সম্পাদকীয়
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত পেঁচ

প্ৰথম পৰীক্ষণত বিদেশীৰ সংখ্যা ওলাল ৩৯ লাখ। দ্বিতীয় পৰীক্ষণত ওলাল ১৯ লাখ। অলপ ইফাল-সিফাল হ’ব পাৰে।

কিন্তু পঞ্জীখন ত্ৰুটিপূৰ্ণ। ই অসম্পূৰ্ণ। পুনৰীক্ষণৰ প্ৰয়োজন আছে। এইয়া আছিল ছাত্ৰ সন্থাৰ স্পষ্ট মত।

বিজেপি দলে অসম চুক্তিখনকে বিৰোধিতা কৰে। মাঁথো ভোট পাবলৈ কয় 'আখৰে আখৰে পালন কৰা হ'ব।' অসম আন্দোলনকাৰীৰ বহুতে টোপটো গিলি আহিছে।

দুয়োটা পৰীক্ষণৰ সংখ্যা দুটাৰ অমিল গ্ৰহণযোগ্য নহয়। পিয়লৰ আৰু ভোটাৰ তালিকাবোৰে আৰু ডাঙৰ সংখ্যাৰ ইংগিত দিয়ে। ক’ৰবাত গোলমাল হৈছে।

প্ৰক্ৰিয়াটো প্ৰায় পাঁচ বছৰ চলিছিল। ১৪০০ কোটী টকা খৰচ হৈছিল। উচ্চতম ন্যায়ালয়ে কেইবাবাৰো ৰাজ্য চৰকাৰক সকিয়াই দিছিল। ঠিকমতে প্ৰশাসনে সহযোগ কৰা নাছিল। অহৰহ বিষয়াৰ অদল-বদল চলিছিল। ন্যায়ালয়ে বাধা দিলেও চলিছিল। কেন্দ্ৰৰ বিজেপি চৰকাৰৰো সমৰ্থন আছিল। একে দলৰ চৰকাৰ।

ন্যায়ালয় সমালোচনাৰ উৰ্ধত নহয়। আমাৰ সেই অধিকাৰ আছে। উচ্চতম ন্যায়ালয়েও বন্ধ খামৰ ব্যৱস্থাক অহেতুক উদগনি দিছিল। খামবোৰৰ কথা কোনো পক্ষই জানিব নোৱাৰিলে। এইটোও ঠিক যে আগৰ সমন্বয়কক জবাবদিহি কৰিব লাগিছিল। একেটা প্ৰশ্নৰ দুটা উত্তৰৰ বাবে।

বিষয়টো এতিয়াও উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন। বিচাৰ সোনকালে হোৱা উচিত। ছাত্ৰ সন্থাই উদ্যোগ লোৱা উচিত। একে দলৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মতলব অনুধাৱন কৰিলে সকলোৰে বাবে মঙ্গল।

বৰ্তমানৰ অনিশ্চিত পৰিস্থিতিৰ বাবে দায়ী একে দলৰ দুয়োখন চৰকাৰ। প্ৰথমৰ পৰাই সদিচ্ছাৰ অভাৱ জলজল পটপট হৈ ওলাইছিল। ।

বসন্ত ডেকা

Image Description