সম্পাদকীয়
চৰকাৰী আঁচনিৰে ভোটবেংক

কিছু বছৰৰ পূৰ্বতে অসমত আমি ভোটবেংকৰ কথা শুনিছিলোঁ৷ কংগ্ৰেছ দলে নিৰ্বাচন জিকিবলৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিভিন্ন ঠাইত বহিবলৈ এৰি দি নিজৰ ভোটবেংক গঢ়ি তোলাৰ কথা আটায়ে জানিছিল৷

ভঙা যোৱাৰ আগে আগে কংগ্ৰেছ দলৰ চৰকাৰেই বৰ্তমানৰ ভাজপা চৰকাৰৰ কাণ্ডাৰী কেইজনমানৰ যোগেদি বিভিন্ন সামগ্ৰী বিতৰণৰ যোগেদি ভোটবেংক গঢ়ি তুলিবলৈ যত্ন কৰিছিল আৰু কিছু সফলতাৰ মুখো দেখিছিল৷

ভাজপা চৰকাৰ দেশত হোৱাৰ পিছত আৰু অসমতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ৰথী- মহাৰথীসকলে ভাজপা হৈ শাসন দখল কৰাৰ পিছত এনে ধৰণৰ ‘কৃতজ্ঞ ভোটাৰ’ সৃষ্টিৰ ব্যৱস্থাটো পূৰ্বতকৈ এশগুণ শক্তিশালী হ’ল৷

উন্নয়নৰ আঁচনিসমূহ সলাই পেলোৱা হ’ল– তাৰ ঠাইত আহিল এনে কিছুমান আঁচনিবহিৰ্ভূত ব্যৱস্থা, যিবোৰৰ অধীনত দুখীয়া বা নিম্ন মধ্যবিত্ত মানুহৰ মাজত টকা-পইছা অথবা বিবিধ সামগ্ৰী বিতৰণ কৰি এক বৃহৎসংখ্যক ‘হিতাধিকাৰী’ অথবা কৃতজ্ঞ মানুহৰ সৃষ্টি কৰা হৈছে আৰু এই মানুহখিনিক শাসনাধিস্থ দলৰ স্থায়ী ভোটবেংক হিচাবে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে৷

উন্নয়নৰ কোনো স্থায়ী আঁচনি নাই এতিয়া চৰকাৰৰ, মন্ত্ৰীসকলে প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰীয়ে দিলখুচ হ’লে হাজাৰ হাজাৰ কৌটি টকাৰ আঁচনি জনসভাত ঘোষণা কৰিব পাৰে৷ এনেকুৱা ‘কৃতজ্ঞ ভোটাৰ’ সৃষ্টিৰ প্ৰচেষ্টাত অসমত ব্যাপকৰূপে সফল হোৱাৰ পিছত উত্তৰ প্ৰদেশত তাৰ এখন বিস্তৃত ৰূপায়ণ হ’ল আৰু তাতো ভাজপা সফল হ’ল৷

তাত হিন্দীত কোৱা হ’ল যে এক বৃহৎ ‘লাভাৰ্থী বৰ্গ’ প্ৰতিষ্ঠা কৰা হ’ল আৰু এনেকৈ লাভৱান হোৱাসকল ভাজপাৰ ভোটাৰ হ’ল৷ পোনপটীয়া আৰ্থিক বা বয়-বস্তুৰ বিতৰণৰ আঁচনিসমূহৰ লোক সভা বা বিধান সভাত আলোচনা নহ’ল, নীতি আয়োগো ৰাবাৰ ষ্টাম্প হৈ পৰিল, আৰু অৰ্থনৈতিক পৰিকল্পনাৰ কথা কোৱাসকলক বুঢ়া আঙুলি দেখুৱাই ভোটবেংকৰ ৰাজনীতিয়ে গজালি মেলিলে৷

এতিয়া ২০২৪১ লোকসভা নিৰ্বাচনৰ বাবে এই ভোটবেংকৰ প্ৰসাৰ কৰিব বিচৰা হৈছে৷ প্ৰধান মন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক আদেশ দিছে যে দেশৰ বিভিন্ন ঠাইলৈ গৈ ‘হিতাধিকাৰী’ক লগ ধৰিব লাগে আৰু ‘কৃতজ্ঞ’ ভোটাৰৰ ভিত্তি অধিক সবল কৰিব লাগে৷ এতিয়া ভাজপা দলৰ সদস্য কৰাৰ কথা ক’বলৈ এৰি দিছে তাৰ ঠাইত ক’বলৈ ধৰিছে কৌটি কৌটি ‘কৃতজ্ঞ ভোটাৰ’ৰ কথা৷

চৰকাৰী ধনেৰে ই দলীয় ভোটবেংক সবলীকৰণৰ ব্যৱস্থা৷ অৱশ্যে ভাজপা দলে হয়তো সাধাৰণ মানুহখিনিক কিনি ল’ব পাৰিব বুলিয়েই ভাবিছে৷ কিন্তু ভাৰতীয় অথবা অসমীয়া মানুহ ইমান মেৰুদণ্ডবিহীন নহয়৷ সময়ে ক’ব তেওঁলোকৰ শক্তি আৰু সামৰ্থ্য কিমান৷

উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ সময়ত এই কথা গম পোৱা গৈছিল যে বিভিন্ন হিতাধিকাৰী আঁচনিৰ জৰিয়তে নিম্ন মধ্যবিত্ত পৰিয়াল এটাক দিয়া হৈছিল এটা ঘৰ, পানীৰ সংযোগ, এটা পায়খানা, গেছ চিলিণ্ডাৰ আৰু চুলা, নামমাত্ৰ মূল্যত ৰেচন, নিয়োগ প্ৰতিশ্ৰুতি আৰু কৃষিৰ বাবে নগদ সাহায্য সকলোবোৰ মিলি প্ৰায় তিনি লাখ টকাৰ সাহায্য৷

আঁচনিবোৰৰ ৰূপায়ণ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা পোনপটীয়াকৈ নিৰীক্ষণ কৰা হৈছিল৷ কাৰণ উত্তৰ প্ৰদেশৰ নিৰ্বাচন জিকাটো ভাজপাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আছিল৷

উত্তৰ প্ৰদেশৰ আৰ্হি এতিয়া ২০২৪ৰ আগে আগে সমগ্ৰ দেশলৈ সম্প্ৰসাৰিত কৰাৰ বাবে আঁচনি ৰূপায়ণ আৰম্ভ হৈছে৷

গোটেই দেশখনক কৰি পেলাব খোঁজা হৈছে এক কৃতাৰ্থ ভোটাৰৰ ভোটবেংক৷ প্ৰধান মন্ত্ৰীৰ আবাস যোজনা, উজ্জ্বলা যোজনা, জনধন আঁচনি, কিষাণ নিধি আঁচনি, বিনামূলীয়া ৰেচন আদি বহু আঁচনিৰ যোগেদি হিতাধিকাৰী সৃষ্টি কৰি ভোটবেংক গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে৷

সাধাৰণ মানুহখিনিৰ অৰ্থনৈতিক সবলতা বৃদ্ধি আটায়ে বিচাৰে৷ কিন্তু এইবোৰৰ স্থায়িত্ব কিমান? ভোটবেংক কৰিবলৈ যাওঁতে আজি দেশৰ অৰ্থনীতি সৰ্বনাশৰ সন্মুখীন হৈছে, শ্ৰীলংকাৰ অৱস্থাই এদিন ভাৰতৰো অৱস্থা হ’ব বুলি অৰ্থনৈতিক পণ্ডিতসকলে চিন্তা ব্যক্ত কৰিছে৷ আৰু দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক সম্পূৰ্ণ আওকাণ কৰি কেৱল শাসকীয় দলৰ ভোটবেংক সৃষ্টিৰ বাবে ইখনৰ পিছত সিখন আঁচনি প্ৰস্তুত কৰাটো কিমানখিনি সমীচিন হৈছে সময়ে ক'ব৷

জনসাধাৰণক সদায় সকলো কথাতে ভুলকৈ পৰিচালনা কৰাটো সম্ভৱ নহয়৷ যি দিছে সেয়া জনসাধাৰণৰ প্ৰাপ্য– কিন্তু তাক ভোটলৈ ৰূপান্তৰ কৰাৰ যি ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে জনসচেতনতা গঢ়ি তোলাটো হ’ব আমাৰ প্ৰধান লক্ষ্য৷।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য

Image Description