

অসমক প্ৰকৃততে ভালপোৱা, অসমৰ স্বাৰ্থৰ বাবে নিজৰ স্বাৰ্থকো জলাঞ্জলি দিব পৰা, খিলঞ্জীয়াৰ পৰিচয় সদায় উৰ্ধত ৰাখিবলৈ সাহস থকা অসমপ্ৰেমী নেতৃত্বৰ সন্ধানত অসম ৰৈ থাকিব লগা হৈছে৷৷

বসন্ত ডেকা

Image Description