সম্পাদকীয়
অসমৰ নাম দেখিছেনে?

২০ ডিছেম্বৰত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা দেশৰ ৰাজ্যসমূহৰ আৰু জিলাসমূহৰ ‘সামাজিক প্ৰগতিৰ সূচনাংক’ৰ প্ৰতিবেদনে দেশৰ ৰাজ্যসমূহৰ উন্নয়নৰ স্বৰূপ মুকলি কৈ দাঙি ধৰিছে৷

বিশেষকৈ অসমক দেশৰ পাঁচখন আটাইতকৈ উন্নত ৰাজ্যৰ এখন কৰিব বুলি অসম চৰকাৰৰ মদগৰ্বী ঘোষণাৰ ফোঁপোলা স্বৰূপ বৰ লাজ লগাকৈ দাঙি ধৰিছে৷

এই প্ৰতিবেদনে স্বয়ং প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে দাঙি ধৰিছে আৰু প্ৰতিবেদন প্ৰস্তুত কৰা কামত দেশৰ আৰু বিদেশৰ বহুতো খ্যাতনামা অৰ্থনীতিবিদ আৰু সমাজতত্ববিদ জড়িত৷

এই প্ৰতিবেদনখনে মুঠ ১২টা বিষয়ত তিনিটা শিতানত সামাজিক প্ৰগতিৰ তথ্যপাতি সন্নিবিষ্ট কৰিছে৷ শিতান তিনিটা আছিল: [ক] মানুহৰ সাধাৰণ আৱশ্যকতাসমূহ, [খ] উন্নয়নৰ প্ৰধান উপাদনসমূহ আৰু [গ] সামাজিক প্ৰগতিৰ বাবে লগা সা-সুবিধাসমূহ৷

প্ৰথমটো শিতানত ধৰা হৈছে পুষ্টিহীনতা দূৰ কৰাৰ বাবে সাধাৰণ স্বাস্থ্যসেৱা, পানী যোগান আৰু অনাময় ব্যৱস্থা, ব্যক্তিগত নিৰাপত্তা আৰু স্ব-গৃহৰ সুবিধা আদি বিষয়সমূহত ৰাজ্য আৰু জিলাসমূহে গ্ৰহণ কৰা ব্যৱস্থা৷

দ্বিতীয়টো শিতানত ধৰা হৈছিল বিভিন্ন বিষয়ত সাধাৰণ জ্ঞান আহৰণৰ বাবে প্ৰয়োজনীয় সা-সুবিধা, তথ্য আৰু যোগাযোগৰ সুবিধা, স্বাস্থ্য আৰু ভালদৰে জীৱন নিৰ্বাহ কৰাৰ বাবে থাকিবলগা ব্যৱস্থাসমূহ আৰু পৰিবেশসম্পৰ্কীয় কথাবোৰ৷

তৃতীয়টো শিতানত ধৰা হৈছিল ব্যক্তিৰ অধিকাৰ, স্বাধীনতা আৰু স্বনিৰ্বাচনৰ সুবিধাসমূহ, সকলোকে সামৰি লোৱা ব্যৱস্থাসমূহ আৰু উচ্চ পৰ্য্যায়ৰ শিক্ষাৰ বাবে থকা সুবিধাসমূহ৷

দুৰ্ভাগ্যক্ৰমে এই সকলোবোৰ বিষয়ত অসমৰ অৱস্থা অতিশয় দুৰ্ভাগ্যজনক৷ ৰাজ্যসমূহ আৰু জিলাসমূহৰ কাম-কাজৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ ৰাজ্যসমূহক সামাজিক প্ৰগতিৰ জখলাত ছয়টা ভাগত বিভক্ত কাৰ হৈছিল এনেদৰে: প্ৰথম ভাগত অতি উচ্চ সামাজিক প্ৰগতি আহৰণ কৰা ৰাজ্যসমূহ: পুডুচেৰী, লাক্ষাদ্বীপ, গোৱা, চিক্কিম, মিজোৰাম, তামিলনাডু, হিমাচল প্ৰদেশ, চণ্ডীগড় আৰু কেৰেলা– ক্ৰমান্বয়ে ১ৰ পৰা ৯ নম্বৰ, স্ক'ৰ ৬৫.৯৯ৰ পৰা ৬২.০৫ [১০০ ৰ ভিতৰত]৷

দ্বিতীয় ভাগত উচ্চ সামাজিক প্ৰগতি আহৰণ কৰিবলৈ সমৰ্থ হোৱা ৰাজ্যসমূহ: জন্ম আৰু কাশ্মীৰ, পাঞ্জাৱ, দাদৰা- নগৰ হাভেলি আৰু দমন ডিউ, লাডাখ, নাগালেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ক্ৰমান্বয়ে ১০ পৰা ১৫ নম্বৰ, স্ক'ৰ ৬০.৭৬ৰ পৰা ৫৮.৭৬৷

অসমৰ নাম এতিয়াও অহা নাই, কিন্তু জন্মু-কাশ্মীৰ অথবা লাডাখৰ দৰে ৰাজ্য উচ্চ সামাজিক প্ৰগতিৰ তালিকাত সোমাবলৈ সমৰ্থ হৈছে৷

তৃতীয় ভাগৰ ৰখা হৈছে উচ্চ মধ্যমীয়া সামাজিক প্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা ৰাজ্যসমূহ: ১৬৷ উত্তৰাখণ্ড, ১৭৷ কৰ্ণাটক, ১৮৷ অৰুণাচল প্ৰদেশ, ১৯৷ দিল্লী আৰু ২০৷ মণিপুৰ, স্ক'ৰ ৫৮.২৬ৰ পৰা ৫৬.২৭৷ অসম তালিকাত এতিয়াও নাহিল৷

চতুৰ্থ ভাগত নিম্ন মধ্যমীয়া সামাজিক প্ৰগতি আহৰণ কৰা ৰাজ্যসমূহ: ২১৷ হাৰিয়ানা, ২২৷ গুজৰাট, ২৩৷ অন্ধ্ৰ প্ৰদেশ, ২৪৷ মেঘালয়, ২৫৷ পশ্চিম বংগ, ২৬৷ টেলেংগানা, ২৭৷ ত্ৰিপুৰা, ২৮৷ চট্টিশগড়, ২৯৷ মহাৰাষ্ট্ৰ, ৩০৷ ৰাজস্থান, স্ক'ৰ ক্ৰমে ৫৪. ১৫ৰ পৰা ৫০.৬৯ লৈ৷

মোডী-শ্বাহৰ গুজৰাটো নিম্ন মধ্যমীয়া সামাজিক প্ৰগতি অৰ্জন কৰি তালিকাত সোমাল৷ কিন্তু অসম এতিয়াও নাই৷

পঞ্চম ভাগত ৰখা হৈছে নিম্ন সামাজিক প্ৰগতি আহৰণ কৰা ৰাজ্যসমূহ: ৩১৷ উত্তৰ প্ৰদেশ, ৩২৷ উৰিষ্যা, ৩৩৷ মধ্য প্ৰদেশ, স্ক'ৰ ৪৯.১৬ৰ পৰা ৪৮.১১ লৈ।

আৰু একেবাৰে শেহত অতি নিম্ন সামাজিক প্ৰগতি ৰাজ্যসমূহ: ৩৪৷ অসম, ৩৫৷ বিহাৰ আৰু ৩৬৷ ঝাৰখণ্ড, স্ক'ৰ ৪৪.৯২ [অসম], ৪৪.৪৭ [বিহাৰ] আৰু ৪৩.৯৫ [ঝাৰখণ্ড]]৷

এয়াই আমাৰ অসমৰ অৱস্থান৷ সামাজিক প্ৰগতিৰ জখলাডালত তলৰ ফালৰ পৰা তৃতীয় স্থান৷

অসমৰ ভাজপা চৰকাৰে কৰ্মদক্ষতাৰ তলৰ ফালৰ পৰা তৃতীয় স্থানত ৷ অসমৰ ভাজপা চৰকাৰৰ কৰ্মদক্ষতাৰ ওপৰত ইয়াতকৈ আৰু ডাঙৰ নামফলক এখনৰ আৱশ্যক আছেনে?

উল্লেখযোগ্য যে সামাজিক প্ৰগতিৰ এই প্ৰতিবেদন প্ৰস্তুত কৰোঁতে ২০১৫-১৬ৰ পৰাই চৰকাৰী তথ্যসমূহ বিবেচনা কৰা হৈছে৷ এই প্ৰতিবেদনত চহী কৰিছে প্ৰধান মন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সভাপতি শ্ৰীবিবেক আবেৰয়ে৷ প্ৰতিবেদন প্ৰস্তুত কৰা সকলৰ ভিতৰত আছে ‘ইন্‌ষ্টিটিউট ফৰ কম্‌পিটিটিভনেছ’ৰ অবৈতনিক অধ্যক্ষ ড॰ অমিত কাপুৰ [আমেৰিকাৰ ষ্টানফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক], আৰু বহু অৰ্থনীতিবিদ, সমাজতত্ববিদ৷

এই প্ৰতিবেদনৰ পিছত অসম চৰকাৰৰ উন্নয়নৰ বেলুনটো ফুটিল৷ মিছা আৰু চলাহী কথাৰে যে ৰাজ্য এখন আৰু তাৰ জনসাধাৰণৰ একো সামাজিক প্ৰগতি নহয়, সেয়া দেখদেখ কৈ স্পষ্ট হৈ পৰিল৷

শেষ কথা – উন্নতিৰ বিভিন্ন মাপকাঠিত অসমৰ অৱস্থা চাবলৈ হ’লে আপুনি তলৰ ফালৰ পৰা চাওক, অসমৰ নাম সোনকালে দেখিব৷।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description