সম্পাদকীয়
তিনিখন ৰাজ্যৰ উপনিৰ্বাচন
এক নতুন উপলব্ধি

ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয় বিধান সভালৈ নিৰ্বাচন এই মাহতে সম্পূৰ্ণ হ’ব৷ আপেক্ষিকভাৱে তিনিখন সৰু ৰাজ্য, কিন্তু নিৰ্বাচনৰ ফলাফল কি হ’ব সেয়া অনুমান কৰা কিছু কঠিন হৈছে৷ সম্ভৱতঃ নগালেণ্ডৰ ৰাজনৈতিক পৰিৱেশ কিছু স্পষ্ট আন দুখন ৰাজ্যৰ তুলনাত আৰু সেইবাবে নাগালেণ্ডত শাসকীয় মিত্ৰগোষ্ঠী পুনৰ ক্ষমতাশীল হ’ব বুলি আটায়ে মন্তব্য কৰিছে৷

মেঘালয়ৰ ৰাজনৈতিক পৰিৱেশ ধূসৰ, তথাপি অনুমান কৰা হৈছে সেইখন ৰাজ্যত আঞ্চলিক দলৰ চৰকাৰেই থাকিব৷ হয়তো ভাজপাৰ দুই-এখন আসন বৃদ্ধি হ’ব পাৰে৷

সকলোৰে দৃষ্টি কিন্তু ত্ৰিপুৰাৰ ওপৰত৷ মাৰ্ক্সবাদী কমিউনিষ্ট দলে সেইখন ৰাজ্যত পুনৰ ক্ষমতালৈ অহাৰ বাবে উঠি-পৰি লাগিছে৷ তেওঁলোকৰ জোঁটত কংগ্ৰেছ দলো আছে৷ ইয়াৰ বিপৰীতে ভাজপাই ক্ষমতালৈ পুনৰ ঘূৰি অহাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে৷ এনেয়ো ভাজপাৰ ধনবলৰ ওচৰ চাপিব কোনো দল নোৱাৰে। অসমৰ পৰা বৃহৎ পৰিমাণৰ নিৰ্বাচনী অভিযানৰ ব্যয় ভাজপা দলে সংগ্ৰহ কৰা বুলি প্ৰকাশ পাইছে৷ ৰমক-জমক নিৰ্বাচনী অভিযান ভাজপা দলে চলাইছে, নতুন দিল্লী আছেই৷

ত্ৰিপুৰাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শক্তিশালী ভিত্তি আগৰে পৰা আছিল– এতিয়া ধনে-জনে সংঘ আগতকৈ বহু শক্তিশালী৷ ত্ৰিপুৰাত যেনে-তেনে ক্ষমতাত বাহাল থাকিব লাগিব, নাগপুৰ আৰু দিল্লীৰ এই নিদ্দেৰ্শ৷

মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে অকলশৰীয়াকৈ ত্ৰিপুৰাৰ নিৰ্বাচনী যুঁজত বিস্তাৰ কৰিব পৰা নাই৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত সম্পূৰ্ণ অনিশ্চয়তাৰ সৃষ্টি কৰিছে ত্ৰিপুৰাৰ খিলঞ্জীয়া অধিবাসী ত্ৰিপুৰীসকলৰ উত্থানে ৷

ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ মুৰব্বী প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মাৰ নেতৃত্বত গঢ় লৈ উঠা তিপ্ৰাহা খিলঞ্জীয়া প্ৰগতিশীল আঞ্চলিক মৰ্চাই ত্ৰিপুৰাৰ সমূহ জনজাতীয় খিলঞ্জীয়া ভোট লৈ যায় বুলি ভাজপাৰ ভয় হৈছে৷

সেইবাবে ভাজপাৰ নেতাসকলে বাম মৰ্চাতকৈও বেছিকৈ আক্ৰমণ কৰিছে খিলঞ্জীয়া আঞ্চলিক মৰ্চাক৷ মোডী আৰু অমিত শ্বাহেও লক্ষ্য কৰি লৈছে আঞ্চলিক মৰ্চাক৷ এই আক্ৰমণৰ এটা অন্তৰ্নিহিত গভীৰ উদ্দেশ্য আছে৷ সকলোৱে জানে যে ক্ষমতা অধিকাৰ কৰিব নোৱাৰিলেও খিলঞ্জীয়া মৰ্চাই ত্ৰিপুৰাত যদি এটা শক্তিশালী ৰাজনৈতিক শক্তি হিচাবে থিয় দিব পাৰে, তেনেহ’লে তাৰ প্ৰভাৱ সমগ্ৰ অঞ্চলটোত পৰিব আৰু বিশেষকৈ এনে এক উত্তৰণে অসমতো খিলঞ্জীয়া জনগণৰ উৎত্থান সম্ভৱ কৰি তুলিব পাৰে৷ ইয়াৰ প্ৰভাৱ ভাজপাৰ বাবে ২০২৪ আৰু ২০২৬ত সুখকৰ নহ’ব। সেই কথা মোডী-অমিত শ্বাহ আৰু নাগপুৰে ভালকৈ জানে৷

সেইবাবে নিৰ্বাচনী সভাবোৰত ভাজপাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে খিলঞ্জীয়া মৰ্চাক, আনকি বাওঁমৰ্চাৰ বিৰুদ্ধেও সিমান কটুক্তি কৰা নাই, যিমানে কৰিছে প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মাৰ নেতৃত্বত গঢ় লৈ উঠা খিলঞ্জীয়া মৰ্চাৰ বিৰুদ্ধে৷

আন এক উল্লেখযোগ্য পৰিঘটনা৷ বহু প্ৰচেষ্টাৰ পিছতো ত্ৰিপুৰাৰ খিলঞ্জীয়া মৰ্চা [Tipra Motha]ই নিৰ্বাচন যুঁজিবলৈ সংগী নাপালে– অকলেই যুঁজিব লগা হ’ল৷ অসমতো এনে এক অৱস্থা হ’ব পাৰে আৰু তাৰ বাবে এতিয়াৰ পৰাই আটায়ে সাজু থাকিব লাগিব৷

ত্ৰিপুৰাৰ নিৰ্বাচনে এটা গুৰুত্বপূৰ্ণ ‘ইছু’ সমুখলৈ আনিছে৷ সেয়া হ’ল পূৰ্বৰ বাসিন্দাসকলক ক্ৰমে ক্ৰমে সংখ্যালঘুত পৰিণত কৰিব বিচৰা প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে খিলঞ্জীয়া জনগণৰ অধিকাৰ সাব্যস্ত কৰিব বিচৰা এক মহাৰণ৷ স্বাধীনতাৰ সময়ত ত্ৰিপুৰাৰ জনজাতীয় খিলঞ্জীয়া লোকসকল গৰিষ্ঠ আছিল। এতিয়া তেওঁলোকে ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ত্ৰিছ শতাংশ মাঁথোন৷ সেইবাবে ত্ৰিপুৰাৰ এইবাৰৰ নিৰ্বাচনক বহুতে অখ্যা দিছে ত্ৰিছ শতাংশ খিলঞ্জীয়াৰ নিজভূমিত স্ব-অধিকাৰ সাব্যস্ত কৰাৰ ৰণ বুলি [দুৰ্ভাগ্যজনকভাৱে নতুন দিল্লীৰ অবিৰত ষড়যন্ত্ৰৰ ফল স্বৰূপে অসমতো অনুৰূপ অৱস্থাৰ সৃষ্টি হ’বলৈ গৈ আছে আৰু উত্তৰ ভাৰতীয় হিন্দী বলয়ৰ ৰাজনীতিৰ কৰাল গ্ৰাসত খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব অতি দুখজনকভাৱে সোমাই পৰিছে৷ ]

নাগৰিকত্ব আইনৰ উদ্দেশ্যপ্ৰণোদিত সংশোধনে আমাক যেনেকৈ ক্ষতি কৰিবলৈ আগবাঢ়িছে, ত্ৰিপুৰাৰ ক্ষেত্ৰতো অনুৰূপ ফলাফল ইতিমধ্যেই উপলব্ধ হৈছে৷ নকলেও হ’ব যে ‘কা’ৰ একমাত্ৰ উদ্দেশ্য হ’ল উত্তৰ পূৰ্বাঞ্চলক খিলঞ্জীয়া জনগণক বশীভূত কৰা আৰু তেওঁলোকৰ হাতৰ পৰা সমূহ ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰ কাঢ়ি লোৱা৷

ত্ৰিপুৰাৰ নিৰ্বাচন সেইবাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হ’বলৈ আগবাঢ়িছে৷

তিপ্ৰা মথাৰ লগত এটা বুজাবুজি কৰিবলৈ এটা সময়ত ভাজপাই উঠি-পৰি লাগিছিল, কিন্তু তিপ্ৰা মথাই তেওঁলোকৰ দাবীত অটল হৈ থকাৰ বাবে বুজাবুজি সম্ভৱ নহ’ল৷ তিপ্ৰা মথাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দাবীটো আছিল পূৰ্বাঞ্চলৰ সমস্যাসমূহৰ [অকল ত্ৰিপুৰাৰ কথা কোৱা নাই] এক সংবিধানিক সমাধান যাৰ অধীনত অঞ্চলটোৰ খিলঞ্জীয়া জনগণৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিবৰ বাবে প্ৰয়োজন হ’লে সংবিধানৰ ব্যাপক সংশোধন৷ সেইবাবেই ভাজপা তিপ্ৰা মথাৰ উত্তৰণক বাধা দিবলৈ বদ্ধপৰিকৰ৷

তিপ্ৰা মথাৰ সাফল্যই আজি দিব পূৰ্বাঞ্চলৰ সমগ্ৰ খিলঞ্জীয়া জাতিসত্ত্বাৰ মাজত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে এক নৱজাগৰণৰ৷

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description