সম্পাদকীয়
দেশ কোন দিশে?

বিজেপিৰ এটা শেহতীয়া সিদ্ধান্তই সচকিত কৰিছে।

জীৱ উৎপত্তি এটা প্ৰকৃতিৰ ঘটনা। জীৱৰ বিৱৰ্তন এটা প্ৰকৃতিৰ ঘটনা। সূক্ষ্ম জীৱৰ পৰিবৰ্তন হৈ হৈ লাখ লাখ বছৰৰ মূৰত মানুহৰ সৃষ্টি হৈছে।

ঠিক যিদৰে মানুহৰ আগতেই বান্দৰৰ সৃষ্টি হৈছিল। তাৰো আগতে বৃহৎ জীৱবোৰে পৃথিৱীৰ বুকুত জীয়াই আছিল। প্ৰাকৃতিক কাৰণতে সেইবোৰ বিলুপ্ত হ'ল। নতুন জীৱলৈ পৰিবৰ্তন হ'ল।

জীৱ বিকাশ আৰু পৰিৱৰ্তন হৈছে। আবিষ্কাৰ কৰিছিল চাৰ্লছ ডাৰউইনে। বিজ্ঞানৰ মহৎ আৱিষ্কাৰ। মানুহ বোলা প্ৰাণীটো ক'ৰবাৰ পৰা সৰি পৰা নাছিল। কোনো ঐশ্বৰিক শক্তিয়ে জীৱৰ জন্ম দিয়া নাই। দিব নোৱাৰে। ডাৰউইনৰ আৱিষ্কাৰ হ'ল বিৱৰ্তনবাদ।

বিজেপিয়ে দশম শ্ৰেণীৰ পৰা বিৱৰ্তনৰ অধ্যয়ন উঠাই দিলে। ই ধৰ্মান্ধ মনৰ চূড়ান্ত প্ৰকাশ। দেশৰ ১৮০০ বিজ্ঞানী আৰু শিক্ষাবিদে ঘোৰ আপত্তি জনাইছে। দেশত বিজ্ঞান মানসিকতাৰ বাতাবৰণ বিঘ্নিত হ'ব। এই বিষয়ে কোনো সন্দেহ থাকিব নালাগে।

বিজেপিৰ এনেবোৰ সিদ্ধান্ত সলনি হ'ব লাগিব। সেইবাবেই ৰাজনৈতিক পৰিৱৰ্তন জৰুৰী হৈ পৰিছে।

গেলিলিঅ'ই ক'লে পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে। ধৰ্মান্ধ যাজকে গেলিলিঅ'ক শাস্তি দিলে। গেলিলিঅ' জিলিকি থাকিল। যাজকে ক্ষমা খুজিলে।

এই সিদ্ধান্তই দেশক বহু পিছুৱাই নিব। দেশৰ গৱেষণা স্তিমিত হ'ব। আনৰ ওপৰত অধিক নিৰ্ভৰশীল হ'বলৈ বাধ্য। দেশৰ উন্নতি নিৰ্ণয় কৰে গৱেষণাই।

দেশৰ বৌদ্ধিক বিকাশ সচাঁকৈয়ে অমানিশাৰ পিনে আগবাঢ়িল।।

বসন্ত ডেকা

Image Description