সম্পাদকীয়
ডাঙৰ হোৱাৰ যন্ত্ৰণা

ল'ৰা-ছোৱালী যেতিয়া ডাঙৰ হ'ব ধৰে তেতিয়া এক ৰকম যন্ত্ৰণা ভুগিব লগা হয়। জন্ম যন্ত্ৰণাৰ লগৰে এক আনুষঙ্গিক অৱস্থা।

ভৰি দুটা কোনো কাৰণ নোহোৱাকৈ বিষায়, কলাফুল টানি ধৰে। মা-দেউতা বিতত হয়। ডাক্তৰে কয় ডাঙৰ হোৱাৰ বেদনা- আপোনাআপুনি ভাল হ'ব।

কেতিয়াবা হয়তো মাল্টি ভিটামিন, কেলছিয়াম আদি খাবলৈ দিয়ে। সকলোৰে ক্ষেত্ৰত নহয়, কিন্তু কোনোবাই কোনোবাই অসহনীয় বিষ অনুভৱ কৰে। যেন আগুৱাই যোৱাটোৱেই অসম্ভৱ হৈ পৰিব। পাৰিম নে নাই- এনে এক নিৰাশাবাদী ধাৰণাই নিশকতীয়া কৰি পেলায়।

ভৰি দুটাৰ ওপৰতে আমি ঠিয় হৈ থাকোঁ, আমাৰ প্ৰধান ভৰসা। কিন্তু ভৰি দুটাৰ বিষত বাঢ়ি অহা ল'ৰা-ছোৱালী ছটফটায় থাকে। ১৮২৩ চনত ফৰাচী ডাক্তৰ ডুকেম্পে প্ৰথম এই বিষয়ে লিপিবদ্ধ কৰিছিল। তেওঁৰ মতে ই ডাঙৰ হোৱাৰ বেদনা - আৰু অলপমান ধৈৰ্য্য ধৰিলেই ই নোহোৱা হয়।

ডাক্তৰসকলে ভাবে যে এই বিষ নোহোৱা কৰা আটাইতকৈ সফল উপায় হ'ল অধিক সক্ৰিয় হোৱাটো। যদি 'ডাঙৰ হোৱাৰ বেদনা'ৰ ওচৰত আমি কাবু হৈ যাওঁ, অধিক বিষে আমাক বিচনাৰ আশ্ৰয় ল'বলৈ বাধ্য কৰিব আৰু আমি আগুৱাব নোৱাৰিম।

ডাঙৰ হোৱাৰ যন্ত্ৰণা অকল মানুহৰ ক্ষেত্ৰতে নহয়, সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক সকলোবোৰ ক্ষেত্ৰতে খাটে। ৰাজনৈতিক সক্ৰিয়তা বৃদ্ধিৰ লগে লগে নানা সমস্যাই সংগঠন এটাক জুমুৰি দি ধৰে আৰু এইবিলাক সমস্যাই যাতে কাবু কৰি পেলাব নোৱাৰে আমি অধিক সক্ৰিয় হৈ পৰিবলগীয়া ক্ষেত্ৰখিনি হ'ল:

(১) সদস্য ভৰ্তি, ইয়াৰ বাবে নিৰ্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িব লাগিব আৰু বিশেষকৈ কোনবোৰ মানুহক সদস্য ভৰ্তি কৰিলে ভিটামিন বা কেলছিয়ামৰ দৰে শক্তিবৰ্দ্ধক হ'ব সেই কথাটো সদায় দৃষ্টিত ৰাখিব লাগিব ।

(২) দলৰ সকলো স্তৰৰ মাজত যোগাযোগৰ দলংখন অধিক শক্তিশালী কৰিব লাগিব আৰু ইয়াৰ ভিত্তি হ'ব লাগিব পাৰস্পৰিক সদিচ্ছা, বিশ্বাস আৰু সহযোগিতা। আটাইৰে বাবে সমান গুৰুত্ত্ব এনে এক আধাৰ প্ৰতিষ্ঠা কৰিব লাগিব।

(৩) জনসাধাৰণৰ মাজত যোগাযোগৰ বাবে এক শক্তিশালী আৰু সফল মাধ্যম গঢ়ি তুলিব লাগিব, জনসাধাৰণে আন্তৰিকতাৰে বিশ্বাস কৰিব লাগিব যে সংগঠনটো সদায়েই জনসাধাৰণৰ মঙ্গলকামী আৰু ব্যক্তিগত স্বাৰ্থতকৈ উমৈহতীয়া স্বাৰ্থৰক্ষাৰ বাবেহে আগ্ৰহী।

(৪) সংগঠনটোৰ নীতি আৰু কাৰ্য্যপন্থা প্ৰস্তুত কৰোঁতে জনসাধাৰণে অনুভৱ কৰিব লাগিব যাতে 'এইবোৰেই আমাৰ সমস্যা', সেইবাবে আটাইবোৰ কাৰ্য্যসূচী প্ৰস্তুত কৰোঁতে জনমতক গুৰুত্ব দিব লাগিব, আৰু

(৫) সংগঠনৰ কাম-কাজ চলোৱাৰ বাবে পুঁজিৰ আহৰণ আৰু ব্যৱহাৰত কোনো গোপনীয়তা থাকিব নালাগিব।

আৰম্ভণিতে যদি এইখিনি কৰিব পৰা যায়, তেনেহ'লে ডাঙৰ হোৱাৰ যান্ত্ৰণাখিনি অতি সহজে অতিক্ৰম কৰিব পৰা যায়। ইয়াৰ মাজতো হয়তো অত্যুৎসাহীজনে জপিয়াই বাধা অতিক্ৰম কৰিবলৈ বিচাৰিলে আদবাটতে যন্ত্ৰণাত ছটফটায় ৰৈ যাব লগা হ'ব পাৰে।

প্ৰয়োজনীয় কথাকেইটা হ'ল- সংগঠনৰ ভিতৰত এক শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰ্য্যকৰীকৰণ, প্ৰতিজন সদস্য আৰু বিষয়ববীয়াৰ দায়বদ্ধতাৰে কাৰ্য্যকৰীকৰণ আৰু মুকলি আলোচনা, নতুন নতুন সদস্য ভর্তিৰে সংগঠনলৈ এক গতিশীলতা বোৱাই অনা।

ইমান এক সুস্থ সাংগঠনিক ব্যৱস্থা এদিনতে সম্ভৱ নহয় আৰু এনে এক ব্যৱস্থাত যদি ধৈৰ্য্যচ্যুতি ঘটে, তেতিয়া আমি উফৰি পৰিব লাগিব। তাৰ গত্যন্তৰ নাই।।

কৃষ্ণগোপাল ভট্টাচাৰ্য্য

২৮/৫/২০২২

Image Description