সম্পাদকীয় - অৰাজকতাৰ প্ৰত্যাহ্বান

অৰাজকতাৰ প্ৰত্যাহ্বান

বৰ্তমান আমাৰ সমুখত থকা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি? অসমৰ নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ঘোষণা কৰিলে কৰোনা এতিয়া চৰকাৰৰ সমুখত থকা প্ৰধান প্ৰত্যাহ্বান৷ নিশ্চয় সমগ্ৰ মানৱ জাতিৰ বাবেই এই মুহূৰ্তত এই ভাইৰাছ হৈ পৰিছে আটাইতকৈ ভয়াৱহ প্ৰত্যাহ্বান৷ তথাপিও ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক যদি একেটা প্ৰশ্ন কৰি এক জৰীপ চলোৱা হয়, তেতিয়া কিমান সংখ্যকে এই কথা মানি ল’ব তাত কিন্তু যথেষ্ট সন্দেহৰ থল আছে৷ কাৰণ ২০১৯ বৰ্ষতে এই বিপদৰ আগজাননী পোৱাৰ লগে-লগে দেশখনত যিবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল সেইয়া একেবাৰে গ্ৰহণ কৰা নহ’ল৷ বৰঞ্চ এই ভাইৰাছ আহি দেশৰ পদূলিমুখত ভৰি দিয়াৰ সময়তো খোদ প্ৰধানমন্ত্ৰী গৰাকী ব্যস্ত থাকিল সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বাবে আয়োজন কৰা ‘নমস্তে ট্ৰাম্প’ কাৰ্যসূচী ৰূপায়ণত৷ ইতিমধ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভ্ৰমণ কাৰ্যসূচীৰ মাজতে এই ঘাতক ভাইৰাছ পদূলি পাৰ হৈ ঘৰ সোমাল৷ চৰকাৰী পক্ষৰ তথাপিও গা নলৰিল৷ সমগ্ৰ দেশতে ব্যাপক সমালোচনা আৰম্ভ হ’ল৷ মাৰ্কিন ৰাষ্ট্ৰপতিক বিদায় দিয়েই সকলো সমালোচনা বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ৰচনা কৰিলে এখন নতুন নাটক৷ নিজেই প্ৰতিবাৰৰ দৰে সূত্ৰধাৰৰ ভাও লৈ বচন মতা আৰম্ভ কৰি দিলে৷ লগে লগে তেওঁৰ অন্ধ ভক্তসকলে আন আন ভাৱৰীয়াৰ ভাওবোৰ ৰূপায়ণ কৰাত লাগি গ’ল৷ সূত্ৰধাৰে কৰোনা খেদিবৰ বাবে কাঁহী-বাটি-লোটা-ঘটি বজাবলৈ ক’লে৷ ভাৱৰীয়াসবে দেশ জুৰি তাকে কৰিলে৷ নাই আপদীয়া ভাইৰাছটোৰ নোম এডালো নলৰিল৷ বৰং নোদোকাটো হৈ বংশবৃদ্ধিহে কৰিলে৷ এই কথাই কথা নহয় বুলি সূত্ৰধাৰে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগৰ যো-জা কৰিলে অতি গোপনে৷ চমক সৃষ্টি কৰি দুদিন পিছতেই নিশা আঠ বজাত টিভিৰ পৰ্দাত সূত্ৰধাৰে ভুমুকি মাৰিলে৷ ৰাইজৰ চকু কপালত উঠিল৷ উঠাৰো কথা৷ ১৬ চনত নিশা আঠ বজাত টিভিত ওলাই ক’লা ধনৰ নামত বিমুদ্ৰাকৰণৰ ঘোষণা কৰি দেশবাসীক যিখন নগুৰ-নাগতি কৰিলে তাক কোনে পাহৰিব পাৰে৷ কিন্তু ক’লা ধন ওলোৱা দূৰৰে কথা হিচাপতকৈ টকা হেনো বেছিহে উভটি আহিল৷ ৰাস্তা-ঘাট, নলা-নৰ্দমাত যে টকা ওলোৱা বুলি প্ৰচাৰ কৰা হৈছিল সেইবোৰ তেনে কি আছিল? সুধিলেই দেশদ্ৰোহী হোৱাৰ ভয়ত সকলোৱে মনে মনে থাকিলে৷ কথাবোৰ কিন্তু কোনেও পাহৰা নাই৷

সেয়ে আকৌ এবাৰ টিভিৰ পৰ্দাত নিশা আঠ বজাত সূত্ৰধাৰক দেখি সকলোৱে প্ৰমাদ গণিলে৷ হয়ো হয়, দিলে নহয় নিশা বাৰ বজাৰ পৰা লক্‌ডাউন ঘোষণা কৰি৷ বোলে পাণ্ডৱে ওঠৰ দিনত মহাভাৰতৰ যুদ্ধ জয় কৰিছিল, আমি কৰোনাৰ বিৰুদ্ধে একৈছ দিনত যুদ্ধ জিনিম৷ মহাভাৰতৰ কথা আহিলেই যেতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি কেনেকৈ সাৰি যায়? বিক্ৰী যোৱা সংবাদ মাধ্যমবোৰ অস্ত্ৰোপচাৰত লাগিলেই নহয়৷ জামাতিসকলৰ নামত মুছলমান ৰাইজৰ পানীত হাঁহ-নচৰা অৱস্থা কৰি পেলালে৷ হঠাৎ হোৱা লক্‌ডাউনত জ্বলা-কলা খোৱা শ্ৰমিকসকলৰ দুখ-দুৰ্দশা দুই এক সংবাদ মাধ্যমৰ বাহিৰে কোনেও প্ৰচাৰ নকৰিলে৷ কেনে ধৰণৰ প্ৰত্যাহ৩ান সমুখত ৰাখি কি পৰিস্থিতিত কোলাত কেঁচুৱা লৈ হাজাৰ মাইল বাট খোজ কাঢ়ি অতিক্ৰম কৰিবলৈ লাখ লাখ শ্ৰমিক ৰাজপথলৈ ওলাই আহিব লগা হ’ল তাক বেছিভাগ সংবাদ মাধ্যমে প্ৰচাৰ নকৰিলে৷ এনে কৰুণ অৱস্থা উপলব্ধি কৰিব নোৱাৰা কেনে লোকৰ হাতত দেশৰ শাসন ক্ষমতা আছে বেছিভাগ লোকেই সেইয়া বাৰুকৈয়ে উপলব্ধি কৰিলে৷ এটা সময়ত যেতিয়া এই অসহ্যকৰ ঘটনাৰ প্ৰতিবাদ সৰ্বত্ৰ আৰম্ভ হ’ল তেতিয়া ৰেলেৰে শ্ৰমিকসকলক নিজ নিজ ঘৰলৈ পঠিয়াবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’লে৷ কিন্তু ৰেল ভাড়াৰ বিষয়টো সংশ্লিষ্ট ৰাজ্য চৰকাৰলৈ ঠেলি দিলে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সৃষ্টি হ’ল এক নতুন বিবাদ৷ এনেকৈয়ে কেইবাটাও দিন পাৰ হ’ল৷ মুঠৰ ওপৰত এক অৰাজক পৰিস্থিতি৷ কোনো ধৰণৰ পূৰ্ব প্ৰস্তুতি নোহোৱাকৈ হঠাৎ হোৱা লক্‌ডাউনৰ ফলত ব্যৱসায়-বাণিজ্য, কল-কাৰখানা বন্ধ হৈ মুহূৰ্ততে কৌটি-কৌটি মানুহে সংস্থাপন হেৰুৱালে৷ সুযোগ সন্ধানী ক’লা বেপাৰীয়ে ৰাতিটোৰ ভিতৰতে বয়-বস্তুৰ দাম কেইবাগুণো বৃদ্ধি কৰিলে৷ আনকি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বোৰ কচাইখানালৈ ৰূপান্তৰ হ’ল৷ তেনে পৰিস্থিতিতো বেছিভাগ সংবাদগোষ্ঠীৰ চৰকাৰক প্ৰশ্ন কৰাৰ সাহস নহ’ল৷ অতি হাস্যকৰভাৱে নিজৰ দেশ চম্ভালিব নোৱাৰা প্ৰধানমন্ত্ৰী গৰাকীৰ নেতৃত্বত হেনো ভাৰত কৰোনা নিয়ন্ত্ৰণত বিশ্বগুৰু হ’ব বুলি জোৰদাৰ প্ৰচাৰ চলোৱাহে দেখা গ’ল৷ ক’ত মৰে মৰক৷

এই অৰাজকতাৰ বৰ্তমান কৰোনাৰ দ্বিতীয় ঢৌ চলি থকা সময়তো অৱসান হোৱা নাই৷ এইবাৰ ভেক্‌চিনৰ দাম কেন্দ্ৰই দিব নে ৰাজ্য চৰকাৰে দিব তাক লৈ কিছুদিন অচলাৱস্থা চলিল৷ উচ্ছতম ন্যায়ালয়ৰ ধমকনিত কেন্দ্ৰই ইয়াৰ খৰচ বহন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে৷ তথাপিও এতিয়াও এক বৃহৎ সংখ্যক লোক ভেক্‌চিন লোৱাৰ ক্ষেত্ৰত উদাসীন৷ জনসাধাৰণক ভেক্‌চিন ল’বলৈ বাধ্য কৰাৰ বাবে চৰকাৰে নিতৌ নতুন কৌশল ৰচনা কৰিব লগা হৈছে৷ ইমান মানুহ এটা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে৷ ইয়াৰ পিছতো বহু মানুহৰ এতিয়াও গাত কথা লগা নাই কিয়? কিয় চৰকাৰ আৰু ইয়াৰ স্বাস্থ্য বিভাগক ৰাইজে বিশ্বাসত ল’ব পৰা নাই? কৰোনা সন্দৰ্ভত চৰকাৰৰ ব্যৱস্থাহীনতাই ঘাইকৈ ইয়াৰ বাবে জগৰীয়া নহয়নে? সুপৰিকল্পনাৰে এক বৈজ্ঞানিক পদ্ধতি অৱলম্বনত জনসাধাৰণৰ দৃষ্টি কেন্দ্ৰীভূত কৰাতকৈ এজন নেতাক ভগৱানৰ শাৰীলৈ নিয়াৰ সুচতুৰ কৌশলেই নিশ্চয়কৈ ইয়াৰ বাবে দায়ী৷ এখন চৰকাৰ অনবৰতে যেতিয়া এজন নেতা আৰু এটা দলৰ ৰাজনৈতিক লাভালাভৰ হিচাপ-নিকাচতে ব্যস্ত থাকে সেইখন দেশত অৰাজকতা হোৱাটো স্বাভাৱিক৷ পেট্ৰল-ডিজেলৰ দামে চেন্সুৰি মাৰিলে৷ বজাৰত বস্তুৰ জুই-ছাই দাম৷ বেছিভাগ মানুহৰে উপাৰ্জনৰ পথ বন্ধ৷ কৰোনাতকৈ নাখাই মৰাৰ ভয়ত অধিকাংশ লোক আজি ভীতিগ্ৰস্ত ৷ কৰোনাতকৈ কৰোনাকালে সৃষ্টি কৰা অৰাজকতাহে আজি সেয়ে বেছিভাগ মানুহৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ৷

Image Description